৮৩সংখ্যক মন কি বাত কাৰ্যসূচীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দেশবাসীক সম্বোধন

pc- hindustan times

৮৩সংখ্যক মন কি বাত কাৰ্যসূচীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দেশবাসীক সম্বোধন

ৰঙিলী বাৰ্ত্তাসেৱা- ৮৩সংখ্যক মন কি বাত কাৰ্যসূচীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক সম্বোধন কৰে। এই কাৰ্যসূচীত প্রধানমন্ত্রী মোদীয়ে ৭০টাতকৈ অধিক ষ্টাৰ্ট আপ ভাৰতে চলাই থকা বিষয়টোত সন্তুষ্টি ব্যক্ত কৰে। এই ষ্টার্ট আপসমূহে ১০০ কোটি ডলাৰতকৈ অধিক মূল্য অতিক্ৰম কৰা বুলি উল্লেখ কৰে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ১৯৭১ত পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ জয়ৰ স্বৰ্ণজয়ন্তী উপলক্ষে সশস্ত্র বাহিনীক প্ৰশংসাও কৰে প্ৰধানমন্ত্রী মোদীয়ে। ভাৰতে ডিচেম্বৰ মাহতে নৌ সেনা দিবস পালন কৰিব। একে সময়তে প্রধানমন্ত্ৰীগৰাকীয়ে ‘সব কা সাথ, সব কা বিকাশ’ বিষয়টোক পুনৰ গুৰুত্বসহকাৰে উপস্থাপন কৰে।