ছত্তিশগড়ৰ জশপুৰত দশেৰা শোভাযাত্ৰাত দুর্বৃত্তৰ দ্ৰুতবেগী গাড়ীৰ খুন্দাৰ ফলত এজন লোক নিহত
ৰঙিলী বাৰ্ত্তাসেৱা- ছত্তিশগড়ৰ যশপুৰ জিলাৰ পাঠালগাঁৱত দেৱী দুৰ্গাৰ প্ৰতিমা বিসৰ্জনৰ বাবে উলিওৱা এক ধর্মীয় সমদলত দুর্বৃত্তই দ্ৰুতবেগী গাড়ীৰে খুন্দিওৱাৰ ফলত এজন লোক নিহত হয়। অন্য ১৬জন গুৰুতৰভাৱে আহত হয়। আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি, দ্রুতবেগী গাড়ীৰ খুন্দাত গৌৰৱ আগৰৱালা নামৰ ২১ বছৰীয়া যুৱক এজন ঘটনাস্থলীতে নিহত হয়। আৰক্ষীয়ে গাড়ীখনত থকা দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে । দুই অভিযুক্তই লৈ অহা গাড়ীখন অগ্নিসংযোগ হোৱা অৱস্থাত উদ্ধাৰ কৰে আৰক্ষীয়ে৷ স্থানীয় বাসিন্দাসকলে অভিযোগ কৰা অনুসৰি, বাবলু আৰু চাহুৱে গাড়ীখনত গাঞ্জা তথা অন্যান্য নিচাযুক্ত সামগ্রী কঢ়িয়াই আনিছিল। প্রামাণিক তথ্য নষ্ট কৰিবলৈ দুয়োটা দুর্বৃত্তই গাড়ীখন জ্বলাই দিয়া বুলিও প্রত্যক্ষদর্শীয়ে আৰক্ষীক জনাইছে।