৩৭ সংখ্যক ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিকছ প্ৰতিযোগিতা ২০২২ চনত অনুষ্ঠিত

Pc- Pratidin time

৩৭ সংখ্যক নেচনেল জুনিয়ৰ এথলেটিকছ প্ৰতিযোগিতা ২০২২ চনত অনুষ্ঠিত

অনলাইন বাৰ্ত্তাসেৱা-  ৩৭ সংখ্যক নেচনেল জুনিয়ৰ এথলেটিকছ প্ৰতিযোগিতা ২০২২ চনৰ জুলাইৰ ৫-৮ তাৰিখলৈ গুৱাহাটীত অনুষ্ঠিত হʼব। অসম এথলেটিকছ সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰে অসম অলিম্পিক সন্থাৰ সভাগৃহত অনুষ্ঠিত হোৱা কাৰ্যনিৰ্বাহক সভাত এই কথা উল্লেখ কৰে। এই সভাত চলিত বৰ্ষৰ ২০ অক্টোবৰৰ পৰা ১৫ নৱেম্বৰলৈ ৰাজ্যৰ প্ৰতিখন জিলাত আন্তঃক্লাব এথলেটিকছ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে জানুৱাৰী মাহত তিনিচুকীয়াত জুনিয়ৰ আন্তঃজিলা এথলেটিকছ প্ৰতিযোগিতা, মেʼ মাহত গুৱাহাটীত আন্তঃজিলা ছিনিয়ৰ এথলেটিকছ, আগষ্ট মাহত শিৱসাগৰত ৰাজ্যিক জেভলিন প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। এই সভাতে নৱেম্বৰ মাহত সন্থাৰ দ্বিতীয়খন বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰে।