ভাৰতত পুনৰ বৃদ্ধি কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা

Pc NPR

ভাৰতত পুনৰ বৃদ্ধি কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতত যোৱা ২৪ ঘণ্টাত ১৬,৭৬৪ জন লোক নতুনকৈ কৰ’নাত সংক্ৰমিত হৈছে।ভাৰতত কৰ’নাত সংক্ৰমিত লোকৰ সংখ্যা ৩,৪৮,৩৮,৮০৪ জনলৈ বৃদ্ধি হয়।  দেশখনত নতুনকৈ ২২০ জন লোকৰ মৃত্যু হৈছে। যাৰ ফলত ভাৰতত মৃত্যু হোৱা লোকৰ সংখ্যা ৪,৮১,০৮০ জনলৈ বৃদ্ধি পাইছে। যোৱা ২৪ ঘণ্টাত ৭,৫০০ জন লোক কৰ’না সংক্ৰমণৰ পৰা সুস্থ হৈ উঠিছে। যাৰ ফলত কৰ’না সংক্ৰমণৰ পৰা সুস্থ হৈ উঠা লোকৰ সংখ্যা ৩,৪২,৬৬,৩৬৩ জন। আনহাতে ভাৰতত বৰ্তমান ৯১,৩৬১ টা সক্ৰিয় ঘটনা আছে।