শৃংখলাৰ অন্তিম খেলখনত চমকপ্রদ জয় ভাৰত

pc The Bridge

শৃংখলাৰ অন্তিম খেলখনত চমকপ্রদ জয় ভাৰত

অনলাইন বাৰ্ত্তাসেৱা – শৃংখলাখনৰ এই অন্তিম মেচখনত মিতালী ৰাজ নেতৃত্বত ভাৰতীয় দলটোৱে ঘৰুৱা দল অষ্ট্রেলিয়াক ২ উইকেটত পৰাস্ত কৰিবলৈ সক্ষম হয়।অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথম দুখন এদিনীয়াত পৰাজয়ৰ সন্মুখিন হোৱা ভাৰতীয় মহিলা দলটোৱে অন্তিম খেলখনত জয়ৰ সোৱাদ লবলৈ সক্ষম হয় আৰু ইয়াৰ জৰিয়তে ভাৰতে অষ্ট্ৰেলিয়াৰ দলটোৰ ২৬খন মেচৰ অপৰাজয়ৰ ধাৰা ভংগ কৰিবলৈ সক্ষম হয়। অষ্ট্ৰেলিয়াই ২৬৫ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে ভাৰতক। ভাৰতে ৮ উইকেটৰ বিনিময়ত তিনিটা বল বাকী থকা অৱস্থাত জয়ৰ লক্ষ্যত উপনীত হয়। দলটোৰ হৈ নৱাগত খেলুৱৈ য়াষ্টিকা ভাটিয়াই সর্বাধিক ৬৪, শেফালি বার্মাই ৬৫, দীপ্তি শৰ্মাই ৩১, স্নেহ ৰাণাই ৩০ আৰু স্মৃতি মান্ধানাই ২২ ৰানৰ অৰিহণা আগবঢ়ায়। প্রথম উইকেটত শেফালি আৰু মান্ধানাই ৫৯ ৰান যোগ দি ভাৰতৰ জয়ৰ ভেটি গঢ়ে। ইয়াৰ পূৰ্বে অষ্ট্রেলিয়াই নিৰ্ধাৰিত ৫০ অ’ভাৰত ৯ উইকেটৰ বিনিময়ত ২৬৪ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। দলটোৰ হৈ এছলে গার্ডনাৰে ৬৭ আৰু বেথ মুনীয়ে ৫২ ৰান কৰে। ভাৰতৰ হৈ ঝুলন গোস্বামী আৰু পূজা ভাষ্ট্ৰাকাৰে তিনিটা, স্নেহ ৰানাই এটা উইকেট পায়। অষ্ট্রেলিয়াই ২-১ৰ ব্যৱধানত শৃংখলাটো দখল কৰে যদিও অন্তিম খেলখনত চমকপ্রদ জয়লাভ কৰিবলৈ সক্ষম হয় ভাৰত।