অভিমান…
শ্বৰীফ
লক্ষীপুৰ,গোৱালপাৰা
নুবুজিলা তুমিও
বুজিবৰ চেষ্টাও নকৰিলা
তোমাৰ হাঁহিমুখীয়া মুখখনি
অভিমানৰ ভাঁজে ভাঁজে শেঁতা পৰিছে
প্ৰাণ ভৰি উঠা গুলপীয়া সপোন আজি পিছে নাই
উকা উকা মন…
ভাবো অনুক্ষণ
জুমি জুমি চাও
হেৰাই যাও কল্পনাৰ মায়াজালৰ মাজত
তোমাৰ অহংকাৰ মান-অভিমান
য’ত সফলতাত হাঁহি-গান
এক অবুজন মায়াৰ টান
মাদকতাভৰা কাতৰ প্ৰাণ
এয়াই চাগে আত্মীক ভালপোৱা
ধূলিৰ ধৰাৰ অবুজ আকৰ্ষণ
মোৰ মাজতে মই শেষ হৈ যাম
নিবিচাৰোঁ
নিবিচাৰোঁ তোমাৰ দুহাত…
ভাপৰ দৰে তপ্ত দুখত আকাশলৈ উৰি যাওঁ
নাছিল পোৱাৰ বাসনা,
কৰা নাছিলোঁ লালসা
ঋতু কালিন পক্ষীৰ দৰে
এক বিমূৰ্ত ভাৱনাত বিভোৰ…
মোৰ ভালপোৱাৰ পদূলিত
তোমাৰ মৰহা ফুলৰ আমোলমোল সুবাস…
