লখিমপুৰ, নলবাৰী, ধুবুৰী, নগাঁও, তিনিচুকীয়া আৰু কোকৰাঝাৰ জিলাৰ চিকিৎসা মহাবিদ্যালয়সমূহৰ চলিত নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ পৰ্যালোচনা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

pc Facebook

লখিমপুৰ, নলবাৰী, ধুবুৰী, নগাঁও, তিনিচুকীয়া আৰু কোকৰাঝাৰ জিলাৰ চিকিৎসা মহাবিদ্যালয়সমূহৰ চলিত নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ পৰ্যালোচনা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

অনলাইন বাৰ্ত্তাসেৱা – মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনত মন্ত্ৰী শ্ৰীকেশৱ মহন্তৰ উপস্থিতিত স্বাস্থ্য আৰু লোক নিৰ্মাণ বিভাগৰ জ্যেষ্ঠ বিষয়াসকল, আৰ্কিটেক্ট প্ৰতিষ্ঠান আৰু কনষ্ট্ৰাক্টৰৰ সৈতে লখিমপুৰ, নলবাৰী, ধুবুৰী, নগাঁও, তিনিচুকীয়া আৰু কোকৰাঝাৰ জিলাৰ চিকিৎসা মহাবিদ্যালয়সমূহৰ চলিত নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ সম্পৰ্কীয় সকলো বিষয়ৰ ওপৰত বিতংভাৱে আলোচনা কৰাৰ উপৰিও প্ৰকল্পসমূহ সময়মতে সম্পূৰ্ণ কৰাৰ বাবে সংশ্লিষ্ট সকলোকে দ্ৰুত ব্যৱস্থা হাতত ল’বলৈ নিৰ্দেশনা প্ৰদান কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।