প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ওপজা দিনত ৰক্তদান মুখ্যমন্ত্ৰীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৫৩সংখ্যক জন্মদিনটোত ৰক্তদান কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অভিযোগ- জুবিনে মদ খাই ভাল নাপাইছিল, জুবিনক মদ খুওৱা হৈছিল। মদ জুবিনৰ পৰিচয় নাছিল। যেতিয়া জুবিনক মানুহে ব্যৱহাৰ কৰিছিল, তেতিয়াই জুবিনক মদ খুৱাই দিয়া হৈছিল। যেতিয়াই জুবিন মোৰ ওচৰলৈ আহিছিল, কেতিয়াও মদ খাই অহা নাছিল। জুবিনক ওচৰ-পাঁজৰৰ লোকসকলে সদায় মদ খুৱাই দিছিল যাতে সহজ-সৰল ল’ৰাজনক ব্যৱহাৰ কৰিব পাৰিে। দুর্ভাগ্যজনকভাৱে জুবিনে মদ খোৱা কথাটো অসমৰ বহু লোকে তেওঁৰ মৃত্যুৰ পিছত প্ৰচাৰ চলালে যে মদেৰেহে জুবিনক শ্রদ্ধাঞ্জলি জনাব পাৰি। এয়া সম্পূর্ণ মিছা কথা। অভিযোগনামাত এই কথা স্পষ্ট কৰা আছে যে জুবিনক ষড়যন্ত্রমূলকভাৱে মদ খুওৱা হৈছিল। যাতে জুবিনৰ ধন-সম্পত্তি এচামে লুণ্ঠন কৰিব পাৰে। মদ জুবিনৰ পৰিচয় নাছিল। জুবিনৰ পৰিচয় আছিল সংগীত, জুবিনৰ পৰিচয় আছিল দুখীয়া-নিৰাশ্রয়ীজনৰ ওচৰত থিয় হোৱা, জুবিনৰ পৰিচয় আছিল অন্যায়ৰ বিৰুদ্ধে মাত মতা। গতিকে আমি মানুহক শিকাব খুজিছোঁ, যুৱপ্ৰজন্মক আমি প্ৰেৰণা যোগাব খুজিছোঁ যে জুবিনক নাহৰৰ মাজেৰে জীয়াই ৰাখক, জুবিনক দুখীয়াজনক সেৱা কৰি জীয়াই ৰাখক, জুবিনক ৰক্তদানেৰে জীয়াই ৰাখক, জুবিনক তেওঁৰ গানেৰে জীয়াই ৰাখক, জুবিনক সৃষ্টিৰে জীয়াই ৰাখক, মদেৰে নহয়। উল্লেখ্য যে জুবিন গাৰ্গৰ ৫৩সংখ্যক জন্মদিন উপলক্ষে খানাপাৰা পশু চিকিৎসালয় খেলপথাৰত আয়োজিত শ্রদ্ধাঞ্জলি অনুষ্ঠান আৰু ৰক্তদান কাৰ্যসূচীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীয়ে। এই অনুষ্ঠানত ভাষণ দি তেওঁ কয়- আজি আমাৰ মৰমৰ জুবিন গাৰ্গৰ ৫৩সংখ্যক জন্মদিন। তেওঁৰ সংগীত, তেওঁৰ কণ্ঠ আৰু অসমীয়াৰ হৃদয়ত তেওঁৰ অবিচ্ছেদ্য স্থানৰ কথা সোঁৱৰাই দিয়া এটা দিন। আমি তেওঁৰ কালজয়ী সৃষ্টিৰ জৰিয়তে আমাৰ হৃদয়ত জুবিনক জীয়াই ৰাখিম। জুবিন গাৰ্গ দুখীয়া আৰু আৰ্তজনৰ গায়ক। সেয়েহে তেওঁৰ জন্মদিনত ৰক্তদান শিবিৰৰ আয়োজন কৰা হৈছে যাতে দৰিদ্ৰ আৰু নিৰাশ্রয়ী লোক উপকৃত হয়। মন কৰিবলগীয়া যে জুবিনবিহীন অসমত আজি শিল্পীগৰাকীৰ প্ৰথমটো জন্মদিন। অসমবাসীৰ লগতে সহস্রজন অনুৰাগীৰ প্ৰাণৰ শিল্পীগৰাকীৰ এই জন্মদিনটো অধিক স্মৰণীয় কৰিবলৈ বিজেপিয়ে ‘জীৱন সুৰভি’ নামেৰে ৰাজ্যখনৰ ৫৩টা স্থানত ৰক্তদান আৰু ৰক্তবর্গ নিৰ্ণয় শিবিৰ অনুষ্ঠিত কৰি প্ৰয়াত শিল্পীগৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি অর্পণ কৰে। এই উপলক্ষে খানাপাৰাত আয়োজন কৰা কেন্দ্ৰীয় ৰক্তদান শিবিৰ উদ্বোধন কৰে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। মুখ্যমন্ত্ৰীৰ ঘোষণা- অসমত বিজেপি থকালৈকে জুবিন গাৰ্গৰ প্ৰতিটো জন্মদিনতে তেজেৰে সন্মান জনোৱা হ’ব। জুবিনৰ গানেৰে, জুবিনৰ সৃষ্টিৰে, জুবিনৰ সমাজ সেৱাৰে আমি জুবিনক জীয়াই ৰাখিম। উল্লেখ্য যে সমগ্র ৰাজ্যতে কেইবাগৰাকীও মন্ত্ৰী, বিধায়ক, সাংসদ তথা দলৰ কেইবাসহস্র কার্যকৰ্তাই ৰক্তদানেৰে প্ৰাণৰ শিল্পীগৰাকীৰ ৫৩সংখ্যক জন্মদিনৰ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। ৰক্তদান কাৰ্যসূচীৰ দ্বাৰা প্ৰায় ৫,৩০০ ইউনিট ৰক্ত সংগ্ৰহ কৰি বিভিন্ন চিকিৎসালয়ৰ ব্লাড বেংকলৈ প্ৰেৰণ কৰা হৈছে, যিটো অন্য এক অভিলেখ হিচাপে পৰিগণিত হৈছে।
