স্বাধীনতা সেনানী গোমধৰ কোঁৱৰৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ মুখ্যমন্ত্ৰীৰ

pc Facebook
স্বাধীনতা সেনানী গোমধৰ কোঁৱৰৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ মুখ্যমন্ত্ৰীৰ
অনলাইন বাৰ্ত্তাসেৱা – মাননীয় মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মৰিয়নি বিধানসভা সমষ্টিৰ অন্তৰ্গত নকছাৰীস্থিত গোমধৰ কোঁৱৰ স্মৃতি উদ্যানত উপস্থিত হৈ অসমত বৃটিছৰ বিৰুদ্ধে স্বাধীনতা সংগ্ৰামৰ পাতনি মেলা ৰাজ্যৰ প্ৰথমগৰাকী স্বাধীনতা সেনানী গোমধৰ কোঁৱৰৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰি গভীৰ শ্ৰদ্ধা নিবেদন কৰে। মহান স্বাধীনতা সেনানী গোমধৰ কোঁৱৰক ৰাষ্ট্ৰীয় পৰ্যায়ত পৰিচিত কৰি তুলিবলৈ ৰাজ্য চৰকাৰে দায়ৱদ্ধতাৰে পদক্ষেপ গ্ৰহণ কৰিব বুলি উল্লেখ কৰে তেখেতে। ইয়াৰে পৰিপ্ৰেক্ষিতত গোমধৰ কোঁৱৰৰ স্মৃতি সুৰক্ষাৰ অৰ্থে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ গোমধৰ কোঁৱৰ স্মৃতি সুৰক্ষা সমিতিলৈ ১ কোটি টকাৰ অনুদান প্ৰদানৰ কথাও ঘোষণা কৰে। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা অসম মালা আঁচনিৰ অধীনত মৰিয়নি সমষ্টিৰ প্ৰাণকেন্দ্ৰ স্বৰূপ ধোদৰ আলি নিৰ্মাণ আৰু উন্নয়নৰ পদক্ষেপ গ্ৰহণ কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে তেখেতে। এই অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে সতীৰ্থ মন্ত্ৰীদ্বয় ক্ৰমে ডাঃ ৰণোজ পেগু আৰু শ্ৰীযোগেন মহন, মাননীয় সাংসদদ্বয় ক্ৰমে শ্ৰীতপন কুমাৰ গগৈ আৰু শ্ৰীকামাখ্যা প্ৰসাদ তাছা, মাননীয় বিধায়িকা শ্ৰীমতী ৰেণুপমা ৰাজখোৱা, মৰিয়নি সমষ্টিৰ মাননীয় প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মীও উপস্থিত থাকে।
(UD.)