পূর্বে অসমলৈ অবৈধ বিদেশী অহাটো সহজ আছিল, এতিয়া অসম্ভৱঃ নীতিন নবীন

পূর্বে অসমলৈ অবৈধ বিদেশী অহাটো সহজ আছিল, এতিয়া অসম্ভৱঃ নীতিন নবীন

ৰঙিলী বাৰ্ত্তাসেৱা- কংগ্ৰেছ চৰকাৰৰ দিনত অসমলৈ সন্দেহযুক্ত বাংলাদেশী তথা অবৈধ বিদেশী অহাটো তেনেই সহজ ঘটনা আছিল । কিন্তু এতিয়া সেয়া সম্ভৱ নহয়। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে গ্ৰহণ কৰা কঠোৰ পদক্ষেপে ৰোধ কৰিছে অনুপ্ৰৱেশকাৰীক। এই মন্তব্য বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীনৰ । শুকুৰবাৰৰ পৰা দুদিনীয়াকৈ গুৱাহাটী মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তঃজাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাৰ উদ্বোধনী সত্ৰত কাৰ্যকৰ্তাসকলৰ সন্মুখত বক্তব্য ৰাখি এই মন্তব্য বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীনৰ ৷ দলৰ শীৰ্ষ দায়িত্ব গ্ৰহণ কৰাৰ পিছতে ৰাজ্যিক কার্যনির্বাহক সভাত অংশগ্ৰহণৰ উদ্দেশ্যে অসমলৈ অহা বিজেপিৰ অন্যতম সাংগঠনিক কাণ্ডাৰীজনে বৈঠকত ভাষণ প্রদান কৰি কয়- মই তেনে এক পৰিৱেশ দেখিছোঁ অবৈধ অনুপ্ৰৱেশকাৰীক ভোটবেংক হিচাপে ব্যৱহাৰ কৰি অসমলৈ অবাধ গতিত আহিবলৈ সুবিধা কৰি দিয়া হৈছিল। আমাৰ ভূমিৰ অধিকাৰ, আমাৰ মানুহৰ অধিকাৰ অনুপ্ৰৱেশকাৰীয়ে কাঢ়ি নিছিল। কিন্তু এইবোৰ দেখিও নীৰৱ ভূমিকা লৈছিল সেই সময়ৰ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে। কিন্তু ৰাইজে বিজেপিৰ ওপৰত ভৰসা কৰিলে। এই ভৰসাৰ ফলশ্রুতিতেই আজি অবৈধ অনুপ্ৰৱেশকাৰীক ৰোধ কৰিবলৈ সক্ষম হৈছে এই চৰকাৰখনে। বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে অসমৰ ৰাইজৰ বিশ্বাস আৰু আশীৰ্বাদ ল’বলৈ সক্ষম হৈছে।

 

উল্লেখ্য যে কার্যনির্বাহক বৈঠকত অংশগ্ৰহণৰ বাবে বৰঝাৰ বিমানবন্দৰত অৱতৰণ কৰাৰ পিছতেই ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতিগৰাকীক উষ্ম আদৰণি জনালে ৰাজ্যিক বিজেপিয়ে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, ৰাষ্ট্ৰীয় উপ-সভাপতি বৈজয়ন্ত জয় পাণ্ডাকে ধৰি কেইবাজনো শীর্ষ নেতাই ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতিজনক আদৰণি জনায়। প্রায় ২০ সহস্রাধিক কার্যকর্তাই লোকপ্রিয় গোপীনাথ বৰদলৈ বিমানবন্দৰৰ পৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ এক বিশাল শোভাযাত্ৰাৰে নীতিন নবীনক আদৰি আনে। উল্লেখ্য যে বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ অংশস্বৰূপে দুদিনীয়া কাৰ্যসূচীৰে কলাক্ষেত্ৰত অনুষ্ঠিত ৰাজ্যিক বিজেপিৰ কার্যনির্বাহক বৈঠকত বিশেষভাৱে উপস্থিত থাকি নীতিন নবীনে নির্বাচনলৈ দলৰ সকলো বিষয়ববীয়া তথা কার্যকর্তাক সাজু হ’বলৈ আহ্বান জনাই প্ৰতিগৰাকী ভোটাৰৰ ওচৰলৈ যাবলৈ আহ্বান জনায়। বিজেপিয়ে ৰাজ্যখনৰ সকলো জাতি-জনগোষ্ঠীৰ ওচৰত থিয় হ’বলৈ সক্ষম হৈছে বুলি দাবী কৰি ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতিগৰাকীয়ে এই নিৰ্বাচনৰ জৰিয়তে পুনৰবাৰ বিজেপিৰ নেতৃত্বত এনডিএ চৰকাৰ গঠন হোৱাটো নিশ্চিত বুলি উল্লেখ কৰে। অসমৰ সৈতে পুৰণি সম্পৰ্ক থকাৰ কথা উল্লেখ কৰি তেওঁ কয়-২০০৯ চনৰ পৰা যুৱ মৰ্চাৰ সাংগঠনিক কাম-কাজৰ জৰিয়তে অসমৰ সৈতে এক নিবিড় সম্পর্ক গঢ়ি তুলিছিলোঁ মই। সেই সময়ৰ ৰাজনৈতিক পৰিস্থিতি আৰু আজিৰ ৰাজনৈতিক পৰিস্থিতিৰ ব্যাপক সলনি হৈছে। ২০১৬ চনৰ পৰা বর্তমানলৈকে অসমত বিজেপি চৰকাৰে বিকাশৰ ক্ষেত্ৰত আমূল পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে। কাৰ্যনিৰ্বাহক বৈঠকৰ উদ্বোধনী অনুষ্ঠানৰ পূৰ্বেই ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতিগৰাকীক মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক সভাপতি দিলীপ শইকীয়া আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিশেষভাৱে আদৰণি জনায়।