বৰ্তমানৰ চৰকাৰখনে খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ আত্মপৰিচয়ৰ সংশয় দূৰ কৰাৰ বাবে কৰা কার্যত পূর্ণ সমর্থন জনাব কলিতা জনগোষ্ঠী সন্মিলন, অসমে

pc Facebook

বৰ্তমানৰ চৰকাৰখনে খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ আত্মপৰিচয়ৰ সংশয় দূৰ কৰাৰ বাবে কৰা কার্যত পূর্ণ সমর্থন জনাব কলিতা জনগোষ্ঠী সন্মিলন, অসমে

অনলাইন বাৰ্ত্তাসেৱা – কলিতা জনগোষ্ঠী সন্মিলন, অসমৰ প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ মুখ্য উপদেষ্টা ড০ সোণেশ্বৰ কলিতাই প্ৰেছ বিজ্ঞপ্তিযোগে মুখ্যমন্ত্ৰীগৰাকীৰ কার্যকলাপসমূহৰ প্ৰশংসা কৰি কয় যে বিশেষকৈ বৰবিহ ড্ৰাগছৰ জৰিয়তে নতুন প্ৰজন্মক ধ্বংস কৰা, পৰিকল্পিতভাৱে চৰকাৰী চৰণীয়া পথাৰ খিলঞ্জীয়া ভূমিত জোৰ জবৰদস্তিকৈ কৰা বেদখল উচ্ছেদৰ বাবে লোৱা পদক্ষেপক জনগোষ্ঠীটোৱে পূর্ণ সমর্থন জনাব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন এই চৰকাৰখনে অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ ওপৰত ভয়াৱহভাৱে বাঢ়ি অহা আত্মপৰিচয়ৰ সংশয় দূৰ কৰাৰ বাবে লোৱা সাহসী আৰু দৃষ্টান্তমূলক প্ৰতিটো কার্যতে কলিতা জনগোষ্ঠী সন্মিলন, অসমে পূর্ণ সমর্থন জনাব বুলি উল্লেখ কৰে প্ৰাক্তন সভাপতি গৰাকীয়ে।