উপাসনাৰ তাত্বিক জ্ঞান আৰু ভগবদ্‌প্ৰাপ্তি – অমল শৰ্মা

pc YouTube

উপাসনাৰ তাত্বিক জ্ঞান আৰু ভগবদ্‌প্ৰাপ্তি

– অমল শৰ্মা

“দেবী প্ৰপন্নাৰ্ত্তিহৰে প্ৰসীদ
প্রসীদ মতোজগতখিলস্য
প্ৰসীদ বিশ্বেশ্বৰী পাহি বিশ্বঃ
ত্বমীশ্বৰী দেবী চৰাচৰস্য।।”

এই চৰাচৰ বিশ্বব্ৰহ্মাণ্ডৰ ঈশ্বৰী জগতৰ প্ৰপান্নাৰ্ত্তি হৰণকাৰিণী অখিল জগতৰ মাতৃ মা দুৰ্গাৰ চৰণত সংসাৰী জীৱই জাগতিক আৰু আধ্যাত্মিক দুয়ো ক্ষেত্ৰতে মুক্তি লাভ কৰিবৰ কাৰণে যুগ-যুগ ধৰি ভক্তসকলে প্ৰাৰ্থনা কৰি আহিছে। জাগতিক বা আধ্যাত্মিক আকুলতাৰে আৰ্ত্তি এৰাবলৈ পৰমজনৰ ওচৰত আত্মনিবেদন কৰাই হ’ল প্ৰপন্নতা। এই প্ৰপন্নতাপ্রাপ্ত হ’বলৈ ভক্তক লাগিব ধৰ্মৰ ওপৰত বিশ্বাস, উপাসনাৰ তাত্বিক জ্ঞান।

এই লেখাৰ মূল বিষয়বস্তু উপাসনাৰ তাত্বিক জ্ঞানৰ বিষয়ে আলোচনা কৰাৰ আগতে উপসনা কি জনা দৰ্কাৰ বেদান্তসাৰ নামৰ শাস্ত্ৰত কৈছে – “উপাসনানি সগুনব্রহ্ম বিষয়ক মানসব্যাপাৰ ৰূপানি” – অর্থাৎ সগুন ব্ৰহ্মৰ প্ৰতি মনৰ ক্ৰিয়া বিশেষনেই হৈছে – উপাসনা।

মহামায়াই এই ত্রিভূবনত ওতঃপ্ৰোতভাৱে বিৰাজ কৰি আছে। আমাৰ শৰীৰৰ বাহিৰে ভিতৰে প্ৰতি অণুপৰমাণুতে তেওঁ বিদ্যমানা। সেয়ে ঋকবেদীয় যুক্তত তেওঁ নিজেই কৈছে –

“অহমেব বাত ইব প্রবাস্যাৰভমানা
ভূবনানি বিশ্বা।
পৰো দিবা পৰ এনা পৃথিব্যৈ তাবতী
মহিমা সম্ভভূব।।”

অর্থাৎ মই নিজেই এই ত্ৰিভূবন সৃষ্টি কৰি ইয়াৰ বাহিৰে-ভিতৰে বায়ুৰ দৰে বিৰাজ কৰিছো। পৃথিৱী আদি সমস্ত লোকতে নিজ মহিমাৰে অধিষ্ঠিতা হৈ আছো। সেই মহামায়াই আমাৰ চৌদিশে অধিষ্ঠিত আৰু আমি তেওঁৰ উপাসনাৰে সন্নিহিত আছো। তেওঁ নিজৰ শক্তিৰে আমাক শক্তিমান কৰিছে নিজৰ চৈতন্যৰ দ্বাৰা আমাৰ চৈতন্য সম্পাদন কৰিছে। প্ৰকৃততে উপাসনাৰ অৰ্থ এনেধৰণে সন্নিধান কৰাটো নুবুজায়। তেওঁৰ ধ্যানত তেওঁৰ প্ৰাণত মগ্ন হৈ তেওঁৰ সত্বাত নিজ সত্বাক দুবাই ৰখাই হ’ল উপাসনাৰ লক্ষ্য।

যিদিনা আমাৰ অন্তৰে অন্তৰে তেওঁক ধৰি ৰাখিব পাৰিম, তেওঁৰ স্বৰূপ উপলব্ধি কৰিব পাৰিম, তেওঁৰ ভাবসাগৰত নিজৰ অস্তিত্ব ডুবাই ৰাখিব পাৰিম তেতিয়াই হ’ব তেওঁৰ সন্নিধান লাভ। যাক “সগুনব্রহ্ম বিষয়ক মানস ব্যাপাৰ ৰূপানি” বুলি ক’ব পাৰি। ভগৱানৰ প্ৰতি এইধৰণৰ মনৰ ক্ৰিয়াই হ’ল – “প্রকৃত উপাসনা।”

উপাসনা কিয় লাগেঃ

ভগৱান শ্ৰীকৃষ্ণই গীতাত অৰ্জুনক কৈছে –

বহুনিমে ব্যাতীতানি জন্মানি তব চাৰ্জ্জুন

তান্যহং বেদ সর্বানি ন ত্বং বেখ পৰন্তপ।।

“হে অর্জুন! মোৰ আৰু তোমাৰ বহু জন্ম ব্যতীত হৈছে। মই সকলো জানো। কিন্তু হে পৰন্তপ! তোমাৰ জ্ঞান শক্তি আবৃত থকাত একোৱেই গম নাপালা।”

কৰ্মৰ দ্বাৰাই জীৱই জন্ম গ্ৰহণ কৰে আকৌ কৰ্মৰ দ্বাৰাই নষ্টও হয়। দেহ বিনষ্ট হ’লে তৎকৰ্ম সমুদয় কর্ম অনুৰূপ অন্যদেহ প্রাপ্তি কৰোৱায়। মুণ্ডকউপনিষদত কৈছে –

কামান্ যঃ কাময়তে মন্যামানঃ

স কামৰ্ভিজায়তে তত্র তত্র

পৰ্যাপ্তকামস্য কৃতাত্মনস্ত

ইহৈব সৰ্বে প্ৰবিলীয়ন্তি কামাঃ ।

অর্থাৎ যি যেনেকুৱা বিষয় উপভোগৰ কাৰণে কামবান হয় তেনেকুৱা কৰ্মৰ অনুষ্ঠান কৰে তেওঁ সেই বিষয়ৰ উপভোগৰ কাৰণে সেই স্থানত জন্ম পৰিগ্ৰহ কৰি তাক ভোগ কৰে। আৰু যি আত্মতত্ব অবগত হৈ বিষয়ৰ ওপৰত বীতৃষ্ণ হয়, তেওঁৰ ইহজনমতেই সমস্ত কামনা বিলুপ্ত হৈ যায় আৰু বিষয়ভোগৰ কাৰণে বাবে বাৰে জন্ম ল’ব নেলাগে।

আসক্তি বা বাসনাহীন কর্ম ফলোৎপাদিকাহীন ধানৰ দৰে। আসক্তি বা বাসনাই হৈছে জীৱৰ অহং বোধ। এই অহংবোধক কোনোৱে মায়া অবিদ্যা বা অজ্ঞান বুলি অভিহিত কৰে। অহংবোধেই সমস্ত ক্লেশৰ মূল। এই অহংজ্ঞান তিৰোহিত হ’লেই পৰমব্ৰহ্মৰ সাক্ষাৎকাৰ হয়। এই সাক্ষাৎকাৰেই হৈছে পৰম মোৰৰূপ ব্ৰহ্মজ্ঞান। শাস্ত্ৰত এই ব্রহ্মজ্ঞানক আত্মদর্শন বুলিও অভিহিত কৰিছে।

ৰামকৃষ্ণ পৰমহংসই এদিন এজন শিষ্যক কৈছিল -“আমি ম’লে ঘুচিবে জজ্ঞাল।” অর্থাৎ আমিত্ব, অহংভাব ভাব শেষ হলেই জীবৰ মুক্তি সহজলভ্য হৈ পৰে। জীৱৰ বিষয়াসক্তি নষ্ট কৰাই হ’ল উপাসনাৰ মূল লক্ষ্য। এই সংসাৰত যিমানবিলাক ভোগ্য বিষয় আছে, যাৰ দ্বাৰা মানুহ সংসাৰত আবদ্ধ হয় সেই সমূদয় মা জগাত্মাৰ চৰণত সমৰ্পন কৰিব পাৰিলে বিষয়ানুৰাগ নিবৃত্ত হয়। এইয়াই হ’ল উপাসনা যোগ বা কর্মযোগ। ইয়াত জ্ঞান, ভক্তি আৰু কৰ্ম এই তিনিৰ সংমিশ্ৰন আছে বাবেই ইয়াক মিশ্রযোগ বুলিও ক’ব পাৰি।

উপাসনাৰ উপায়ঃ

কোনো এজন ভক্তই ভগৱান প্ৰাপ্তিৰ হেতু উপাসনা কৰিবলৈ হ’লে ভগৱানৰ লগত তেওঁৰ এক নিবিড় সম্পর্ক গঢ়িব পাৰিব লাগিব। ভগৱান বা ভগৱতী এক Supreme Power হয়, কিন্তু তেওঁৰ লগত ভক্তৰ ভক্তিৰ সম্বন্ধ খুব নিবিড় হবই লাগিব। ভগবদ শক্তিৰ প্ৰতি অনুৰাগ জন্মাবলৈ হ’লে সম্বন্ধ স্থাপন কৰা আৱশ্যক। শাক্তসকলে মাতৃভাব, শৈবসকলে পিতৃভাব, বৈষ্ণবসকলে অধিকাৰভেদে পতি, পুত্র, সখা, প্রভূ-প্রভৃতি ভাব, সৌৰ আৰু গাণপত্যসকলে প্রভূভাব প্রতিষ্ঠা কৰিব লাগিব (কৰিব পাৰে)। ৰুচি আৰু অধিকাৰভেদে যি যি সম্বন্ধ ধৰি যিভাবে তেওঁক ভজন নকৰক কিয় তেওঁৰ সেইভাবেই পৰানুৰক্তিৰূপে পৰিণত হৈ ভগবদ প্রাপ্তি হ’ব।

মহামুনি শাণ্ডিল্যই কৈছে -“সা পাণ্ডানুৰক্তিৰীশ্বৰে।”

ভক্তিসুত্ৰত নাৰদে কৈছে – “সা কৰ্ম্মৈ পৰম প্ৰেমৰূপা।”

দেবদেবীৰ লগত সম্বন্ধ স্থাপনেই হৈছে পৰমপ্ৰেম লাভৰ প্ৰথম সোপান। সমস্ত প্ৰকাৰ ভগবদ্ উপাসনাই কোনো নহয় কোনো পার্থিব সম্বন্ধৰ সাদৃশ্যত সংস্থাপিত। সাধকসকলে সেয়ে তেওঁক পিতা, মাতৃ, পতি, প্রভু, সখা ইত্যাদি ভাবত কেতিয়াবা পত্নী কেতিয়াবা পতি ভাবতো উপাসনা কৰে।

মাতৃভাবৰ সাধকসকলে তেওঁক অকল্পিত মাতৃভাবত দেখে। পুত্ৰৰ দৰে মাতৃৰ ওচৰত কিমান যে আবদাৰ, কিমান অভিমান।

মা মা ব’লে আর ডাকিব না

ওম দিয়েছ দিতেছ কতই যন্ত্রনা।।

যেতিয়াই যি ভাব মনলৈ আহে সকলো কথাই মাৰ আগত গাই দিয়ে। খং কৰে, অভিমান কৰে, কান্দে, হাঁহে, প্ৰাৰ্থনা কৰে। শিশুৱে যেনেকৈ নিজ গৰ্ভধাৰিনীৰ লগত যি ব্যৱহাৰ কৰে তেওঁলোকেও (সাধকসকলে) ইষ্টদেবতাৰ লগত তেনে ব্যৱহাৰ কৰে।

খং উঠিলে মাককো গালি দিয়ে। ঠাকুৰ ৰামপ্রসাদেও এদিন নিজৰ প্ৰাণৰ বেদনা জনাবলৈ গৈ কৈছিল – “গণ্ড যোগে জনমিলে সে হয় ‘মা খেকো’ ছেলে এবার তুমি খাও কি আমি খাই মা দুটার একটা ক’রে যাব।”

পিতৃ সাধকসকলে পিতৃদৃষ্টিত ভগবানৰ ওচৰত অনুৰক্ত হয় আৰু তেওঁৰ সেৱা আৰু পৰিচৰ্য্যাত সমস্ত ইন্দ্ৰিয় বৃত্তি বিলাক নিয়োজিত কৰে।

দাস্যভাবত ভগবান প্রভু আৰু সাধক দাস। আদর্শ দাসে যেনেকৈ প্ৰভুৰ সেৱা কৰিবলৈ ব্যস্ত থাকে ভক্তত তেনেকৈ ভগবানৰ সেৱা কৰাত ব্যস্ত। সংসাৰত তেওঁলোকৰ যিমানবিলাক প্রিয়বস্তু আছে তাৰ দ্বাৰা নিজৰ প্ৰভু সেৱা কৰিবলৈ বিচাৰে। দাস্যভাবৰ সেৱা নিস্কাম সেৱা। ভক্ত হনুমানে ৰামৰ দাসত্ব স্বীকাৰ কৰিয়েই ধন্য হৈছে। তেওঁৰ বাবে-

শ্রীনাথে জানকীনাথে অভেদঃ পৰমাত্মনি।

তথাপি মম সৰ্ব্বস্কো ৰামঃ কমল লোচনঃ।।

সগ্যভাবত ভগবানৰ লগত গলাগলি, কোলাকুলি কৰে সাধকসকলে। অর্জুন, শ্রীদাম, সুদাম প্রভৃতি সাধকসকলে কৃষ্ণৰ লগত মনৰ কথা পাতে, কৃষ্ণক কান্ধত তুলি ঘুৰায়, নিজেও কৃষ্ণৰ কান্ধত উঠে, কৃষ্ণক নেদেখিলে জগৎ শূন্য বুলি কান্দি পেলায়। সখ্যভাবৰ সাধকসকলে ভাবে- ভগবান তেওঁলোকৰ দৰেই আনকি ভক্তই ভগবানৰ আৰু ভগবানে ভক্তৰ উচ্ছিষ্ট খাবলৈও কুণ্ঠাবোধ নকৰে।

বাৎসল্য ভাবেৰে ভক্তই ভগবানক নিজপুত্ৰৰ দৰে স্নেহ, মৰম কৰে। বাৎসল্য ভাব নিস্কাম ভাবৰ পৰাকাষ্ঠা। পিতা-মাতাই পুত্ৰৰ পৰা একো নিবিচাৰে। কেৱল পুত্ৰৰ মঙ্গল কামনাৰ বাদে আশা নাই আকাংখা নাই। বাৎসল্য ভাবেই হৈছে অতি কঠিন উপাসনা। বিষয় বিমুঢ় ব্যক্তিৰ পক্ষে ই অতি অসম্ভৱ। নন্দ, যশোদা, মেনকা আদি এই ভাবৰ প্ৰকৃত উদাহৰণ।

মধুৰ ভাবৰ সাধকসকলে ভগবানক নিজৰ পতি ৰূপত কল্পনা কৰি নিজৰ সৰ্বস্ব তেওঁৰ চৰণত অৰ্পণ কৰে। সতীনাৰীয়ে যেনেকৈ পতিৰ বাহিৰে অন্য কোনো পুৰুষকে চিনি নাপায়, ভক্তইয়ো সেইদৰে ভগবানৰ বাদে আন কাৰো চিনি নাপায়, অৱশ্যে হিন্দুৰ বাহিৰে আন কোনো ধৰ্মতে এনেধৰণৰ আত্মসমর্পন নাই। বৃন্দাবনৰ যত গোপী কামগন্ধহীন হৈ মধুৰ ভাবেৰে নিজক কৃষ্ণৰ পদপংকজত অৰ্পণ কৰা কাহিনী সৰ্বজ্ঞাত।

গৌৰাংগ মহাপ্রভু কৃষ্ণ বিৰহে জ্বৰ জ্বৰ। কামগন্ধহীন এই মদনদহনৰূপ প্ৰেমাগ্নি প্রজ্বলিত হ’লে সাধক কৃত কৃতার্থ হয়। তেতিয়াই সর্বস্ব ত্যাগ কৰে। তেতিয়া সাধকে ঘৃণা, লজ্জা, ভয়, নিদ্রা, নিন্দা, জাতি, কুল, শীল সমস্ত ত্যাগ কৰি “পাশমুক্তা সদাশিবঃ” হয়।

“ঘৃণা লজ্জা ভয়ং নিদ্রা জুগুপ্সা চেতিপঞ্চমং।

জাতিঃ কুলং শীলং চৈব অষ্ঠো পাশাঃ প্রকীৰ্ত্তিতাঃ।।”

গীতাত কৈছে – –

অভ্যাসেহপ্যসমর্থোহপি মৎকৰ্মৰ্পৰনো ভব৷

মদর্থ মপি কর্মানি কুৰ্ব্বনসিদ্ধি মবাপ্‌স্যসি।।

(১২ অধ্যায় ১০ নং শ্লোক)

যদি জ্ঞানৰ অভ্যাসত অসমৰ্থ হোৱা তেতিয়া আমাৰ কৰ্ম পৰায়ন হোৱা। সদায় যিকোনো ইন্দ্ৰিয়ৰ দ্বাৰা যিকোনো কৰ্ম অনুষ্ঠান কৰা তেতিয়া মোৰ নিমিত্তে কৰিছা, এই ধৰণৰ বদ্ধসংস্কাৰ হ’লে জীৱ বিষয়ানুৰাগৰ পৰা বিমুক্ত হৈ তত্বজ্ঞান সম্পন্ন হ’ব।

ৰামকৃষ্ণ পৰমহংসদেৱে গৃহস্থীসকলক উপদেশ দিছে – সকলো কৰ্ম কৰিবা। কিন্তু ঈশ্বৰক মনত – ৰাখিবা। পত্নী, পুত্র, পিতৃ, মাতৃ সকলোকে সেৱা কৰিবা পৰিচৰ্য্যা, প্রতিপালন কৰিবা কিন্তু এটা কথা ভালদৰে জানিবা; তেওঁলোক তোমাৰ কোনো নহয়। সংসাৰৰ সমস্ত কাৰ্য্য তেওঁৰ। পৰমেশ্বৰৰ কাৰ্য্য।

“মৎকৰ্ম পৰমোভব মদর্থমপি কর্মানি

কুর্বন সিদ্ধি মবাপ্‌স্যসি।।” (গীতা)

আমাৰ উদ্দেশ্যে নানাবিধ অনুষ্ঠান কৰা। তেতিয়াহে ক্ৰমে সিদ্ধিলাভ কৰে।

“মননং বিশ্ববিজ্ঞানং ত্রানংসংসাৰ বন্ধনাৎ

ধর্মার্যকামমোক্ষানাং মামন্ত্ৰামন্ত্র উচ্যতে।।”

যাৰ মনৰ পৰা বিশ্ববিজ্ঞান হয়। আৰু সংসাৰ বন্ধনৰ পৰা পৰিত্ৰান হয়। ধর্ম অর্থ কাম মোক্ষ চতুবর্গ লাভ হয় তাকে মন্ত্র বোলে। ইন্দ্রিয় সংযম কৰি মনক শুদ্ধ কৰি উপাসনাৰ পথ গ্ৰহণ কৰক।

“আশুচিৰ্বা শুচিধাপি গচ্ছতিষ্ঠান যথা তথা।

গায়ত্ৰীং প্রজপেৎ ধীমান্ জপাৎ পাপং নিকৃস্ততি।।”

কি শুচি কি অশুচি যি ভাবেই থাকক, গমনেই হওক বা উপবেশনেই হওক, ধীমান ব্যক্তিয়ে সদায় গায়ত্ৰী জপ কৰিব। কাৰণ জপৰ দ্বাৰা পাপ নিবৃত্তি হয়। জপ কৰোতে কৰোতে মনৰ পাপ বৃত্তিবিলাক অপসাৰিত হ’ব আৰু সাত্বিজ্ঞ ধৰ্ম্মভাববিলাক উদ্ভিক্ত হ’ব। এদিন সেই সাধকেই পবিত্ৰাত্মা হৈ উত্তৰোত্তৰ চিত্তৰ উৎকর্ষ লাভ কৰিব পাৰিব। অন্তৰলৈ আহিব সহিষ্ণুতা। সাহিষ্ণুতা অবলম্বন কৰি নিজ নিজ প্রকৃতি অনুসাৰে উপাসনা কৰিলে চিত্ত নিৰ্মল হৈ আহিব আৰু অৱশেষত সমস্ত শাস্ত্ৰৰ সাৰ লক্ষ্য চিত্ত শুদ্ধি লাভ হ’ব। তেতিয়া সমস্ত কামনা ধ্বংস হৈ আত্মসাক্ষাৎকাৰ হ’ব।

উপাসনাৰ উদ্দেশ্য আমাৰ মনৰ কামনা ৰাশিক ধ্বংস কৰি চিত্ত নিৰ্মল কৰা। কাৰণ চিত্ত শুদ্ধি নহলে আত্ম সাক্ষাৎকাৰ নহ’ব। যিমান দিন কামনা থাকিব, বাসনা থাকিব সিমান দিনলৈকে আত্মজ্ঞান বা শাস্ত্রীয় ব্ৰহ্মজ্ঞান সুদুৰ পৰাহত। এইয়াই হৈছে “সৰ্ব শাস্ত্ৰৰ সাৰ সিদ্ধান্ত।”

সর্বে সন্তু সুখীনঃ সবেসন্তু নিৰাময়াঃ

সর্বে ভদ্রানি পশ্যত্ত্ব মাকেশ্চিদ দুঃখমাং ভবেদ।।

ওঁ শান্তি।