বিজেপি অসমৰ ৰাইজৰ হৃদয়ত আছেঃ খাদ্য, অসামৰিক আৰু যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস

pc Inside Ne

বিজেপি অসমৰ ৰাইজৰ হৃদয়ত আছেঃ খাদ্য, অসামৰিক আৰু যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস

ৰঙিলী বাৰ্ত্তাসেৱা – খাদ্য, অসামৰিক আৰু যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ মহোৎসৱৰ দিনা নিজ সমষ্টি পাটাছাৰকুছিৰ কেইবাখনো সত্ৰত গুৰুজনাক সেৱা জনাই সত্ৰ আৰু নামঘৰসমূহৰ বেদখল উচ্ছেদ কৰাৰ পিছত ইয়াৰ সংৰক্ষণৰ দায়িত্ব ৰাইজৰ বুলি  মন্তব্য কৰে। তেখেতে নিজৰ মন্তব্যত উল্লেখ কৰি কয় – সমগ্র দেশৰ লগতে অসমতো হোৱা মূল্যবৃদ্ধিৰ বাবে আমাৰ চৰকাৰ, আমাৰ মুখ্যমন্ত্ৰী উদ্বিগ্ন। আমাৰ চৰকাৰে যিমান পাৰে মূল্যবৃদ্ধি ৰোধ কৰাৰ চেষ্টা কৰি আহিছে আৰু সেই কথা অসমৰ ৰাইজে জানে। কাৰণ অসমৰ ৰাইজ আমাৰ হৃদয়ত আছে। পাটাছাৰকুছি সমষ্টিৰ কাছকুৰি, বৰঝাৰ, খাৰাধৰা, হীৰাপাৰা, ভদ্ৰকুছি, কঁঠালমূৰা আদি অঞ্চলৰ বহুকেইটা নামঘৰত উপস্থিত হৈ গুৰুজনালৈ সেৱা আগবঢ়াই। সাংবাদিকৰ আগত মূল্যবৃদ্ধি সম্পৰ্কত তেওঁ কয় – অইন ৰাজ্যৰ তুলনাত যেতিয়া অসমত মূল্যবৃদ্ধি কম আছিল তেতিয়া বিৰোধী ক’ত আছিল। আজি মূল্যবৃদ্ধিৰ কাৰণে যিহেতু বিৰোধীসকলে গৰু-ম’হৰ গাড়ী, ই-ৰিক্সাত উঠি প্রতিবাদ কৰাৰ নাটক কৰিছে, গতিকে তেওঁলোকে মূল্যবৃদ্ধি নকমালৈকে ৰিক্সাত উঠক। মূল্যবৃদ্ধিয়ে সমাগত উপ-নির্বাচনত প্ৰভাৱ পেলাব নেকি বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে বিজেপি অসমৰ ৰাইজৰ হৃদয়ত আছে।