বৰপথাৰত প্ৰশাসনে ছীল কৰিলে আটছবাজীৰ গুদাম 

বৰপথাৰত প্ৰশাসনে ছীল কৰিলে আটছবাজীৰ গুদাম 

মৃগাংক বৰুৱা,গোলাঘাট,ৰঙিলী বাৰ্ত্তাসেৱা- ধনশিৰি মহকুমাৰ বৰপথাৰত প্ৰশাসনে ছীল কৰিলে ফটকাৰ গুদাম । দেৱালী উপলক্ষে প্ৰদুষণ নিয়ন্ত্রণ বৰ্ডৰ নিৰ্দেশনা অনুসৰি ফটকা বিক্ৰীৰ বাবে একাংশ ব্যৱসায়ীক অনুমতি দিছিল প্ৰশাসনে । প্ৰশাসনৰ অনুমতি লাভ কৰা বৰপথাৰৰ একাংশ ব্যৱসায়ীয়ে প্ৰদুষণ নিয়ন্ত্রণ বৰ্ডৰ নিৰ্দেশনাক অমান্য কৰি গ্ৰীণক্ৰেকাৰ পৰিপন্থী উচ্চ প্ৰাবল্যৰ ব’ম বিক্ৰী কৰিছিল । ধনশিৰি মহকুমাৰ কাৰ্যবাহী দণ্ডাধীশ প্ৰাণজিল গগৈয়ে আৰক্ষী ৰ সহযোগত চলোৱা অভিযানত পোহৰলৈ আহে ব্যৱসায়ী সকলৰ মিথ্যাচাৰ । দণ্ডাধীশ গৰাকীয়ে অভিযান কালত দুজন ব্যৱসায়ীক ফটকা বিক্ৰীৰ বাবে প্ৰশাসনে দিয়া অনুমতি পত্ৰ বাতিল কৰে । খুচুৰা ব্যৱসায়ীক ফটকাৰ যোগান ধৰা বৰপথাৰ নগৰৰ অনুপ খাটান নামৰ ব্যৱসায়ী জনৰ গ’দাম ছীল কৰে প্ৰশাসনে লগতে কমল পাল নামৰ ব্যৱসায়ী জনৰো অনুজ্ঞাপত্ৰ বাতিল কৰে । ফটকাৰ হ’লছেলাৰ ব্যৱসায়ী অনুপ খাটানে বেআইনী ভাবে গুদামত মজুত কৰি ৰাখিছিল বহু লক্ষাধিক টকাৰ গ্ৰীণক্ৰেকাৰ পৰিপন্থী উচ্চ প্ৰাবল্যৰ ব’ম । উল্লেখ্যোগ্য যে অনুপ খাটানে বহু বছৰৰ পৰা বৰপথাৰৰ লগতে দাতিকাষৰীয়া বহু অঞ্চলৰ খুচুৰা ব্যৱসায়ী সকলক ফটকাৰ যোগান ধৰি আহিছিল ।