বাপু নাকান্দিবা
অমূল্য চেতিয়া
বাপু তোমাৰ মুখৰ হাঁহি
এতিয়া জানো জিলিকি আছে
মৰ্ত্যৰ মানৱৰ হিংস্ৰতা দেখি…
চাৰিওফালে অৰাজকতা
শিয়ালৰ হাতোৰাত বন্দী মানৱতা!
বাপু এতিয়া চিঞৰিলেও বন্ধ কৰ্ণ কুঁহৰ
‘সত্য সদায় জয়’
বাহুবল,ধনবলৰ চক্ৰান্তত সত্যক
আছাৰি আছাৰি দলিয়াই দিয়া হয়
জয়ী হৈ পৰে অহংকাৰ
শুনিবলৈহে শুৱনি প্ৰজাৰ অধিকাৰ !
বাপু
সম্প্ৰীতিৰ এনাজৰীত ঘূণে ধৰিছে
তেজবোৰে এতিয়া ৰং সলাই,
গাধৰ বচনত এতিয়া ধূসৰ আকাশ…
অশান্তিৰ অশনি সংকেতে
পিয়াপি দিয়ে…
এডাল ধৰ্মান্ধ অজগৰ!
