ৰাজ্যত অব্যাহত কৰʼনাৰ সংক্ৰমণ

pc- BBC

ৰাজ্যত অব্যাহত কৰʼনাৰ সংক্ৰমণ

অনলাইন  বাৰ্ত্তাসেৱা-  ৰাজ্যত অব্যাহত আছে কৰʼনাৰ সংক্ৰমণ।  ৰাজ্যত নতুনকৈ ৪৪১ জন লোক কৰʼনাত সংক্ৰমিত হৈছে। সংক্ৰমিত লোকসকলৰ ভিতৰত কামৰূপ মহানগৰৰ সৰ্বাধিক ১২৯ জন লোক সংক্ৰমিত হৈছে।  যোৱা ২৪ ঘণ্টাত মুঠ ৬৪,৪২১ টা নমুনাৰ পৰীক্ষা কৰা হৈছিল। ৰাজ্যত কৰʼনা সংক্ৰমণৰ পৰা নতুনকৈ ৩৩৮ জন লোক সুস্থ হৈ উঠিছে।  ৩,৭৩৪ জন লোক সম্প্ৰতি ৰাজ্যত  চিকিৎসাধীন হৈ আছে।  নতুনকৈ ৰাজ্যত ৬জন লোকৰ কৰʼনা সংক্ৰমণৰ ফলত মৃত্যু ঘটে।  ৰাজ্যত মুঠ ৫,৮১৩ জন লোকৰ কৰʼনা সমক্ৰমণৰ ফলত মৃত্যু হয়।  ৰাজ্যত  ২,২৫,৮০,২২৪ জন লোকক কʼৰনাৰ প্ৰতিষেধক টীকা প্ৰদান কৰা হৈছে।