সদৌ অসম ভিত্তিত আয়োজিত লভলীনা বালৈ চিঠি লিখা প্ৰতিযোগিতাৰ বঁটা প্ৰদান

rongilibarta

সদৌ অসম ভিত্তিত আয়োজিত লভলীনা বালৈ চিঠি লিখা প্ৰতিযোগিতাৰ বঁটা প্ৰদান

গোলাঘাট, মৃগাংক বৰুৱা, বাৰ্ত্তাসেৱা – লাভলীনাৰ জন্মদিনৰ লগত সংগতি ৰাখি ৰাখি আজি জামুগুৰি কালুজান গাঁৱৰ বৰ্ণকলা জনহিতৈষী অনুষ্ঠানে সদৌ অসম ভিত্তিত আয়োজন কৰা লভলীনা বালৈ চিঠিলিখা প্ৰতিযোগিতাৰ বঁটা বিতৰণী অনুষ্ঠানৰ আয়োজন কৰে । সভাত স্থানপ্ৰাপ্ত ছাত্ৰ ছাত্ৰীৰ লগতে উপস্থিত থকা প্রায় পঞ্চাশ জনমান ছাত্ৰ ছাত্ৰীক কিতাপ উপহাৰ দিয়ে । বঁটা লাভকৰ ছাত্ৰ ছাত্ৰীক নগদ ধন ,মানপত্ৰ আৰু কিতাপৰ টোপোলা উপহাৰ হিচাপে প্ৰদান কৰে । উচ্চ শাখাত যোৰহাট বাহনা উচ্চ মাধ্যমিক বালক বিদ্যালয় , জামুগুৰি আদৰ্শ জাতীয় বিদ্যালয় , দেৰগাঁৱ ইন্দ্ৰানী দেৱী উচ্চ মাধ্যমিক বিদ্যালয়ৰ , গোলাঘাট জাতীয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে পুৰস্কাৰ পাবলৈ সক্ষম হোৱাৰ লগতে নিম্ন শাখাত মহুৰামুখ উচ্চ মাধ্যমিক বিদ্যালয়, জামুগুৰি জাতীয় বিদ্যালয় ,কছাৰীহাট উচ্চ মাধ্যমিক বিদ্যালয় , দণ্ডধৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে পুৰস্কাৰ লাভ কৰে । আজিৰ অনুষ্ঠানত উপস্থিত থাকি শিক্ষক পুণ্যেশ্বৰ হাজৰিকা , সুবৰ্ণ নেওগ ,ঋতু শইকীয়াকে প্ৰমুখ্যে কৰি স্থানীয় ব্যক্তি সকলে উদ্যোক্তা পৃথুৰাম গগৈ পৰিয়ালৰ শলাগ লয় আৰু অনুষ্ঠানটোৰ উত্তৰোত্তৰ উন্নতি কামনা কৰে ।