অমৃতপ্রভা মহন্ত আৰু দুই দেহৰক্ষীৰ জামিন আবেদন নাকচ

অমৃতপ্রভা মহন্ত আৰু দুই দেহৰক্ষীৰ জামিন আবেদন নাকচ

ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰাণৰ শিল্পী জুবিন গাৰ্গ হত্যাকাণ্ডৰ পঞ্চমটো শুনানি কামৰূপ মহানগৰ জিলাৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত সম্পন্ন হয়। আদালতে শুনানি গ্ৰহণৰ অন্তত হত্যাকাণ্ডৰ গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন হিচাপে অহা ১৩ ফেব্ৰুৱাৰীৰ দিনটো ধার্য কৰে। উল্লেখ্য যে আদালতে হত্যাকাণ্ডত অভিযুক্ত অমৃতপ্রভা মহন্ত আৰু দুই দেহৰক্ষী ক্ৰমে নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ জামিন আবেদন সন্দর্ভত শুনানি গ্ৰহণ কৰে যদিও আদালতে তিনিওজন অভিযুক্তৰ আবেদন নাকচ কৰে। এই সন্দৰ্ভত চৰকাৰী লোক অধিবক্তা জিয়াউল কামাৰে কয় যে অমৃতপ্রভা মহন্ত জুবিন গাৰ্গ হত্যাকাণ্ডৰ ষড়যন্ত্ৰত জড়িত থকাৰ সকলো তথ্য-প্রমাণ এছআইটিয়ে আদালতত জমা দিছে। অমৃতপ্রভা মহন্তই ষড়যন্ত্রত জড়িত থকাৰ কথা অনুধাৱন কৰিয়ে তেওঁৰ জামিন আবেদন নাকচ কৰা হৈছে। একেদৰে দেহৰক্ষীদ্বয়ৰ ক্ষেত্ৰতো জামিন লাভ কৰাটো একপ্ৰকাৰ নিশ্চিত আছিল যদিও লোক অধিবক্তা জিয়াউল কামাৰে জানিবলৈ দিয়া মতে, হত্যাৰ লগতে অর্থনৈতিক খেলিমেলিৰ এটা গোচৰো জড়িত হৈ আছে। তেওঁ কয় যে জুবিন গাৰ্গৰ কষ্টোপার্জিত ধনৰ এটা বৃহৎ অংশ দুয়োজনৰ হাতত জমা থকা কথাটো তেওঁলোক অৱগত আছিল। গতিকে জুবিন গাৰ্গৰ মৃত্যুৰ পাছত তেওঁলোকে এই জমা ধন সন্দর্ভত পত্নী গৰিমা শইকীয়া গাৰ্গৰ ওচৰলৈ যাব লাগিছিল। কিন্তু ধনখিনি তেওঁলোকে বেয়া উদ্দেশ্যৰে আত্মসাৎ কৰিব বিচাৰিছিল আৰু তাৰ পৰিপ্ৰেক্ষিততে দুয়োৰে জামিন আদালতে নাকচ কৰে। ইপিনে জামিন আবেদনক লৈ শুনানিৰ মাজতে হত্যাকাণ্ডটোৰ মূল অভিযুক্ত সিদ্ধার্থ শৰ্মাৰ অধিবক্তাই তিনিখনকৈ নতুন আবেদন আদালতত দাখিল কৰাক লৈ যথেষ্ট চৰ্চাৰ সৃষ্টি হৈছে। লোক অধিবক্তা জিয়াউল কামাৰে কয় যে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰৰ পৰা ৰেহাই বিচাৰি সিদ্ধার্থ শৰ্মাই আবেদনখন দাখিল কৰিছে। সিদ্ধাৰ্থৰ অধিবক্তাই ছিংগাপুৰত কি ঘটিছিল তাৰ তথ্য আদালতত বিচৰাৰ লগতে সিদ্ধার্থ শৰ্মাৰ সকলো নথি-পত্ৰ বিচাৰি আবেদন জনাইছে। লক্ষণীয় যে আবেদন দাখিল কৰিলেও অহা ১৩ ফেব্ৰুৱাৰীত হ’বলগীয়া শুনানিত চৰকাৰী অধিবক্তাই ৰেহাইৰ আবেদন সন্দৰ্ভত আপত্তি দখাব বুলি জানিব পৰা গৈছে। আনহাতে এছআইটিয়েও ইতিমধ্যে সিদ্ধার্থ শর্মা মালিকানাধীন মহাবীৰ একুৱা আৰু ফটাশিল আমবাৰীত থকা ফ্লেট ছীল কৰাৰ বাবে বিচৰা অনুমতি আবেদন সন্দৰ্ভতো আদালতে কোনোধৰণৰ ৰায় প্ৰদান নকৰে যদিও অহা ১৬ ফেব্ৰুৱাৰীত এই সন্দৰ্ভত শুনানি গ্রহণ কৰিব বুলি জানিব পৰা গৈছে। ইপিনে শুনানিৰ সময়ত আদালতত উপস্থিত থাকি শিল্পীপত্নী গৰিমা শইকীয়া গার্গে আদালতে জামিন আবেদন নাকচ কৰা বিষয়টোত সন্তোষ প্রকাশ কৰে। গৰিমা শইকীয়া গার্গে কয় যে বিচাৰ প্ৰক্ৰিয়া শেষ হৈ অসুৰকেইটাই শাস্তি নোপোৱালৈকে জামিন কোনো কাৰণত পাব নালাগে। সিদ্ধার্থই ৰেহাইৰ বাবে আবেদন দাখিল কৰিছে। সেইটো এটা আচৰিত কথা। মোৰ লগতে সমগ্র অসমৰ জনগণে বিচাৰে যে জুবিন গাৰ্গৰ ন্যায় প্রতিষ্ঠা নোহোৱালৈকে কোনো বাহিৰ ওলাব নালাগে। বিচাৰ প্ৰক্ৰিয়া শীঘ্রেই সম্পন্ন হওক। দোষীয়ে সোনকালে শাস্তি পাওক। সেয়া আমি বিচাৰোঁ। পূৰ্বৰ স্মৃতি সুঁৱৰি আদালত চৌহদত পুনৰ আৱেগিকভাৱে গৰিমা শইকীয়া গার্গে কয় যে আটাইতকৈ ডাঙৰ কথা যে আমি সকলোকে বিশ্বাস কৰিলোঁ। জুবিনে সকলোকে একেটা পৰিয়াল বুলি কৈ মোক কাষ চপাই দিছিল। তেওঁ যেতিয়া পৃথিৱীৰ পৰা অকালতে আঁতৰি গ’ল, মোক এই দানৱ বিলাকক পৰিচয় কৰি দি গ’ল। সকলোকে খুব মৰম কৰিছিল। মানুহজনে সকলোকে মৰমহে কৰিব জানিলে আৰু ময়ো তেওঁৰ দৰেই পৰিয়াল বুলি ভাবি আগবাঢ়িছিলোঁ আৰু সেয়াই আমাৰ দুয়োৰে ভুল আছিল। অসমৰ ৰাইজলৈ অনুৰোধ জনাই আজি পুনৰ কয় যে বর্তমানলৈকে সকলো ৰাইজ মোৰ লগত আছে। অন্তিম মুহূর্তলৈকে সমগ্র অসমবাসীয়ে মোক এনেদৰে আগবঢ়াই নি জুবিন গাৰ্গক ন্যায় দিব বুলি মই আশাবাদী।