দিল্লীত কোভিড-১৯ৰ বাবে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে লকডাউন ২৪ মেলৈ বৃদ্ধি কৰে

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দেশৰ ৰাজধানীত চলি থকা লকডাউন  ২৪ মে‘ৰ ৰাতিপুৱা অৰ্থাৎ এক সপ্তাহলৈ বৃদ্ধি কৰা হ‘ব বুলি ঘোষণা কৰে। “আমি লকডাউনটো আৰু এসপ্তাহৰ বাবে বৃদ্ধি কৰি আছোঁ। কাইলৈৰ (১৭ মে‘ৰ) পৰিৱৰ্তে, লকডাউন অহা সোমবাৰে (২৪ মে‘), দিল্লীত পুৱা ৫ বজালৈ বৃদ্ধি কৰা হৈছে” – কেজৰিৱালে কয়।

২০ এপ্ৰিলত কোভিড–১৯ ৰ ঘটনাৰ তীব্ৰ বৃদ্ধিৰ মাজতে দিল্লী চৰকাৰে লকডাউন আৰোপ কৰিবলৈ বাধ্য হৈছিল। এইটো ১৭ মে‘ৰ পুৱা ৫ বজাত শেষ হোৱাৰ কথা আছিল। ইয়াক চতুৰ্থবাৰৰ বাবে ২৪ মে‘ৰ ৰাতিপুৱালৈ বৃদ্ধি কৰা হৈছে।