গুৰুদুজনাৰ  আদৰ্শৰে অনুপ্ৰাণিত বৰপেটাৰ ” মাঘ বিহু” – জুনুকা পাঠক

গুৰুদুজনাৰ  আদৰ্শৰে অনুপ্ৰাণিত বৰপেটাৰ ” মাঘ বিহু”

জুনুকা পাঠক,বৰপেটা

 শীত মানে  মাঘ বিহু।   মাঘ বিহুৰ কথা ভাবিলেই  শীতে আহি গা-মন,ওঁঠ ঠৰ-ঠৰকৈ কঁপাই তোলে। অসমীয়াত প্ৰবাদ এটা আছে— মাঘত হেনো ম’হৰ শিং কপে। মিছাটো নহয়।  পাতলকৈ পৰা ৰ’দে শৰীৰৰ উত্তাপ নবঢ়ায়।

মাঘ ভোঁগালী বিহুৰ খাদ্য বিলাস–খোৱা আৰু খোৱা।  কাঁচিয়লী শীতৰ পুৱাত  বিহুৰ তীব্ৰ আবেগত উথলি উঠে অসমীয়া।   অসমৰ আদি  জাতি মংগোলীয় গোষ্ঠীয়ে পালন কৰা প্ৰাচীন  লোক-সংস্কৃতি উৎসৱ হ’ল মাঘ বিহু ।  মাঘ বিহু মূলতঃ  কৃষিভিত্তিক উৎসৱ। পুহ মাহত   কৃষিজাত সামগ্ৰীৰে  ভঁৰাল চহকী হয় ।  সেয়ে– মাঘ, ভোগালী উৎসৱ । উৎসৱ সমূহ  প্ৰকৃতিৰ উৰ্বৰতা, জলবায়ুৰ পৰিবৰ্তন,  ভৌগোলিক অৱস্থান  আদিৰ ওপৰত লক্ষ্য কৰি  পালন কৰা হয় ।  বিজ্ঞানৰ প্ৰভাৱো অনস্বীকাৰ্য্য নহয়।পুহ -মাঘৰ দোমাহীত  সূৰ্য্য মকৰ ক্ৰান্তি ৰেখাত অৱস্থান কৰে বাবে এই উৎসৱক মকৰ সংক্ৰান্তি বুলিও জনা যায়। বিভিন্ন জাতি- জনগোষ্ঠীৰ বাৰে-ৰহণীয়া সংস্কৃতি মিলনৰ অসম বৃহত্তৰ  বাসভূমি  । বিভিন্ন জনগোষ্ঠীৰ   ঐতিহ্যৰ কৃষ্টি-সংস্কৃতি , পৰম্পৰা, লোকাচাৰ , জনশ্ৰুতি, ৰীতি-নীতিৰ বৰ্ণিল স্বকীয়তা ভিন-ভিন ।  নিয়ম প্ৰণালীৰো পাৰ্থক্য  আছে।   তথাপিও  সমন্বয়ৰ প্ৰতিভূ আমাৰ জাতিয় উৎসৱ বোৰে বৃহত্তৰ অসমীয়াৰ   লোক সংস্কৃতি, কৃষ্টি-সভ্যতাৰ সম্প্ৰীতিৰ চানেকি বহন কৰি আহিছে।

সাধাৰণতে   অসমৰ কিছুমান ঠাইত বিহু তিনিদিনীয়াকৈ পালন কৰে।   পুহ-মাঘৰ  দোমাহীৰ   আগদিনা উৰুকা ।  সেইদিনা গাঁৱৰ ৰাইজ গোট হৈ ভোজভাত খায়।   মকৰ সংক্ৰান্তি বা  মাঘ বা ভোগালী বিহুৰ দোমাহী। উক্ত দিনত নৰা ,খেৰ  কলগছেৰে নিৰ্মাণ কৰা মেজি  প্ৰজ্বলন কৰি  পিঠা সান্দহ, কাৰে   মেজিত সভক্তিৰে অৰ্পন   কৰে।  ভেলা ঘৰ সাজি গাঁৱৰ মানুহে ভোজ ভাত খায়। শইচৰে ভঁৰাল নদন-বদন হয় বাবে   লাৰু পিঠা সান্দহ চিৰা মাহ কাৰে ভাজি খোৱাটো বিহুৰ উল্লেখযোগ্য  বৈশিষ্ট।  ঠায়ে ঠায়ে  সমূহীয়া বিলত মাছ ধৰা  পৰম্পৰা,   জন্তু আৰু চৰাইৰ মাজত যুঁজ খেল ; আজিকোপতি অসমীয়া ঐতিহ্যৰ আদৰ্শ দাঙি  ধৰি আহিছে।

লোকাচাৰ , পদ্ধতি বেলেগ হ’লেও  অসমবাসীৰ আবেগ অনূভূতি , আদৰ্শ একেই আয়ুসৰ ৰূপৰেখা– মাঘ বিহু আমাৰ  একতা ডোলৰ জাগ্ৰত চেতনা ।

“বৰপেটা” সত্ৰকেন্দ্ৰীক চহৰ।   ঐতিহ্যমণ্ডিত বৰপেটা  চহৰৰ মধ্যভাগত মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱে প্ৰতিষ্ঠা কৰা অসম খ্যাত  মহাপুৰুষীয়া ‘কীৰ্ত্তন ঘৰ’ টো অৱস্থিত ।  ভক্তপ্ৰাণ ৰাইজৰ প্ৰাণত দ্বীতিয় বৈকুণ্ঠপুৰি।  সেইসুত্ৰে  বৰপেটাৰ বাইছ খন হাটী আৰু চুবুৰীয়া গাওঁবোৰ সত্ৰকেন্দ্ৰীক নগৰ।  গুৰু দুজনাৰ পদ ৰেণুৰে ৰঞ্জিত বৰপেটা নগৰ।  গুৰু দুজনাই বৰপেটা বাসীক  ভোগবাদী  বিষয় বাসনাৰ পৰা বহুযোজন আতৰত ৰাখি  কৃষিভিত্তিক উৎসৱ সমূহক   নাম ধৰ্মৰ দ্বাৰা অনুপ্ৰাণিত কৰি আধ্যাত্মিক চেতনাৰ    সমৃদ্ধিশালী   সমাজ গঢ়ি গ’ল। অন্ধবিশ্বাস বা লোকাচাৰৰ হেঁচাত সাধাৰণ ৰাইজ  যাতে আওবাটে দৌৰিব নোৱাৰে  তাৰ প্ৰতি  লক্ষ্য ৰাখি গুৰু দুজনাই বৈজ্ঞানীক, আধ্যাত্মিক আৰু  মানৱীয়  দৰ্শনৰ মাধ্যমেৰে লোক সত্বাক ধৰ্মীয় মাৰ্গৰ   সংযমী পথ প্ৰশস্ত কৰিছে। তেৰাসবৰ আদৰ্শ আৰু  জীৱন দৰ্শন শিৰোধাৰ্য্য কৰি মহাপুৰুষীয়া সত্ৰৰ পৰিচালনা সমিতিয়ে নিৰ্ধাৰণ কৰি  দিয়া উৎসৱ পালনৰ  পৰম্পৰা সমূহ  সত্ৰবাসীৰ সভক্তিৰ পৰিচায়ক আৰু   সেই উৎসৱসমূহ  বাপ সকলে আধ্যাত্মিক ৰীতি-নীতিৰে পালন কৰে।  মাঘ বিহুক আধুনিকতাই এতিয়াও প্ৰাচীন ঐতিহ্যক স্পৰ্শ কৰিব পৰা নাই।  মাঘ …ভোগালী হ’লেও গুৰু দুজনাই    ভোগ বিলাসতকৈ হৰি ৰসত একান্ত  সেৱক হোৱাৰ মাৰ্গ দেখুৱাই গৈছে।

বৰপেটাৰ স্থানীয় ভাষাত মাঘক মাগ্ আৰু দোমাহিক  দ্দম্হি বোলে । বুঢ়া-মেঠা ( বৃদ্ধ লোকক বুজায় ) ছা-ছ’লিয়ে ( ল’ৰা-ছোৱালী )   শব্দবোৰ সন্ধি যোৰাই  ক্ষীপ্ৰতাৰে মাঘৰ দোমাহীক   “মাগোদ্দম্হি”  আৰু মাঘ বিহুক ‘মাগবিহু ‘ কয়।  পুহৰ পোন্ধৰ দিন যোৱাত চেঙেলীয়া আৰু কৰ্মনিপুন  মধ্যলোকৰ উপৰিও সকলো ৰাইজৰ বিহুৰ উম লাগি উথপ-থপ গা-ৰাইজাই কৰি থাকে ।   খেতিয়কৰ শ্ৰমৰ বিনিময়ত শইচৰে ভঁৰাল ভৰপূৰ হয়। কিন্তু, বৰপেটা কৃষি প্ৰধান  চহৰ নহয়।  বৰপেটাৰ আশে-পাশে থকা গাওঁ সমূহৰ পৰা অহা  বৰা চাউল জহা চাউল,তিল  সততে পোৱা মগু,সোণালী মগু,মাহ,বুট , মটৰ বাদাম , উহ-আল্হ চাউল আদি কৃষিজাত সামগ্ৰীয়ে বৰপেটাৰ স্থানীয় বজাৰ  ভীৰ কৰে।   ধনী বুলি কথা নাই ;  দুখীয়াৰ আখলতো  পিঠা , সান্দহ ,চিৰা, বিভিন্ন মাহ জাতীয় শস্য যুগুতাই ভজা মিশ্ৰণ মাহকাৰে , লাৰু ,বৰপেটা খ্যাত বাঁহৰ চুঙা  দৈ আদি সাধ্যানুসাৰে  বিহুৰ ব্যঞ্জনাই   পাকঘৰ শুৱনি কৰে।  একেই আনন্দ, আবেগ ধনী-নিৰ্ধনী–এয়া বৰপেটাৰ

সংস্কৃতি সাম্যবাদৰ  চিন্তাৰ  ভক্তি-ধাৰা। খেতি নাই  ; নৰানো ক’ত  থাকে।   গতিকে চেঙেলীয়া  ল’ৰাই দলবদ্ধ  ভাৱে   মৰা নদী, নখান্দা নদীৰ  ( বৰপেটাৰ দুখন নদী ) পাৰৰ পৰা  উলু খেৰ, বেন্না( বিৰিণা) কাটি আনে। অইন অঞ্চলৰ পালিত   মাঘ বিহুৰ মকৰ-সংক্ৰান্তিৰ আগদিনাৰ উৰুকাৰ বিপৰিতে বৰপেটাত  দোমাহী বা মকৰ-সংক্ৰান্তিৰ দিনাহে উৰুকাৰ আয়োজন হয়। সেইদিনা  গোটেই ৰাতি ছ’লি বিলাক—ল’ৰাবোৰৰ মিলিত প্ৰচেষ্টাত বেন্না, কলগছ , বাঁহৰ ছটা, কামীৰে যতন কৰি ভেলা ঘৰ আৰু ভেলাপূঁজি ( মেজি )  প্ৰস্তুত হয়।

বৰপেটাত পুহ মাহত বিহু উদযাপনৰ নিয়ম নাই। পুহ-মাঘৰ সংক্ৰান্তিৰ নিশাহে  বিহুৰ উৰুকা পাতে। এইখিনিতে  এটা গুৰুত্বপূৰ্ণ কথা উনুকিয়াব বিচাৰিছো——–  কীৰ্ত্তন ঘৰত   ভকত বৈষ্ণৱসকলে ভক্তিৰসত বুৰ গৈ  দৈনিক নৈমিত্তিক চৈধ্য প্ৰসঙ্গ কৰে।  –“নিজৰা ” কবি  শ্ৰদ্ধাৰ শৈলধৰ ৰাজখোৱা দেৱে   সত্ৰৰ ঈশ্বৰ মহিমাত একাত্ম হৈ  ‘বৰপেটা’ কবিতাটোত    কাব্যৰ ৰূপাংকৰ ঘটাই  লিখিছিল—–

অসমৰ কাশীপুৰী    দ্বাৰকা মথুৰাপুৰী

অসমৰ বৰপেটা ধাম।

চাই যোৱা বাটৰুৱা         পৰাণ জুৰাই যোৱা

শুনি যোৱা  হৰি গুণ-নাম।।

সকলোৰে মুখত কেৱল হৰি গুণ কীৰ্তন ,  ধৰ্মবাদৰ গুণাগুণ বিশ্লেষণ।  আমাৰো হৃদয়  বৰপেটীয়া বুলি উল্লাসিত হয়। ভাষা সংস্কৃতি যেন আমাৰ হৃদয়ৰ  সুকোমল আভা।  বিহু নিমিত্তে কীৰ্ত্তন ঘৰত উৰুকাৰ ৰাতি ভকত বৈষ্ণৱসবে  “গুৰু ঘাঁত ” বজায়। সত্ৰৰ নিয়ম  অনুসৰি  মকৰ-সংক্ৰান্তিৰ পৰা মাঘৰ চাৰি তাৰিখলৈকে পাচদিনীয়াকৈ “মাগোদ্দম্হি” পালন কৰা হয়। এই বিহু কেইদিন বুঢ়া-মেঠাই দিনটো লঘোণে থাকি দম্হি পালে। মাঘৰ পহিলা তাৰিখ “বদ্দম্হি” ( বৰদোমাহী )ৰ পৰা   কীৰ্ত্তন ঘৰত বিহুৰ কেইদিন  “

ভকত সবৰ মাজত ” চৰিত তোলা ”  ধৰ্মীয় পৰ্ব অনুষ্ঠিত হয়  ।  উৰুকা ৰাতি   বৰপেটাৰ  বাইছখন হাটীৰ   হাইটা চ’ক ( হাটীৰ চ’ক ) ত  ৰাইজে চাৰিকোণীয়াকৈ দ গাঁত খান্দি  ডাঙৰ    গছ, শুকান  ডাল ঠেঙুলি কাঠত দমদমকৈ জুই জ্বলায় দিয়ে। হাইটা ঘৰত  সকলো মিলি আলু ভজা খোৱাটো আজোককাৰ দিনৰে পৰা প্ৰাচীন  পৰম্পৰা ।

আজিকালি অৱশ্যে ঠায়ে ঠায়ে নিজাকৈ দুই চাৰিজনে লগ হৈ  খানা  পাতে ( লগ হৈ  খোৱা ভোজ ভাত )।  উৰুকা ৰাতি  আনৰ ঘৰৰ পৰা  জেওৰা ,খৰি, আলু কবি, হাঁহ ,কুকুৰা চুৰ কৰি অনা মাগবিহুৰ বৈশিষ্ট্য। গোটেই ৰাতি   গাঁতৰ কাষত বহি জুইৰ উম লয় ; শীতৰ ঠৰঙা জাৰৰ পৰা পৰিত্ৰাণ পায়। এই প্ৰথাটোক বৰপেটীয়া ভাষাত “গাঁতা ৰাখা”  বা “ধুনি পোঁওৱা” বুলি কয়  । সেই ৰাতিয়ে আই মাতৃ সকলে মাটিৰ তাৱাত বৰা পিঠা  বনায়।

মাঘৰ পহিলা তাৰিখ —- “বদ্দম্হি”– অৰ্থাৎ ভোগালী মাঘ বিহুৰ বৰদোমাহী ।   বদ্দম্হিৰ দিনা  কীৰ্ত্তন ঘৰৰ   গা-পা-ধুই ভকতৰ সঙ্গে হৰি কীৰ্তন কৰি সত্ৰাধিকাৰ বাপজনাই টুপৰ চোতালত ভেলাপঁজিত  ( মেজি ) অগ্নি প্ৰজ্বলন কৰে। নাম- প্ৰসঙ্গ কৰি সেৱা কৰিবলৈ যোৱা ভক্তসবৰ মাজত মাহ-প্ৰসাদ বিতৰণ কৰে।

বৰপেটাত বদ্দম্হিটোৱে হ’ল মাঘ বা ভোগালী বিহু—- আমাৰ মুখত “মাগবিহু ” বা মাগোদ্দম্হি । পূবে সুৰুযে ফাট দিয়াৰ লগে লগে মহাপুৰুষীয়া ভকতে নৈ-জানত গা-পা তিয়াই আহে । হাত চাপৰি , তাল  বজাই নাম কীৰ্তন কৰি  অহা ভকত সকলক    হাটীৰ  প্ৰতিঘৰ মানুহে   পদূলিত আঠু লৈ নৈবেদ্যৰ শৰাই   আগবঢ়ায় । তেওঁলোকে গৃহস্থৰ মঙ্গলৰ হকে  হৰিধ্বনি তুলি আশীৰ্বাদ দিয়ে। প্ৰতিটো দলে নিজ নিজ  হাইটাৰ চ’কত ( হাটীয়াৰ চ’ক )  সজাই থোৱা ভেলাপূঁজি  বা ভেলামাগত    অগ্নি দেৱতাক সেৱা জনাই  অগ্নি সংযোগ কৰে। জনশ্ৰুতিমতে এটা লোকাচাৰ ; কিছুলোকৰ মতে —মাগোদ্দম্হিত  প্ৰজ্বলন কৰা ভেলাপূজিটো  হেনো ভীষ্মৰ চিতাৰজুই। অৱশ্যে এই লোকাচাৰ কিমান সত্য এই অধমে ন-দি কোৱাৰ সাহসীকতা নকৰো।  বিহুত বনোৱা পিঠা লাৰু মাহকাৰে পূঁজি বা ভেলামাগলৈ দলিয়াই প্ৰণাম নকৰিলে  অগ্নিদেৱৰ ৰোষত পৰি বিপদ হোৱাৰ আশংকা থাকে  বুলি প্ৰবাদ আছে।

মেজিৰ নিঃশেষ  ধোৱাৰ ভষ্ম-ছাই  ৰাইজে  আশীষ বুলি কপালত আকি লয়।   আন ঠাইৰ দৰে বৰপেটাটো  মাগোদ্দম্হিত বয়সৰ অনুপাতে ইজনে সিজনৰ প্ৰতি দেখুৱা শ্ৰদ্ধা মৰম লোকজীৱনৰ মাজত  বিহু সমিলমিলৰ কটকটীয়া এনাজৰী।  মাঘ বিহুৰ পিঠা,পায়স ,লাৰু, দৈ সান্দহ মাহকাৰে  বদ্দম্হিৰ দিনা খোৱাটো  ভাল । বয়স্ক বুলি কথা কৰবাত– হেঁপাহ একেই…… ভোগালীৰ জলপানত  থাকে অসমীয়া সাচতীয়া অস্তিত্ব। চেঙেলীয়াই মাহকাৰে গাইলে (  আঙুলিৰে মুখৰ ভিতৰলৈ দলিয়াই খোৱা  ) সমনীয়াক মাতে—মাহকাৰে খাউ , বাটে বাটে যাউ ; মোৰ লগত যোনি আহে তাকে এগাল দিউ—– চেঙেলীয়া গীতে  শৈশৱৰ সোণালী স্মৃতি  সোঁৱৰায়। নিমন্ত্ৰণ ক্ৰমে ইজনে -সিজনৰ ঘৰলৈ গৈ পিঠা পনা, জা-জলপান খাই বিহুৰ আনন্দ উপভোগ কৰে।    ভোগালী বিহু —- আই মাতৃ বাপ সকলৰ অতিথি আপ্যায়নৰ সূৱৰ্ণ সুযোগ– আই-মাতৃ সবৰ বাবে—- অতিথি সাক্ষাৎ দামোদৰ ।

৪ তাৰিখে বিহু   বিদায়ৰ ক্ষণত ( বিহু বাইৰ্হ  ) বদ্দম্হিৰ দৰে হাইটা ঘৰত আলু ভজাৰ নিয়ম আছে।  একেই আয়োজন  হাটীৰ  গাঁতাত।   বৰপেটাৰ লোক সমাজত মাগবিহুত কথিত ভাষা লাব্ৰা  ( মিশ্ৰণ তৰকাৰী ) ৰন্ধাৰ  যথেষ্ট গুৰুত্ব আছে। আলুভাজি খোৱাটো  বৰপেটা ৰাইজৰ বৰ গুৰুত্বপূৰ্ণ  লোক সংস্কৃতি ।