অন্ধকাৰৰ সীমনাত প্ৰাপ্তিৰ কিৰণ
নাচিমা য়াচমিন,
বিশ্বনাথ চাৰিআলি
খুৰীয়েকে বিয়াৰ সাঁজযোৰ নন্দিনীৰ গালৈ একপ্ৰকাৰ দলিয়াই দি নিৰ্দয়ভাৱে ক’লে —” সোনকালে এই কাপোৰযোৰ পিন্ধি ভালদৰে ৰেডি হৈ তললৈ আহ । নাটক দেখুৱাই একো লাভ নাই। মানুহ আহিবৰ হ’ল। ভালে ভালে মানি যা কৈছোঁ,দেৰি কৰিলে মই তোক বুজাবলৈ অন্য ৰাস্তা ভাৱিয়ে ৰাখিছোঁ। সেইয়া তোৰ বাবে বৰ বেয়া হ’ব। তোৰ ভুলৰ শাস্তি অন্যই পাব। মোক তই এইবোৰ কৰিবলৈ বাধ্য নকৰিবি। সোনকালে ৰেডি হৈ ল। “
নন্দিনীৰ মুখেৰে এটা শব্দও ওলোৱা নাই। কেৱল বৈ গৈছে এটি নীৰৱ নৈ। চকুযোৰ ফুলি আহিছে। লগতে নাকটোও। গালদুখন ৰঙা পৰি গৈছে, এইয়া খঙতে নে অভিমানতে কোৱা টান। হয়তো নিজৰ ভাগ্যৰ ওপৰত খং কৰিছে তাই। নতুবা দেউতাকলৈ অভিমান জমা কৰি ৰাখিছে। নাই এনেদৰে কান্দি থাকি কোনো লাভ নহ’ব। বৰঞ্চ ইয়াৰ পৰিণাম বেয়াহে হ’ব। আৰু ইয়াৰ ফল ভুগিব লাগিব তাইৰ নিস্পাপ মাকজনী। সেয়ে তাই খং অভিমান ত্যাগি নিজৰ ভাগ্যৰ গভীৰ সাগৰত জঁপিয়াই দিবলৈ সাজু হ’ল।
খুৰীয়েকে দিয়া বিয়াৰ সাঁজযোৰত তাইক বৰ সুন্দৰজনী দেখাইছে। গাখীৰ বগা শৰীৰত গোলাপী ৰং সনা সাঁজযোৰে তাইক অন্য ৰূপে সজাই তুলিছে। নিজৰ জীৱনটোৰ ওপৰত বিৰক্ত হৈ পৰা নন্দিনীয়ে কেইবা ছেকেণ্ডলৈ সকলো খং- অভিমান পাহৰি তাইজনীৰ প্ৰতিবিম্বক চাই থাকিলে। কিন্তু মূহুৰ্ততে তাইৰ তন্দ্রা ভাঙিল খুৰীয়েকৰ চিঞৰত। — “তোক ভালদৰে কথা কৈ শুনাব নোৱাৰোঁ মই। ৰহ , মইয়ে মহাৰাণীক সজাই দিব লাগিব।” বুলি কৈ খুৰীয়েকে তাইক মূৰে- কপালে মাৰ এটা সোধাই সজাবলৈ ল’লে। এই মূহুৰ্তত তাই পৃথিৱীৰ আটাইতকৈ অলাগতীয়াল বস্তুৰ লগত নিজক তুলনা কৰিছে। বস্তুৰ দৰ দামৰ দৰেই তাইৰো দৰ দাম হৈছে। মোটা অংকৰ ধনৰ বিনিময়ত তাই নিজক এজন গুণ্ডাৰ হাতত তুলি দিবলৈ এনেদৰে সাজি আছে। চকুলোবোৰ এটোপ -এটোপ কৰি আহি তাইৰ হাততে পৰিছে। শিলৰ মূৰ্ত্তিটিৰ দৰেই তাই বহি আছে খুৰীয়েকৰ আদেশ পালন কৰি।
ড্ৰয়িং ৰূমৰ সু- সজ্জিত বিলাসী চফাৰ ওপৰত বহি আছে দুজনকৈ মানুহ। তাইৰ ফালে পিঠি দি থকাৰ বাবে চিনি উঠিব পৰা নাই। মূহুৰ্ততে তাইৰ বুকুখন মূচৰ খাই উঠিল। এইজন মানুহৰ ওচৰতে তাই বিক্ৰী হ’বলৈ গৈ আছে তাৰ মানে। তাইৰ ভৰি দুটি ক্ৰমান্নৱে অচলৰ ৰূপ ল’লে। কিন্তু লগত থকা খুৰীয়েকে তাইক একপ্ৰকাৰ চোঁচৰাই নিয়া দি নিলে। যিমান সোনকালে deal complete হ’ব সিমান সোনকালেই তেঁওৰ সপোনবোৰ পূৰণ হ’ব। অত দিনে মনত পুহি ৰখা ডাইমণ্ডৰ নেকলেছডালৰ লোভ, বিলাসী গাড়ীখন, আৰু কত যে কি।। মানুহজনীৰ মুখখন দেখিলেই বুজা গৈছে যে তেওঁ কিমান বেছি ফূৰ্তিত আছে।
তাইক অলপ মান আচৰিত কৰি খুৰীয়েকজনীয়ে কথাৰ সুৰ মৰমিয়াল কৰি ক’লে —” extremely sorry, আপোনাক wait কৰালো। আপোনাৰ special day টো আৰু অলপ special কৰাবলৈ হে অকণমান কষ্ট দিলোঁ। আপুনি কি ল’ব চাহ কফি,,,,,?” সন্মুখৰ পৰা কোনো ধৰণৰ উত্তৰ নাহিলে। নন্দিনীয়েও সন্মুখৰ মানুহজনৰ ফালে চোৱাটোও প্ৰয়োজনবোধ নকৰিলে। তাই পেলনীয়া বস্তুহে। বস্তু জড় পদাৰ্থ। গতিকে তাই নিজকে তেনেকৈয়ে ৰাখিলে। খুৰাকৰ নিৰ্দেশমতে তাই খালি থকা ঠাইখনিত বহিলে। ওচৰত বহি আছে এজন পুৰুষ। পূৰ্ব পৰিকল্পনা অনুযায়ী সকলো কাম হৈ গ’ল। তাইক যিদৰে কৈ গৈছে তাই মাথোঁ কৰি গৈছে। অৱশেষত নন্দিনী নামৰ বস্তুটোৰ বিক্ৰী হৈ গ’ল। তাই চহী কৰি শেষ কাৰ্য সম্পূৰ্ণ কৰিলে। তাই এতিয়া আইনীমতে কাৰোবাৰ পত্নী। কিন্তু কাৰ,,, ?শুনামতে মানুহজন গুণ্ডা। কিন্তু এতিয়ালৈকে তাই তেঁওৰ মুখ পৰ্য্যন্ত দেখা নাই। খুৰা -খুৰীয়ে তাইক বিক্ৰী কৰি পোৱা টকাৰ বেগ লৈ আনন্দত আত্মহাৰা হৈ পৰিছে । তাইৰ চকুলোঁ চোৱাৰ সময় নো ক’ত। শেষবাৰৰ বাবে তাইক বিদায় দি বুকুত সুমুৱাই ল’বলৈও এজন মানুহ নাই কাষত। একমাত্ৰ আপোন মাকজনী – হস্পিতালৰ বেডত শুই আছে। তেওঁ থাকিলে অন্ততঃ সাৱটি ধৰি প্ৰাণ ভৰাই তাই কান্দিব পাৰিলে হয়।
ফুলেৰে সজ্জিত কোঠালীৰ মাজত তাই কোঁচ- মুচ খাই বহি আছে। তাইৰ প্ৰাণবায়ু উৰি যাওঁ উৰি যাওঁ অৱস্থা। গুণ্ডা এজনৰ সন্মুখত তাইৰ আৱেগৰ মূল্য কিমান? তদুপৰি তাইক টকাৰ বিনিময়ত ক্ৰয় কৰি আনিছে। যিদৰে বিচাৰে সেইদৰেই,,,,,, ! পিছৰখিনি আৰু তাই ভাবিব নোৱাৰিলে। দুৱাৰ খোলা শব্দ শুনি তাই চক খাই উঠিলে। দেখিলে স্বামীৰূপী মানুহজন ৰূমত সোমাই আহিছে। যিমানেই মানুহজন আগুৱাই আহিব ধৰিছে তাইৰ বুকুখন ধৰ -ফৰাই উঠিছে। কিন্তু তাইৰ প্ৰতিটো ভয়ক ভূল প্ৰমাণিত কৰি তেওঁ গাৰো লৈ বাহিৰলৈ ওলাই যায়। যোৱাৰ আগতে ৰূমৰ লাইট অফ কৰি দিয়ে। তাই অলপ নহয় বহুখিনি আচৰিত হয়। কথাবোৰ ভাৱি -চিন্তি থাকোঁতে কেতিয়া যে তাই টোপনি গ’ল গমকে নাপালে। শুই উঠোতে তাইৰ অলপ পলম হৈছে। তাইক ” good morning Mam ” বুলি কৈ মহিলা এগৰাকীয়ে তাইক কাপোৰ আৰু প্ৰয়োজনীয় সামগ্ৰীৰ টোপোলাবোৰ দি গ’ল। ৰাণীৰ দৰে ব্যৱহাৰ ; নিশ্চয় তাই এইবোৰ সপোন হে দেখি আছে বুলি অলপ সময় বিছনাৰ ওপৰতে বহি থাকিলে। একে ধৰণৰ শাৰী পিন্ধা অন্য এগৰাকী মহিলা আহি তাইক কৈ গ’ল সোনকালে ফ্ৰেচ হৈ তললৈ আহিবলৈ। চাৰে অপেক্ষা কৰি আছে তাইলৈ,,,,,
ঘটনাৰ আগ -মূৰ বিচাৰি নোপোৱা নন্দিনী বাথৰূমলৈ সোমায় যায়। প্ৰকাণ্ড বাথৰূমত প্ৰত্যেকটো বস্তুৱেই অত্যাধুনিক। যথেষ্ট সুন্দৰ। তাই গা -পা ধুই ওলাই আহি দি যোৱা কাপোৰ যোৰ পিন্ধি ল’লে। দুগৰাকী মহিলা আহি তাইক সুন্দৰকৈ সজাই দিলে। একেবাৰে ৰাণীৰ দৰে। তাৰ পাছত তাইক লগত লৈ তললৈ নামি গ’ল। ডাইনিং টেবুলত বহি আছে এজন পুৰুষ। তাইৰ স্বামীগৰাকী। পিছফালৰ পৰা তেওঁক চিনিব পাৰিলেও এতিয়ালৈকে তাই তেওঁৰ চেহেৰা দেখা নাই। তাই গৈ বহিলে মানুহজনৰ কাষৰ আসনত। মানুহজনে তাইৰ লগত একো কথা নাপাতি মনে মনে ব্ৰেকফাষ্ট কৰি উঠি গুছি গ’ল। যাওঁতে ইউনিফৰ্ম পিন্ধি থকা কেইবাজনী মহিলাক কৈ গ’ল কিবা কিবি। তাই কেৱল শেষৰ বাক্যটি শুনিলে।” মেমৰ যেন একো অসুবিধা নহয়।” মেম , মানে তাইৰ কথা কৈ আছিল নি বাৰু,,? ইমান যত্ন, ইমান আদৰ,,,,, তাইৰ দৰে বস্তুকো কোনোবাই যত্ন কৰিব পাৰে —বিশ্বাস কৰিব পৰা নাই।
দিনটো মানুহজনৰ কোনো খবৰ নাই। ৰূমতে বহি আছে তাই। হস্পিতালত থকা মাকজনীৰ খবৰ এটা লওঁ বুলিও তাইৰ ওচৰত ফোনটো নাই। অলপ পিছে পিছে তাইৰ ওচৰত কৰ্মৰত সহায়ক কেইজনী আহে। নিজৰ নিজৰ ভাগৰ সেৱা আগবঢ়ায় আৰু গুছি যায়। কোনেও প্ৰয়োজনতকৈ বেছি কথা নকয়। সন্ধিয়া সময়ত তাইক সজাবলৈ parlour ৰ পৰা মানুহ আহিলে। ধুনীয়া সপোনৰ সাজত তাইক সজাই তুলিলে। গাঢ় নীলা ৰঙৰ গাউন লগতে ডিঙিত ডাইমণ্ডৰ নেকলেছ,,,,, তাইক যেন অন্য এটা ৰূপহে দিলে। আহল – বহল, মুকলি ঠাইত পাৰ্টি পাতিছে। ফুলেৰে সজ্জিত। তাই সেই পাৰ্টিৰ মূল আকৰ্ষণ। তাইক মানু্হ কেইজনীয়ে লগত নিলে সেই ঠাইলৈ। আকৌ দেখিলে তাইৰ বিপৰীত মুখ কৰি মানুহজন থিয় দি আছে আৰু কিছুমান মানুহৰ লগত কথাত ব্যস্ত। তেওঁৰ পিন্ধনত তাইৰ ড্ৰেচৰ ৰঙ। হাতত ৰঙা পানীয়ৰ গিলাছ। এইবাৰ নন্দিনীৰ মানুহজনৰ মুখখন চাবলৈ মন গৈছে। কোন তেওঁ,,? পিছফালৰ পৰা ওখ, শৰীৰৰ গঠন অনুসৰি যথেষ্ট handsome,, সঁচাকৈয়ে তেঁও গুণ্ডা নে এজন ৰহস্যৰে ভৰা মানু্হ,,,, ? তাইক ক্ৰয় কৰি আনি মানুহজনে ইমান আয়োজন কিয় কৰিছে, ৰাণীৰ দৰে আপ্যায়ন কিয় কৰিছে?
সন্ধিয়াটো জাক -জ্বমকতাতে উকলিল। তাইৰ বৰ ভাগৰ লাগিছিল। বিছনাতে তাই গাটো পেলাই দিওঁতে আকৌ দুৱাৰ খোলা শব্দ পালে। চক খাই উঠিলে তাই। আগ দিনাৰ দৰে আজিও মানুহ জনে গাৰো লৈ লাইট অফ কৰি দি গুছি যায়। তাই ভাগৰত শুই পৰে। এনেকৈয়ে কেইবাদিনো উকলি যায়। দিনে দিনে মানুহজন বেছি ৰহস্যময় হৈ পৰিছে। তাই বিচাৰিও তেখেতৰ মুখখন চাবলৈ সাহ পোৱা নাই। এদিন তাই মানুহজনক ফোনত কাৰোবাক কৈ থকা শুনিলে হাত ভৰি ভাঙি দিবলৈ। তেওঁৰ কথাবোৰ শুনি নন্দিনীৰ মনৰ ভয়খিনি আকৌ জাগি উঠিল। সঁচাকৈয়ে তেওঁ গুণ্ডা নি বাৰু,,,? আজি ৰাতি প্ৰায় বাৰ বাজিবৰ হ’ল। মানুহজন অহা নাই ৰূমলৈ। তাইৰ যেন অলপ চিন্তা হ’বলৈ ধৰিলে। বহু সময় অপেক্ষা কৰিও তাই একো ফল নাপালে। পুৱা উঠি দেখিলে বিছনাত তেঁওৰ গাৰো আছেই। মানে তেওঁ ৰাতি অহা নাই। তাইৰ অলপ চিন্তা হ’বলৈ ধৰিলে। তেওঁ ঠিকে আছে নাই,,,,,? তাই ফ্ৰেচ হৈ তললৈ নামি গ’ল। ইমান দিনে তাই কাৰোৰে লগত তেনেকৈ কথা পতাৰ সুযোগ পোৱা নাছিল। কিয়নো তেঁওলোকে খুব এটা কথা নকয়। দৰকাৰীবোৰ কৈ গুছি যায়। মুঠতে গোটেই ঘৰখনেই যেন ৰহস্যৰে আৱৰা। তাই নিজে গৈ মানুহ এগৰাকীক সুধিলে ” ৰাতি চাৰ অহা নাছিল নেকি? ” কিন্তু তাইৰ প্ৰশ্নৰ উত্তৰ নিদি মানুহজনীয়ে কেৱল পুৱাৰ আহাৰবোৰ সজাই দিলে। খং উঠি যায় কেতিয়াবা নন্দিনীৰ এই মানুহবোৰলৈ। ইমান যান্ত্ৰিক নে? খাই বৈ তাই ৰূমলৈ গুচি যায়। অসহ্যকৰ , অন্ধকাৰ জেলত বন্দী হৈ থকাৰ দৰেই অনুভৱ হয় তাইৰ। কোনো এজন মানুহ নাই দুটা কথা পাতিবলৈ। সময়ত খাই বৈ ৰূমত সোমায় থকা, ৰূমতে টিভি চোৱা। বেলকণিত গৈ তলৰ ফুলনিখন চাই থকা নন্দিনীৰ দৈনন্দিন কাৰ্য্য হৈ পৰিছে। ফুলনিখনত গৈ পখিলাৰ লগত আনন্দ কৰাটোও তাইৰ বাবে সপোন যেন হৈ পৰিছে। এইয়া যেন সকলো বিলাসীতা থাকিও একো নথকা দুখীয়াৰ জীৱন হে। তাই বৰ বেছি অভাৱী, আপোন মানুহৰ অভাৱী। দিনটো তেনেকৈ পাৰ হৈ যায়। ৰাতিও উকলি যায়। মানুহজন নাহিলে । তেনেকৈয়ে দুদিন পাৰ হয়। তাইৰ যেন ধৰ্য্যই পাৰ ভাঙি যাব এতিয়া অৱস্থা।
তাইৰ চকুদুটি মুদি আহিছিল হে। মানুহজন অহা উমান পালে। কিন্তু তাই অভিমান কৰি টোপনিৰ ভাওঁ জুৰি থাকিলে। মানুহজন গাৰো লৈ যোৱাৰ পৰত অলপ ৰৈ গ’ল। তাইৰ ফালে একেথিৰে চালে। তাৰ পাছত চুলিখিনি আঁতৰাই গালত হাত ফুৰাই দিলে। এই মূহুৰ্তত তাই চকু মেলি মানুহজনক চাব বিচাৰিছিল। কিন্তু সাহস নাপালে। মানুহজন গুছি যাবলৈ ধৰিছিল হে। নন্দিনীয়ে বুকুত অজান সাহস গোটাই হাততে থাপ মাৰি ধৰিলে। মানুহজন ৰৈ গ’ল। হাত এৰুৱাবলৈ চেষ্টায়ো নকৰিলে। নন্দিনীয়ে কৈ গ’ল এফালৰ পৰা অত দিনে বুকুচাত জমা কৰি ৰখা প্ৰশ্নবোৰ। খুলি ধৰিলে মানুহজনৰ ওচৰত। — ” ক’ত আছিল এই কেইদিন আপুনি? মোক কিয় বিয়া পাতি আনিলে? মোৰ পৰা কিয় পলাই ফুৰে? মোক এইখন ঘৰত কিয় বন্দী কৰি ৰাখিছে? কোন হয় আপুনি? মানুহজন ইমান অদ্ভুত কিয়,? মোৰ লগত কিয় কথা নাপাতে? মোৰ ওচৰলৈ কিয় নাহে? মই আজিলৈ আপোনাৰ মুখ পৰ্য্যন্ত দেখা নাই। কিয় আঁতৰি ফুৰে? ” —মানুহজনে একো উত্তৰ নিদিয়া বাবে তাই অলপ সময় একো নক’লে। কিন্তু তেওঁ যেন নন্দিনীৰ হাতৰ বান্ধোনৰ পৰা মুক্ত হ’বলৈ কোনো চেষ্টা কৰা নাই। নন্দিনী নিজেই নিজক “তেওঁ অদ্ভূত” বুলি বুজনি দি অলপ সময়ৰ পাছত হাতৰ মুঠিৰ পৰা মুক্ত কৰি দিলে। অদ্ভূত প্ৰকৃতিৰ তাইৰ স্বামীৰূপী মানুহজনে মুখেৰে এটা শব্দ নকৈ গাৰো লৈ গুচি যাবলৈ লয়। তেওঁ যোৱা ফালে নন্দিনী কি আশাত চাই থাকিল নিজেও নাজানে। তাইৰ আশাৰ শেষ যে কেৱল শূণ্যতাত গৈ খুন্দা খাব এইয়া আৰু তাইৰ বাবে কোনো নতুন বিষয় নহয়। তাইৰ কষ্টকৰ কিন্তু সাধাৰণ জীৱনটো আৰু সাধাৰণ হৈ থাকিল নো ক’ত,,? এতিয়া চোন কেৱল তাই ৰহস্যৰে ভৰা একো একোটা দিন হে পাৰ কৰিছে। সাত- পাঁচ ভাৱি থাকোঁতেই তাইক আকৌ এবাৰ আচৰিত কৰি তাইৰ স্বামীয়ে প্ৰথমবাৰ তাইক মাতিলে,,, —” কাইলৈ ফ্ৰী আছা নে তুমি,,?” —নিজৰ কাণক বিশ্বাস কৰিব নোৱাৰা নন্দিনীয়ে কি উত্তৰ দিব ভাৱিয়েই নাপালে। মানুহজন লাইট অফ কৰি গুচি যায়।
ৰাতি তাইৰ চকুত টোপনিজাকে আৰু ঠাই নাপালে। ভাৱি পাৰ বিচাৰি নাপালে তেওঁ কোৱা বাক্যটিৰ অৰ্থ । ফ্ৰী আছা নে কিয় সুধিলে তেওঁ। কি কৰিব তেওঁ? মাকলৈ বৰকৈ মনত পৰিছে তাইৰ। যিমানেই অন্যই চিকিৎসাৰ সকলো দায়িত্ব নলওঁক কিয় তাই সন্তান , মাকক নিজ চকুৰে নেদেখা লৈকে ক’ত শান্তি পাব। বেলকণিত থিয় হৈ কথাবোৰ ভাৱি থাকোঁতেই কৰ্মৰত মহিলা এগৰাকী আহি তাইক ৰেডি হ’বলৈ কৈ যায়। তাই পুতলাটিৰ দৰেই সকলোৰে আদেশ মানি যায়। তাইলৈ বুলি থিয় দি থকা গাড়ীত বহি তাই ক’লৈ গৈ আছে নাজানে। যাব লাগে , গৈ আছে। গাড়ীখন এক নীৰৱ ,শান্ত পৰিবেশত ৰ’লেগৈ। তাইক নামিবলৈ ড্ৰাইভাৰ জনে দুৱাৰ খন খুলি দিলে। তাই নামি আহিলে। এইয়া এক অনাথ আশ্ৰম। গেটত থকা security জনে তাইক হিন্দীতে সম্বোধন কৰি ভিতৰলৈ স্বাগতম জনালে। ঘৰখনৰ দৰেই এইয়া অন্য এক ৰহস্যৰ স্থল নি? ইয়ালৈ কিয় আনিছে? তেওঁৰ অদ্ভূত স্বামীজন ক’ত আছে? কথাবোৰ ভাৱি থাকোঁতেই তাই দেখি পালে কণ -কণ ল’ৰা ছোৱালীজাকক চকলেট বিলাই থকা মানুহজনক। পিছফালৰ পৰা প্ৰথম দৰ্শনতেই তাই চিনি পালে মানুহজনক। কিন্তু এইবাৰ যেন তাইৰ অনুৰোধ অদৃশ্য জনে শুনিলে। প্ৰথম বাৰৰ বাবে তাই সমুখৰ পৰা নিজৰ স্বামীক দেখিবলৈ পালে। চকুয়ে কথা কয়। নন্দিনীৰ চকুয়েও বহু কথাই কৈ গ’ল। মানুহ এজন ইমান আকৰ্ষণীয় কেনেকৈ হ’ব পাৰে? এই সুন্দৰ মুখনি তেওঁ অত দিনে কিয় লুকুৱাই ৰাখিছিল? এইয়া অন্য এক ৰহস্য। মানুহজনৰ এই শিশু সুলভ ৰূপটি চাই কোনে ক’ব তেওঁ গুণ্ডা বুলি? সঁচাকৈয়ে তেওঁ কোন বাৰু? আজি তাই সকলো প্ৰশ্নৰ উত্তৰ বিচাৰি উলিয়াব । আৰু কিমান দিন এনেদৰে চলিব,,? তাই চিধাই মানুহজনৰ কাষলৈ গৈ প্ৰশ্ন কৰিলে—” কোন আপুনি? আপুনি গুণ্ডা হ’বই নোৱাৰে।” মানুহজনে একো উত্তৰ নিদিলে। এইবাৰ নন্দিনীয়ে তেওঁৰ হাতত ধৰিলে। ল’ৰা ছোৱালীবিলাক সেই ঠাইৰ পৰা আঁতৰি যায়।
:”মোক আজি প্ৰতিটো প্ৰশ্নৰ উত্তৰ লাগিবই ” ।
মানুহজনে লাহেকৈ ক’লে — “কি প্ৰশ্ন? “
:”নাজানে আপুনি? সঁচাকৈ নাজানে? নে নজনাৰ ভাও জুৰি আছে? “
:” ঘৰত গৈ ভালদৰে কথা পাতিম।”
:” কিহৰ ঘৰ ,কাৰ ঘৰ? মোৰ কোনো ঘৰ নাই। মই আপোনাৰ ঘৰৰূপী কাৰাগাৰৰ কেৱল এক বন্দী হে। “—নন্দিনী কান্দি কান্দি মাটিত বহি পৰে। মানুহজনে তাইক উঠিবলৈ হাতখন আগবঢ়ায় । তাই কান্দি কান্দিয়ে ক’লে —” কিয় মোৰ লগত এনে ব্যৱহাৰ কৰে আপুনি? মই আপোনাৰ কি ক্ষতি কৰিছিলোঁ ,কওঁক না? ” মানুহজনে তাইক অলপ শান্ত কৰি নিৰিবিলি ঠাই এখনিলৈ লৈ যায়। নদীৰ পাৰৰ নিৰ্জন ঠাই। মানুহ -দুনুহ নাই বুলিবই পাৰি।
: “আজি তোমাক সকলো কথা কম। মানুহ এজনে জানি বুজি কেতিয়াও ৰহস্যৰ পৃথিৱীত সোমায় নপৰে। পৰিস্থিতিৰ কবলত পৰি হে তেনে জীৱন জীয়ায়। তুমি জনাৰ দৰে মই সঁচাকৈয়ে গুণ্ডা হয়। নকৰিবলগীয়া অনেক কামৰ তালিকাত মোৰ নাম অন্তৰ্ভুক্ত। সেইয়া মোৰ এক ৰূপ। অন্যথা আজি দেখাটোও মোৰ অন্য এক ৰূপ। তুমি যিবোৰ ৰহস্যৰ পৰা পৰ্দা তুলিব বিচাৰি আছা সেইয়া কাহানিও সম্ভৱ নহ’ব। মিছাতে কষ্ট কৰি লাভ নাই। So যেনেকৈ চলি আছে তেনেকৈয়ে চলিব দিয়া। তুমি ,মই ,কোনেও এই ৰহস্য সমাধান কৰিব নোৱাৰিম। আৰু এটা কথা , তুমিও মোৰ জীৱনলৈ আহি এই ৰহস্যময় সাম্ৰাজ্যৰ অংশীদাৰ হৈ পৰিছা। কিন্তু এটা কথা মনত ৰাখিবা— I love you very much ,, । গোটেই অশান্তিৰ অন্তত যেতিয়া ৰাতি এটি ক্ষণৰ বাবে তোমাক চাবলৈ যাওঁ সেইয়া মোৰ মনক শান্ত কৰে। গাৰো লোৱাটো এটা বাহানা হে মাত্ৰ। তোমাৰ মুখনিয়ে মোৰ মন প্ৰাণ শীতলাই তোলে। তোমাক মই ভাল পাওঁ বুলিয়েই খুৰা -খুৰীৰ অত্যাচাৰৰ পৰা ৰক্ষা কৰি মোৰ ঘৰলৈ লৈ আহিছোঁ। তেঁওলোকৰ weak point টকা আৰু মোৰ বাবে তুমি। এইয়াই যথেষ্ট নহয় নে? I hope তুমি আৰু মোক দুনাই প্ৰশ্ন নকৰিবা। “
নন্দিনীয়ে শুনি গ’ল সকলো। সঁচাকৈয়ে তাই প্ৰশ্নৰ উত্তৰ পালে নাই নাজানে কিন্তু এটা কথাই তাইৰ মনটো ভাল লগাই দিলে। নাৰী এগৰাকীৰ বাবে এইয়াই যথেষ্ট। স্বামীৰ ভালপোৱা । তাই আনন্দিত হৈছে যদিওঁ অলপ অভিমান সনা মাতেৰে ক’লে — “আৰু মোৰ পৰা পলাই ফুৰিব নি আপুনি? মোৰ লগত কথা পাতিব নাই?”
মানুহজনে তাইক টানি আনি বুকুত সুমুৱাই ল’লে। ” পাতিম। “
নন্দিনীয়ে অৱশেষত নিজৰ স্বামীৰ ভালপোৱা পালে। কিন্তু তাইৰ বাবে আজিও ঘৰখন ৰহস্যৰে ভৰপূৰ হৈয়ে থাকিল। লগতে তেওঁৰ স্বামীজন, তেওঁ যেন বহুৰূপী হৈয়ে থাকি গ’ল। তেওঁ প্ৰকৃততে কি কৰ্ম কৰে, তেঁওৰ ঘৰত ইমান বেছি ধন ক’ৰ পৰা আহে? ৰজাৰ দৰে জীৱন কেনেকৈ জীয়ায়? অন্যফালে অনাথ আশ্ৰম, বৃদ্ধাশ্ৰম নিৰ্মাণ কৰি যাৱতীয় খৰছ বহন কৰাৰ দৰে সামাজিক কামবোৰ কৰে। আকৌ গুণ্ডাৰ দৰে কথা বাৰ্তাবোৰ। মুঠতে গোটেই খিনি ৰহস্যৰে ভৰা। তাই আজি কালি এইবোৰ কথা লৈ ভাৱি নাথাকে। নন্দিনীৰ মাকজনী এতিয়া প্ৰায় সুস্থ। কথা বতৰা পাতিব পাৰে। যদিওঁ wheel chair ৰ সহায় ল’ব লগীয়া হয় ,তথাপিও তাইৰ লগত থাকে ইমানেই বহুত। তাই এতিয়া নিজৰ স্বামীৰ বহুৰূপ লৈ ভাৱিবলৈ সময় নাপায়। দিনটো তাই কণমানি পুতলাজনীৰ লগতে কটায়। তাইৰ হাঁহি, তাইৰ কান্দোনৰ পৰা আহৰিয়েই নাপায়। ৰহস্যখিনি ৰহস্যতেই সমাধি ল’লে।
সমাপ্ত…….
