ইতিহাস প্রসিদ্ধ নেঘেৰিটিং শিৱদৌল
ৰাজলক্ষ্মী বৰঠাকুৰ,
দেৱৰাজ ৰয় মহাবিদ্যালয় গোলাঘাট
আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত নেঘেৰিটিং শিৱদৌল প্রতিষ্ঠা হৈছিল। আহোম স্বৰ্গদেউ প্রতাপ সিংহই দেৰগাঁৱৰ গেলাবিল নৈৰ কাষত মহাদেৱৰ এটা মন্দিৰ নিমার্ণ কৰিছিল। এই মন্দিৰ নদীৰ পানীয়ে খহাই নিয়াত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই ১৬৮৭ শকত নেঘেৰিটিংৰ টিলাৰ ওপৰত নেঘেৰিটিং শিৱ মন্দিৰ প্রতিষ্ঠা কৰে। লোক প্রবাদ মতে টিলাটোৰ ওপৰত নেঘেৰি চৰাইৰ খোৰোং আছিল বাবে ইয়াৰ নাম নেঘেৰিটিং ৰখা হয়। দেৰগাঁৱৰ শিৱদৌলৰ ঐতিহ্যপূর্ণ বৈশিষ্ট আছিল দেৱদাসী নৃত্য। এই নৃত্য কৰা সকলক “নটী” বোলা হৈছিল। চিনাতলীয়া নটৰ জীয়ৰী ফুলমতী দেৰগাঁৱৰ নটী আছিল। ফুলমতীৰ নৃত্যত মুগ্ধ হৈ স্বৰ্গদেউ শিৱসিংহই ৰাজকাৰেংলৈ নি ফুলশ্বৰী কুঁৱৰী আৰু প্রমথেশ্বৰী নাম দি বৰৰজা উপাধিৰে অসমৰ ৰানী পাতিছিল। দেৰগাঁওৰ পৰা পূৱ ফালে ছয় কি:মি: মান আঁতৰত এক সুন্দৰ প্রাকৃতিক পৰিবেশৰ মাজত নেঘেৰিটিং দৌল অৱস্থিত এই মন্দিৰ পাই দুশ বছৰৰো অধিক পুৰণি বুলি অনুমান কৰা হৈছে। কেইবাটাও চিৰি পাৰ হৈ মন্দিৰৰ মূল প্রবেগ পথ পোৱা যায়। গেটৰ পৰা অলপ দূৰ গলে মন্দিৰৰ বাটচৰা পোৱা যায়। চেপেটা ইটাৰে সজোৱা কদৈশিৰীয়া নেঘেৰিটিং শিৱদৌল আহোম যুগৰ শিল্প কলাৰ এক সুন্দৰ নিদর্শন। মূল দৌলৰ চাৰিওফালে গণেশ, বিষ্ণু, দুগা আৰু সূৰ্য দেৱতাৰ বিগ্রহ আছে। প্রতিটো দৌলৰে এটা আগচৰা আছে। মূল দৌলত বান লিংগ প্রতিষ্ঠা কৰা হৈছে। দেৰগাঁৱৰ শিৱদৌলৰ প্রতি আহোম স্বৰ্গদেউ সকলৰ অসীম ভক্তি আছিল। তেওঁলোকে পূজাৰ নিমালি লৈহে আহাৰ গ্ৰহণ কৰিছিল। ইয়াৰ বাবে দেৰগাঁৱৰ পৰা ৰাজধানী ৰংপুৰলৈ “বৰ আলি ‘নামৰ এটি চমু পথ আছিল। দৌলৰ প্রধান ঠাকুৰ জনক “বৰঠাকুৰ” বোলা হৈছিল। দৌলত পূজা কৰিবৰ কাৰণে স্বৰ্গদেউ প্রতাপ সিংহই ভূধৰ আগমাচাৰ্য্যক পূজাৰী হিচাবে নিয়োগ কৰে। সেই আগমাচাৰ্য্যৰ বংশধৰ সকলে এতিয়াও নেঘেৰিটিং দৌলত সেৱা আগবঢ়াই আছে। (তথ্যৰ সহায়ত)