দেশত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য সৰ্বকালৰ শিখৰত

pc Mint

দেশত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য সৰ্বকালৰ শিখৰত

ৰঙিলী বাৰ্ত্তাসেৱা – দেশৰ সকলো প্ৰান্ততে প্ৰতিলিটাৰ পেট্ৰ’ল আৰু ডিজেলৰ মূল্যই সৰ্বকালৰ শিখৰত উঠিছে। আন্তর্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্য আৰু কৰৰ বাবেই দেশত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য বৃদ্ধি হৈ আছে। তথ্য অনুসৰি, বিগত দুবছৰত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম বৃদ্ধি পাইছে ৩৪ টকাকৈ। অভিলেখ গঢ়িছে পেট্রল ডিজেলৰ মূল্যই। তেনেদৰে প্ৰতিলিটাৰ ডিজেলৰ মূল্য ২৯.৫ টকা বৃদ্ধি পাইছে। ৰাজহুৱা খণ্ডৰ কোম্পানী অইলসহ চাৰি কোম্পানীয়ে আন্তর্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্য আৰু মার্কিন ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্ৰাৰ মূল্যৰ তাৰতম্যৰ আধাৰত প্ৰতি পষেকে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য পুনৰীক্ষণ কৰে। ইয়াৰ আধাৰতেই বিগত কেইবামাহ ধৰি পেট্ৰ’ল আৰু ডিজেলৰ মূল্য বৃদ্ধি কৰি থকা হৈছে। বিগত দুবছৰৰ ভিতৰত প্ৰথম বছৰৰ তুলনাত দ্বিতীয় বছৰত প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য অধিক বৃদ্ধি পাইছে। ঠিক তেনেদৰে অনুৰূপ হৈছে ডিজেলৰ ক্ষেত্ৰতো। এটা বছৰত প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ৩২ শতাংশ বৃদ্ধি পাইছে আৰু দুটা বছৰত ৪৬ শতাংশ বৃদ্ধি হৈছে।