কংগ্ৰেছত লাহে লাহে মই উপেক্ষিত হ’বলৈ ধৰিলোঁঃপ্ৰদ্যুৎ বৰদলৈ
ৰঙিলী বাৰ্ত্তাসেৱা-শেহতীয়াকৈ কংগ্রেছ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰি পদত্যাগ কৰা প্ৰদ্যুৎ বৰদলৈয়ে শনিবাৰে গুৱাহাটীত আত্মপক্ষ সমর্থন কৰি মহানগৰীৰ এখন হোটেলত এক সংবাদমেল সম্বোধন কৰে । সংবাদমেল সম্বোধন কৰি কি পৰিস্থিতিত কংগ্ৰেছ ত্যাগ কৰিব লগা হ’ল তাৰ সবিশেষ বৰ্ণনা কৰিলে। নেতাগৰাকীয়ে সংবাদ মেলত কয়- ধুমুহাৰ গতিত জীৱনে নতুন গতি লৈছে। হুতো মনে সজা কথা ওলাই আছে। দলীয় অনুশাসন ভংগ কৰি মই কংগ্ৰেছৰ অভ্যন্তৰীণ কথা বাহিৰত কোৱা নাছিলোঁ। বহুত কাহিনী আছে মই এতিয়া বিলাপ কৰিব বিচৰা নাই। ৰদলৈয়ে লগতে কয় যে কংগ্ৰেছ কিয় এৰিলো অসমৰ ৰাইজে জানিব লাগিব সেই বাবে আজি কথাখিনি ক’ব বিচাৰিছো। ১৬ বছৰ বয়সত মই কটন কলেজত পঢ়ি থকাৰ সময়তে এনএছইউআই-ত যোগদান কৰিছিলো। কংগ্ৰেছৰ কাৰণে মোৰ ব্যক্তিত্ব গঢ়িছে। জৰুৰীকালীন অৱস্থাৰ পিছত ইন্দিৰা গান্ধীক লেই লেই চেই চেই কৰিছিল। জৰুৰীকালীন অৱস্থা উঠাই দিয়াৰ পিছত ১৯৭৮ চনত অসমলৈ আহিছিল ইন্দিৰা গান্ধী। মই তেতিয়া কটন কলেজৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক আছিলোঁ। জজ খেলপথাৰৰ সভাত মই তেওঁক গামোচা পিন্ধাইছিলোঁ। তেতিয়া মোৰ বিৰুদ্ধে অনাস্থা প্রস্তাৱ আহিছিল। সংবাদমেলত তেওঁ আৰু কয় যে ১৯৯৬ চনত মাৰ্ঘেৰিটাৰ পৰা দলে নির্বাচন খেলাৰ বাবে মোক নিৰ্বাচন কৰিছিল যদিও মই তৰুণ গগৈক হাতে ভৰিয়ে ধৰি নির্বাচন খেলিবলৈ দিছিলোঁ। তাৰ পিছত চাৰিবাৰকৈ মই মাৰ্ঘেৰিটাৰ পৰা নিৰ্বাচন জিকি আহিছিলোঁ। কংগ্ৰেছৰ চৰকাৰ গঠনৰ পিছত গৃহ বিভাগৰ দায়িত্ব দিছিল। পৰৱৰ্তী সময়ত শক্তি বিভাগৰ দায়িত্ব দিছিল। মই সদায় অসমৰ প্ৰগতিৰ লগতে শান্তি অনাৰ চেষ্টা চলাই আছিলোঁ, ইফালে কংগ্রেছ ত্যাগ সন্দৰ্ভত প্রদ্যুৎ বৰদলৈয়ে কয় যে কংগ্ৰেছ দলৰ সভাপতিৰ বাবে যেতিয়া আভ্যন্তৰীণ নির্বাচন হৈছিল, তেতিয়া শশী থাৰুৰৰ সমৰ্থনত মই কাম কৰিছিলোঁ। পৰৱৰ্তী সময়ত মল্লিকার্জুন খার্গে সভাপতি হিচাপে নির্বাচিত হয়। কিন্তু তাৰ পিছত উত্তৰ-পূৰ্বাঞ্চলৰ কংগ্ৰেছ কমিটাৰ তত্ত্বাবধায়কৰ পৰা আঁতৰাই দিলে। লাহে লাহে মই দলত এলাগী হবলৈ ধৰিলোঁ। গৌৰৱ গগৈ সভাপতি হোৱাৰ সময়ত মই কৈছিলোঁ আমি সকলোৱে একেলগে কাম কৰিব লাগে, ২০২৬ চনত চৰকাৰ গঠন কৰিব লাগে। কিন্তু পিছত সকলোতে মই উপেক্ষিত হ’বলৈ ধৰিলোঁ। সকলো কথাতে সন্দেহৰ বাতাৰণ হ’বলৈ ধৰিলে। পঞ্চায়ত নিৰ্বাচনৰ সময়ত মোৰ দলৰে মানুহেই মোক আক্ৰমণ কৰিলে। এইকথা মই কেন্দ্রীয় নেতৃত্বক কোৱাত মোৰ কথাত কোনো গুৰুত্ব নিদিলে। কেন্দ্রত মই অভিযোগ দিয়াৰ পিছত ইমৰান মাছুদে মোৰ অভিযোগ মিছা, মনে সজা বুলি ক’লে। তাত উপস্থিত থকা কেন্দ্রীয় নেতৃত্বৰ লগতে সভাপতি গৌৰৱ গগৈয়ে মোৰ পক্ষত একো নক’লে। আছিফ নাজাৰৰ কথা মতে মোক উপেক্ষা কৰা হ’ল আৰু যাৰ বাবে মই দল ত্যাগ কৰিবলৈ বাধ্য হ’লোঁ। তেওঁ লগতে কয় যে আমি সংসদত যেতিয়া বিজেপি নেতৃত্বক লগ পাওঁ তেতিয়া মোক বহুতে নিজৰ দললে আমন্ত্রণ জনাইপ্রস্তাৱ দিয়ে, সেইবোৰ নস্যাৎ কৰিছিলোঁ। এইবাৰ পদত্যাগ কৰাৰ পিছত মোৰ সৈতে শীর্ষ নেতৃত্বই যোগাযোগ কৰে। মই ভাবিলোঁ বিজেপিত যোগদান কৰোঁ। উচ্চ নেতৃত্বৰ ফালৰ পৰা প্ৰস্তাৱ দিলে দিছপুৰ সমষ্টিৰ পৰা নির্বাচন খেলিবলৈ, মই সেই প্রস্তার মানি ল’লোঁ। বিজেপিত যোগদান কৰা দুদিন হ’ল বিজেপি দলৰ পৰা যি উষ্ম সঁহাৰি পালোঁ, যি ধৰণে আদৰি লৈছে আৰু মোক আশ্বস্ত কৰিছে। মই বিজেপিলে যোৱাৰ পূর্বে কোনো চর্তনাছিল। এটা কথা কৈছিলো যাতে আত্মসন্মান বজাই ৰাখি কাম কৰাৰ সুযোগ পাওঁ। তেওঁলোকে আশ্বস্ত কৰিলে মোক সেই সুযোগ দিব বুলি। বিনা দ্বিধাই ক’ব পাৰো অসমখন আগবঢ়াই নিবলৈ সুযোগ পাম । মুখ্যমন্ত্ৰী অসমখন আগবঢ়াই নিবলৈ উপযুক্ত ব্যক্তি । তেওঁৰ সহযোগী হিচাপে কাম কৰিব পোৱাটো ভাল কথা হ’ব । বৰদলৈয়ে ক্ষোভ প্ৰকাশ কৰি কয়, ২০২৪ লোকসভা নিৰ্বাচনত নগাঁও আসন খনৰ বাবে কাকূতি মিনতি কৰিব লগীয়া হৈছিল । ৩৫ বছৰৰ পিছত মই ২০১৯ চনত নগাঁও আসনখনৰ পৰা নিৰ্বাচিত হৈছিলোঁ । তাৰ পিছতো সেই আসনখন গৌৰৱ গগৈ, ৰকিবুল হুছেইনে বিচাৰিলে৷ কিন্তু মই হাহাকাৰ কৰিবলগীয়া হ’ল মোক তাত প্ৰাৰ্থিত্ব দিয়ক বুলি । এইটোৱে অন্তৰত এটা ডাঙৰ দুখ দিছে । তেওঁ লগতে কয়, মই ভাষাৰ নামত ধৰ্মৰ নামত ৰাজনীতি কৰা নাই । মুছলমানৰ তুষ্টিকৰণৰ কৰা নাই । সমাজৰ অৱহেলিত লোকসকলক হাতত ধৰি উত্তৰণ ঘটোৱা । বৰ অসমৰ ধাৰণা সদায় ধৰি ৰাখিব বিচাৰো । ইফালে দিছপুৰ সমষ্টিৰ কথা উল্লেখ কৰি তেওঁ কয়, জয়ন্ত দাস , অতুল বৰাই দীৰ্ঘকাল ধৰি দিছপুৰ সমষ্টিত কাম কৰি আহিছে। নিশ্চয় তেওঁলোকৰ মনত দুখ-ক্ষোভ থাকিব । মোক আসন দিয়াত তেওঁলোকে দুখ পাইছে । মই তেওঁলোকৰ মনৰ অৱস্থাটো বুজি পাওঁ । মই সংবেদনশীলতাৰ সৈতে তেওঁলোকৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিছোঁ । মোক যাতে ভুল নুবুজে । অসমৰ জনজীৱনক অতি শক্তিশালীভাৱে প্ৰতিফলিত কৰিছে দিছপুৰে । দিছপুৰ হ’ল ক্ষমতাৰ স্নায়ু কেন্দ্ৰ । সকলোবোৰ সচেতন ভোটাৰ । মই ভাবো প্ৰগতিশীল মনৰ মানুহ হিচাপে প্ৰতিষ্ঠিত কৰিব পাৰিছোঁ । বিজেপ দলৰ সাংগঠনিক শক্তিৰ ওপৰত ভিত্তি কৰি মানুহৰ ওচৰলৈ যাম ।
