লক্ষ্মী পূজা – হিমাদ্ৰী বৰকটকী

pc anulekhon - blogger

লক্ষ্মী পূজা

হিমাদ্ৰী বৰকটকী,
শিৱনগৰ,
নগাঁও

শংখ বজাই
মাক ঘৰ মাতিছোঁ,
সুগন্ধি ধূপ জ্বলাই
আসন পাতিছোঁ,
বন্তি জ্বলাই
বৰন কৰিম তোমাক
আলোকিত কৰি ৰাখা
প্ৰতিটো ঘৰ।

লক্ষ্মী পূজা দূৰ্গা পূজাৰ পিছতেই পূৰ্ণিমা তিথিত হয়। সেই তিথিক পূৰ্ণিমা তিথি বুলি কোৱা হয়। কাতি মাহত সাধাৰণতে লক্ষ্মী পূজা হয়। লক্ষ্মী দেৱী হ’ল বিষ্ণুৰ পত্নী। তেওঁ ধনৰ অধিস্থাত্ৰি দেৱী। লক্ষ্মী পূজাৰ দিনা ঘৰ দুৱাৰ পৰিস্কাৰ কৰি (চাফ-চিকুন) লক্ষ্মীক আদৰা হয়। চাকি-বন্তি, ধূপ-ধূনা দিনা দিয়া হয় সকলোৰে ঘৰতে। আমপাতৰ মালা দুৱাৰত দিয়া হয়। ঘটত চাউল আৰু আমদালি দি সেন্দুৰ দিয়া হয়। দুৱাৰত সেন্দুৰৰ ফোঁট দিয়া হয়। বিভিন্ন দ্ৰব্য় যেনে নাৰিকল লাৰু, মিঠাই, চিৰা-নাৰিকল, পায়স, নকুলদানা, ফল-মূল, মাহ-প্ৰসাদ লক্ষ্মী মাৰ ওচৰত প্ৰসাদ হিচাপে দিয়া হয়। ঘৰত আলপনা  অঁকা হয়। ধানৰ মুঠি লক্ষ্মী দেৱীৰ ওচৰত  দিয়া হয়। সন্ধিয়া লক্ষ্মীক আৰাধনা কৰা হয় আৰু “লক্ষ্মী পাঁচালি” পঢ়া হয়। শেষত লক্ষ্মী দেৱীৰ ওচৰত অঞ্জলি দিয়া হয়। পূজাৰ অন্তত সকলোৱে মিলি প্ৰসাদ গ্ৰহণ কৰে।

শেষত “মা লক্ষ্মীৰ” আৰাধনাই কঢ়িয়াই আনক সুখ-সমৃদ্ধি আৰু ভোগৰ সম্ভাৱনা। সকলোলৈ লক্ষ্মী পূজাৰ শুভেচ্ছা থাকিল।