ভাৰতত ২৭হেজাৰ লোক নতুনকৈ কৰʼনাত সংক্ৰমিত
অনলাইন বাৰ্ত্তাসেৱা- কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ভাৰতত নতুনকৈ কৰʼনাত ২৭,২৫৪ জন লোক সংক্ৰমিত হৈছে। নতুনকৈ ২১৯ জন লোকৰ মৃত্যু হৈছে।দেশত বৰ্তমান ৩,৭৪,২৬৯টা সক্ৰিয় ঘটনা আছে। ভাৰতত ২৪ ঘণ্টাত ৩৭,৬৮৭ জন লোক সুস্থ হৈ উঠিছে। ভাৰতত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ৪,৪২,৮৭৪ জন। ভাৰতত সুস্থ হৈ উঠা লোকৰ হাৰ হৈছে ৯৭.৫৪ শতাংশ। ভাৰতত কৰʼনাৰ প্ৰতিষেধক টীকা ৭৪,৩৮,৩৭,৬৪৩ জন লোকক প্ৰদান কৰা হৈছে।
(RT)
