গুৱাহাটীত সাংবাদিক ক্ৰীড়াৰ মহাকুম্ভ

p.c. Sky Sports

গুৱাহাটীত সাংবাদিক ক্ৰীড়াৰ মহাকুম্ভ

ৰঙিলী বাৰ্ত্তাসেৱা-  উত্তৰ পূৰ্বাঞ্চলৰ সংবাদ ক্ষেত্ৰত বন্ধুত্বৰ এনাজৰী টনকিয়াল কৰাৰ মহামেলা আৰম্ভ হ’ব গুৱাহাটীৰ জৰ্জ খেলপথাৰত। সংবাদ মাধ্যমৰ জগতত বিৰামহীন ব্যস্ততাৰ মাজত অকণমান অৱসাদ দূৰ কৰাৰ লগতে সাতভনীৰ সাংবাদিক ভাই-ভনীৰ সৈতে বন্ধুত্ব আৰু মিলাপ্ৰীতিৰ চানেকি স্বৰূপ হৈ পৰিছে ৰেইছমোদী নুনিছা সোঁৱৰণি উত্তৰ পূব মিডিয়া ক্ৰিকেট প্ৰতিযোগিতা। কাইলৈৰ পৰা জজ ফিল্ডত আৰম্ভ হ’ব উত্তৰ পূৰ্বাঞ্চলৰ একতাৰ প্ৰতীক তৃতীয় ৰাইচমোদী নুনিছা সোঁৱৰণী উত্তৰ পূব মিডিয়া ক্ৰিকেট চেম্পিয়নছ ট্ৰফী ২০২২ । উল্লেখযোগ্য যে এভাৰগ্ৰীণ গ্ৰুপৰ দ্বাৰা আয়োজিত ১০ দিনীয়াকৈ চলিব লগা এই টুৰ্ণামেণ্টখন অন্ত পৰিব ৪ ফেব্ৰুৱাৰীত । প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা মুঠ ১২ টা দলক ৪ টা গ্ৰুপত ভাগ কৰা হৈছে । গ্ৰুপ ‘এ’ ত আছে ডি ডি কে , এন ডি ২৪, শ্বিলং প্ৰেছ ক্লাব; গ্ৰুপ ‘ বি ‘ ত আছে এন কে টি ভি , নিউজ টাইম অসম , কাৰ্বি আংলং প্ৰেছ ক্লাব ; গ্ৰুপ চি ত আছে প্ৰতিদিন টাইম , অসমীয়া প্ৰতিদিন , শিলচৰ প্ৰেছ ক্লাব আৰু গ্ৰুপ ডি ত আছে ডি এ নিউজ প্লাছ , প্ৰাগ নিউজ আৰু মাই নিউজ এন ই । মঙ্গলবাৰৰ পুৱা ৯ বজাৰ পৰা প্ৰথম মেচত মাই নিউজ এন ইয়ে প্ৰাগ নিউজৰ বিৰুদ্ধে খেলিব । দিনৰ ১১.৩০ বজাত এক চমু উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হৈছে । ইয়াৰ পাছতে ডি ডি কে আৰু শ্বিলং প্ৰেছ ক্লাবৰ মাজত দ্বিতীয়খন মেচ আৰম্ভ হব । ২৬ জানুৱাৰীত কোনো মেচ নহয় । প্ৰতিযোগিতাৰ ২ ফেব্ৰুৱাৰীত দুয়োখন ছেমি ফাইনেল আৰু ৪ ফেব্ৰুৱাৰী পুৱা ১০ বজাৰ পৰা ফাইনেল অনুষ্ঠিত হ’ব । লক্ষণীয়ভাৱে এই প্ৰতিযোগিতাৰ সময়তে ৪ খন প্ৰীতি ক্ৰিকেট মেচ অনুষ্ঠিত হ’ব । ইয়াৰ ভিতৰত ৩০ জানুৱাৰীৰ পুৱা প্ৰাক্তন ৰঞ্জি দলে মিডিয়া ছুপাৰ কিংছৰ বিৰুদ্ধে , ১ ফেব্ৰুৱাৰীৰ বিয়লি প্ৰাইভেট আই টি এণ্ড টেলিকম এছচিয়েচন ( পিটা )ৰ বিৰুদ্ধে মিডিয়া ছুপাৰ কিংছে, ৩ ফেব্ৰুৱাৰীৰ পুৱা জনসংযোগে মিডিয়া ছুপাৰ কিংছৰ বিৰুদ্ধে আৰু বিয়লি প্ৰাইভেট আই টি এণ্ড টেলিকম এছচিয়েচন ( পিটা) ৰ বিৰুদ্ধে মিডিয়া ছুপাৰ কিংছে খেলিব । ক’ভিড পৰিস্থিতিৰ মাজতে এই টুৰ্ণামেণ্ট আয়োজনত সহযোগিতা কৰিছে মাই নিউজ এন ই , পিটা, অসম ক্ৰিকেট সন্থা , সুকল্প ফাউণ্ডেচন , বন্ধন বেংক , এন ডি ২৪ , ইউ এছ টি এম আৰু কল্পতৰু প্ৰিমিয়াৰ এডুৱে । এইবেলি প্ৰতিযোগিতাখনৰ মিডিয়া পাৰ্টনাৰ হিচাপে আছে গণ অধিকাৰ আৰু প্ৰাত:খবৰ। ইপিনে প্ৰতিযোগিতাখনে পূৰ্বৰ দৰে উত্তৰ পূবৰ ৭ ৰাজ্যৰ মাজত সমন্বয় বৃদ্ধি কৰিব বুলি আশা প্ৰকাশ কৰিছে আয়োজক কমিটীৰ সভাপতি উদয় বৰগোহাঁয়ে৷