ৰীমা দাসলৈ নিউয়ৰ্কৰ সন্মানীয় বঁটা
ৰঙিলী বাৰ্ত্তাসেৱা- নতুন বছৰৰ আৰম্ভণিৰ প্ৰাক্ক্ষণত অসমবাসীৰ বাবে আন এটি ভাল খবৰ কঢ়িয়াই আনিছে বিশিষ্ট বোলছবি পৰিচালক ৰীমা দাসে। ইতিপূর্বে ‘ভিলেজ ৰকষ্টাৰ্ছ’ ছবিৰ জৰিয়তে শ্রেষ্ঠ আন্তঃৰাষ্ট্ৰীয় ছবিৰ একাডেমী বঁটা আৰু ৰাষ্ট্ৰীয় চলচ্চিত্র বঁটাকে ধৰি বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় বঁটাৰে অসমবাসীৰ বাবে গৌৰৱ কঢ়িয়াই অনা চলচ্চিত্র নির্মাতা ৰীমা দাসে পৰিচালক হিচাপে ‘নিউয়র্ক ৱ’মেন ইন ফিল্ম এণ্ড টেলিভিছন এবার্ড’ লাভ কৰি আন এক আন্তঃৰাষ্ট্ৰীয় সম্মান কঢ়িয়াই আনিছে। ২০২৫ চনত নিৰ্মাণ কৰা ৰীমা দাসৰ শেহতীয়া চিনেমা ‘ভিলেজ ৰকষ্টাৰ্ছ-২’ৰ পৰিচালনাৰ বাবে ৰীমা দাসক নিউয়ক পৰিচালকৰ বাবে ‘ৱমেন ইন ফিল্ম এণ্ড টেলিভিছন এৱাৰ্ড’ (NYWIFT) প্ৰদান কৰা হৈছে। চলচ্চিত্ৰলৈ আগবঢ়োৱা বিশিষ্ট অৱদানৰ বাবে চলিত বৰ্ষত এই স্বীকৃতি প্রদান কৰা ১১ গৰাকী আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চলচ্চিত্র নির্মাতাৰ সৈতে ৰীমা দাসো অন্যতম হিচাপে অন্তর্ভুক্ত হৈছে। এই সম্মান লাভ কৰি ৰীমা দাসে কয়, ‘ভিলেজ ৰকষ্টাৰ্ছ-২ৰ বাবে নিউয়ক র’মেন ইন ফিল্ম এণ্ড টেলিভিছনৰ পৰা এই সন্মান লাভ কৰাটো মোৰ বাবে গভীৰ অৰ্থবহ। মোৰ বাবে এই সম্মান কেৱল ব্যক্তিগত নহয়, সততা আৰু জীৱন্ত অভিজ্ঞতাৰে কাহিনী কোৱা ভাৰতীয় চিনেমাই যে সীমা অতিক্রম কৰি যাত্ৰা কৰিব পাৰে তাৰ আন এক নিশ্চিতি। মোৰ চিনেমাৰ যাত্ৰা আৰু আকাংক্ষা অতিশয় ব্যাপ্ত আৰু এই সমর্থনে অধিক অন্তর্নিহিত ৰূপৰ বিশ্ব চিনেমা গঢ়াৰ ক্ষেত্ৰত মোৰ বিশ্বাসক শক্তিশালী কৰিলে।’ উল্লেখ্য যে নিউয়র্ক ‘র’মেন ইন ফিল্ম এণ্ড টেলিভিছন এৱাৰ্ড’ (NYWIFT) হৈছে আমেৰিকাৰ বিনোদন উদ্যোগৰ আটাইতকৈ সন্মানীয় অবাণিজ্যিক প্রতিষ্ঠানৰ অন্যতম, যি চিনেমা, টেলিভিছন আৰু ডিজিটেল মিডিয়াত কৰ্মৰত নাৰীসকলক সহায়-সমর্থন, উদগনি দিয়ে। NYWIFTৰ মুখ্য কাৰ্যবাহী বিষয়া চিন্থীয়া লোপেজৰ ভাষাত এয়া হৈছে, ‘চিনেমা নির্মাতাই চিনেমা নির্মাতাক কৰা সমর্থন’ আৰু ইয়াৰ জৰিয়তে নাৰীৰ সৃষ্টিশীল কণ্ঠ আৰু কৰ্ম বৰ্তাই ৰখাৰ হকে এক বিশ্বব্যাপী পৰিস্থিতিতন্ত্র প্রতিষ্ঠা কৰা। এই সম্মান লাভৰ জৰিয়তে ৰীমা দাসে আন্তঃৰাষ্ট্ৰীয় বঁটাপ্রাপক এদল প্রসিদ্ধ লোকৰ সৈতে স্থান পালে। তেওঁলোকৰ ভিতৰত আছে- ছুজানা হার্বার্ট (Natchez), চেৰিয়ান ডাভিচ (All That’s Left of You), সোণালী বসু (A fly on the wall), ৰাছেল ইমাৰাজ (An Unquiet Mind), এলেনা নিউমেন (Looking UP), কার্স্টিন কার্লহিউ বাৰ (After All), লিজা কানিংহাম (Me Period), জেকী কুইননেজ (Miles Away), ছাৰা খাকী আৰু মহম্মদৰেজা এইনী (Cutting Through Rocks) আৰু ৰাছেল ইজৰাইল (The Floates) |
