সুদীর্ঘ ১২ বছৰীয়া আন্দোলনৰ অন্তত যোৱা ৩ অক্টোবৰত ৰাজ্যত অনুষ্ঠিত হয় বিশেষ টেট

pc Pratiddin Time

সুদীর্ঘ ১২ বছৰীয়া আন্দোলনৰ অন্তত যোৱা ৩ অক্টোবৰত ৰাজ্যত অনুষ্ঠিত হয় বিশেষ টেট

ৰঙিলী বাৰ্ত্তাসেৱা – মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্রী ৰণোজ পেগু আৰু শিক্ষা বিভাগৰ সিদ্ধান্ত মর্মে ৩ অক্টোবৰত অনুষ্ঠিত হয় বিশেষ টেট। এই বিশেষ টেট অনুষ্ঠিত কৰিবলৈ বিগত সময়ছোৱাত চৰকাৰক আহ্বান জনাই আহিছিল সদৌ অসম সংযোগী শিক্ষাকর্মী সন্থাই। সুদীর্ঘ ১২ বছৰীয়া আন্দোলনৰ অন্তত যোৱা ৩ অক্টোবৰত ৰাজ্যত অনুষ্ঠিত হয় বিশেষ টেট। এইবাৰ ৰাজ্যৰ ১৫ হাজাৰৰো অধিক প্রার্থী অৱতীৰ্ণ হয় এই বিশেষ টেটত পৰীক্ষাত। ইয়াৰ বাবে মুখ্যমন্ত্ৰী ড° শৰ্মা আৰু শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুক ধন্যবাদ জ্ঞাপন কৰে সদৌ অসম সংযোগী শিক্ষাকর্মী সন্থাই।  এক প্ৰেছ বিজ্ঞপ্তিযোগে সদৌ অসম সংযোগী শিক্ষাকর্মী সন্থাৰ সভাপতি আবুল কালাম, সাধাৰণ সম্পাদক মৃণাল ৰাজবংশীয়ে পৰীক্ষাৰ ফলাফলত ৩০ শতাংশ বিশেষ ৰেহাই দিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে। উল্লেখ্য যে শেহতীয়াকৈ অনুষ্ঠিত হোৱা এই বিশেষ টেটৰ প্ৰশ্নকাকত কিছু জটিল হোৱা বাবে হতাশাত ভুগিছে সংযোগী শিক্ষাকর্মী সন্থাৰ একাংশ। একেদৰে এইবাৰ বিশেষ টেটত অৱতীৰ্ণ হোৱা বহু প্ৰাৰ্থীৰ বয়স এইবাৰ উকলি যোৱাৰ আশংকাতে চৰকাৰক নম্বৰ ৰেহাই দিবলৈ আহ্বান জনাইছে সংযোগী শিক্ষাকর্মীসকলে। ইতিমধ্যে এই সন্দৰ্ভত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ ওচৰত এখন স্মাৰক-পত্ৰ প্ৰদান কৰিছে সদৌ অসম সংযোগী শিক্ষাকর্মী সন্থাই। ইফালে শিক্ষামন্ত্রী ৰণোজ পেগুৱে এই সন্দৰ্ভত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ শিক্ষা বিভাগৰ আযুক্ত সচিবক নির্দেশ দিছে বুলি জানিব পৰা গৈছে।