শৰৎ – darshana

Pc- NE Focus

শৰৎ

✍️ darshana

 

শৰৎৰ শুভ্ৰ শেৱালি
তইয়েইতো মোক আলফুলে যাচি দিছিলি ,
শৰৎৰ কোমল কুৱলীৰ পৰশত
শেৱালিৰ সুবাস বেছিকৈয়ে বিয়পি পৰিছিল ,
চাচোন! কৃষ্ণচুড়াৰ ৰাঙলি পাহিবোৰে আমাৰ মৰমবোৰ দেখি বেছিকৈয়ে উজ্জ্বল হৈ পৰিছে,পদূলিমুখৰ শেৱালি জোপা লহপহকৈ ফুলি উঠিছে,
বতাঁহত তাৰ স্নিগ্ধময়ী সুগন্ধই মনটো যেন কল্লোলিত কৰি তুলিছে,
নিয়ৰৰ কনমানি টোপালবোৰো দুৱৰীৰ দলিচাত জিলিকি উঠিছে,
শৰৎৰ কোমল বতাঁহজাকে মোকো যেন কিজানিবা চুই যায়,
উফফ!! কিযে ভাললগা অনুভৱ ,শেৱালিৰ স্নিগ্ধ সুগন্ধই ,নিয়ৰৰ কনমানি টোপাল বোৰে ,সন্ধিয়াৰ উদাসীন মনটোক জীপাল কৰি তোলে ||