শূন্য ব্যয় বীমা আঁচনিৰ ধনৰাশি বিতৰণ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
ৰঙিলী বাৰ্ত্তাসেৱা- লোকসেৱা ভৱনত আয়োজিত এক বিশেষ অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই শূন্য ব্যয় বীমা আঁচনিৰ অধীনত সাতটা পৰিয়ালক বীমাৰ ধনৰাশি আনুষ্ঠানিকভাৱে বিতৰণ কৰে। একে অনুষ্ঠানত ৰাজ্য চৰকাৰৰ ঠিকাভিত্তিক আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ কৰ্মচাৰীসকলক এই বীমা আঁচনিৰ সুবিধা আগবঢ়োৱাৰ বাবে এক্সিছ বেংকৰ সৈতে এখন বুজাবুজিৰ চুক্তিও স্বাক্ষৰিত হয়। উল্লেখযোগ্য যে অসম চৰকাৰে কৰ্মচাৰীসকলৰ কল্যাণ আৰু আৰ্থিক নিৰাপত্তা শক্তিশালী কৰাৰ প্ৰয়াসেৰে চলিত বৰ্ষৰ জানুৱাৰী মাহত এই শূন্য ব্যয় বীমা আঁচনিখন প্ৰৱৰ্তন কৰিছিল। এই আঁচনিৰ লক্ষ্য হৈছে ৰাজ্য চৰকাৰৰ সকলো স্থায়ী নিয়মীয়া কৰ্মচাৰীক তেওঁলোকৰ ওপৰত কোনোধৰণৰ আৰ্থিক বোজা নোহোৱাকৈ ব্যাপক বীমাৰ সুবিধা প্রদান কৰা। বীমা আঁচনিখনৰ অধীনত পাঁচটা ক’ভাৰেজ অন্তর্ভুক্ত কৰা হৈছে। সেয়া হৈছে- ন্যূনতম ২ কোটি টকাৰ বিমান দুর্ঘটনাজনিত বীমা, সর্বাধিক ১ কোটি টকাৰ ব্যক্তিগত দুর্ঘটনাজনিত বীমা, সর্বাধিক ১ কোটি টকাৰ স্থায়ী সম্পূর্ণ পংগুত্বৰ বীমা, সর্বাধিক ৮০ লাখ টকাৰ স্থায়ী আংশিক পংগুত্বৰ বীমা আৰু ন্যূনতম ১০ লাখ টকাৰ ম্যাদী জীৱন বীমা। শূন্য ব্যয় বীমা আঁচনিৰ অংশ হিচাপে মুখ্যমন্ত্রী ড° শৰ্মাই আজি সাতটা পৰিয়ালক বীমাৰ সুবিধাৰ চেক প্ৰদান কৰে। ইয়াৰে চাৰিটা পৰিয়ালে ব্যক্তিগত দুর্ঘটনাজনিত বীমাৰ অধীনত ১ কোটি টকাকৈ, দুটা পৰিয়ালে সমূহীয়া ম্যাদী জীৱন বীমাৰ অধীনত ১০ লাখ টকাকৈ আৰু এটা পৰিয়ালে স্থায়ী আংশিক পংগুত্বৰ বীমাৰ অধীনত বীমাৰ ধন লাভ কৰে। আঁচনিখনৰ সফলতাৰ ওপৰত ভিত্তি কৰি ৰাজ্য চৰকাৰে ঠিকাভিত্তিক আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ কৰ্মচাৰীসকলক এই শূন্য খৰচী কৰ্মচাৰী বীমা আঁচনিৰ অধীনত অন্তর্ভুক্ত কৰাৰ বাবে এক্সিছ বেংক লিমিটেডৰ সৈতে এক নতুন বুজাবুজি চুক্তিতো আনুষ্ঠানিকভাৱে স্বাক্ষৰ কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে চৰকাৰে আৰম্ভ কৰা বীমা আঁচনিখনে ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে আর্থিক সুৰক্ষা আৰু মৰ্যাদা নিশ্চিত কৰাৰ অবিৰত দায়বদ্ধতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। এতিয়ালৈকে সমগ্র ৰাজ্যত চাৰি লাখৰো অধিক চৰকাৰী কৰ্মচাৰী আঁচনিখনৰ অধীনত পঞ্জীয়নভুক্ত হৈছে। ইয়াৰ অধীনত এইপর্যন্ত মুঠ ২৩৮টা দাবী লাভ কৰা গৈছে। ইয়াৰে ২০৩টা দাবী নিষ্পত্তি কৰা হৈছে, যাৰ ফলত শোকসন্তপ্ত পৰিয়ালসমূহক সময়মতে আর্থিক সাহায্য আগবঢ়োৱাটো সম্ভৱ হৈ উঠিছে। তেওঁ লগতে কয় যে শূন্য খৰচী কৰ্মচাৰী বীমা আঁচনিৰ জৰিয়তে সকলো স্থায়ী আৰু নিয়মীয়া চৰকাৰী কৰ্মচাৰীক বিনামূলীয়াকৈ বিস্তৃত বীমাৰ সুবিধা প্ৰদান কৰাৰ পৰিকল্পনা লোৱা হৈছিল। এতিয়া এক্সিছ বেংকৰ সৈতে বুজাবুজিৰ চুক্তিৰ জৰিয়তে ঠিকাভিত্তিক আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ কৰ্মচাৰীসকলৰ বাবেও এই সুবিধা সম্প্ৰসাৰণ কৰা হৈছে। বিত্ত বিভাগে সকলো বিভাগৰ সমন্বয়ত এই পদক্ষেপ ৰূপায়ণ কৰি আছে। আঁচনিখনৰ ফলপ্রসূ ৰূপায়ণ আৰু নিৰীক্ষণৰ বাবে কোষাগাৰ বিষয়াসকলক ন’ডেল বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে। কৰ্মচাৰীসকলৰ দৰমহা জমা হোৱা একাউণ্টৰ সেৱা প্ৰদান কৰা ভাৰতীয় ষ্টেট বেংক, ইউনিয়ন বেংক অৱ ইণ্ডিয়া, পাঞ্জাব নেচনেল বেংক, এক্সিছ বেংক আৰু ইণ্ডিয়ান বেংকৰ দৰে ৫টা প্রধান বেংকৰ সৈতে চুক্তিৰ জৰিয়তে এই আঁচনিখন পৰিচালনা কৰা হৈছে। আঁচনিখনৰ সৈতে জড়িত আর্থিক সকাহৰ কথা বিবেচনা কৰি এই বীমা আঁচনি সন্দৰ্ভত ৰাজ্যৰ কৰ্মচাৰীসকলৰ মাজত ব্যাপক সজাগতা সৃষ্টিৰ প্ৰয়োজনীয়তাত তেওঁ গুৰুত্ব আৰোপ কৰে। ৰাজ্য চৰকাৰে কৰ্মচাৰীসকলৰ কল্যাণৰ বাবে হাতত লোৱা বিভিন্ন পদক্ষেপৰো তেওঁ চমু আভাস দাঙি ধৰে। এই অনুষ্ঠানত বিত্তমন্ত্রী অজন্তা নেওগ, শিক্ষামন্ত্ৰী ৰণোজ পেণ্ড, জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, পশুপালন মন্ত্রী কৃষ্ণেন্দু পাল, মুখ্য সচিব ড° ৰবি কোটাকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
