গুৱাহাটীৰ পঞ্চায়ত প্রতিনিধি সন্মিলনত কেন্দ্রীয় মন্ত্রী অমিত শ্বাহৰ সৈতে উপস্থিত থাকে কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল

গুৱাহাটীৰ পঞ্চায়ত প্রতিনিধি সন্মিলনত কেন্দ্রীয় মন্ত্রী অমিত শ্বাহৰ সৈতে উপস্থিত থাকে কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল

ৰঙিলী বাৰ্ত্তাসেৱা-  কেন্দ্রীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজিত এনডিএ-ৰ বৃহৎ পঞ্চায়ত প্রতিনিধি সন্মিলনত অংশগ্ৰহণ কৰে। বিভিন্ন ঠাইৰ পৰা অহা জনপ্রতিনিধি তথা নির্বাচিত পঞ্চায়ত প্রতিনিধিসকলক সম্বোধন কৰি তেওঁ আগন্তুক ২০২৬-ৰ অসম বিধানসভা নিৰ্বাচনৰ ৰণডংকা বজাই নিজৰ উদ্দাত্ত ভাষণ প্ৰদান কৰে। এই কাৰ্যসূচীসমূহত তেখেতৰ সৈতে উপস্থিত থাকে কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বিশাল জনসভাক সম্বোধন কৰে কংগ্ৰেছৰ জনবিৰোধী নীতিৰ প্ৰতি তীব্র বিষেদগাৰ প্ৰকাশ কৰে।

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহক আন্তৰিক ধন্যবাদ জনাই সৰ্বানন্দ সোণোৱালে কয়, “কংগ্ৰেছৰ শাসনৰ সময়ত অসম তথা উত্তৰ-পূর্বাঞ্চলত চৌদিশে অশান্তি বিয়পি পৰিছিল। ৰাইজে শান্তিৰে এসাঁজ ভাত খাব পৰা নাছিল। ৰাইজক সম্পূৰ্ণৰূপে অন্ধকাৰত ৰাখিছিল এই দলটোৱে। দৰাচলতে কংগ্ৰেছৰ অসমৰ সমস্যাৰ ক্ষেত্ৰত মতাৰ কোনো নৈতিক অধিকাৰ নাই। বিজেপিয়ে এঘাৰ বছৰত কৰা কামখিনিৰ পাঁচ শতাংশও যদি তেওঁলোকে কৰিলেহেঁতেন, আজি অসম তথা উত্তৰ-পূৰ্বাঞ্চল বহুখিনি আগবাঢ়ি গ’লহেতেন। বিশেষকৈ উগ্রবাদীসকলক মূলসুঁতিলৈ ঘূৰাই আনি অসমৰ উন্নয়নত যি এক বিশেষ ভূমিকা গ্রহণ কৰিলে, তাৰ বাবে মাননীয় প্রধানমন্ত্রী ডাঙৰীয়া আৰু অমিত শ্বাহ ডাঙৰীয়াক অসমৰ ৰাইজৰ হৈ গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি নিশ্চিতমনে উত্তৰ-পূৰ্বাঞ্চলৰ নাগৰিক এখন ঠাইৰ পৰা আন এখন ঠাইলৈ সুকলমে যোৱাৰ পৰিৱেশ আহি পৰিছে।”

“আজি কংগ্রেছক আমি সুধিবলৈ বিচাৰোঁ কিয় কেন্দ্ৰ আৰু ৰাজ্যত ৫৫ বছৰ ধৰি তেওঁলোকৰ চৰকাৰ থকাৰ পাছতো মোদী ডাঙৰীয়াই এঘাৰ বছৰত কৰা কামখিনি কৰিব নোৱাৰিলে? এইটো এটা মৌলিক প্রশ্ন। কংগ্ৰেছৰ নেতা-পালিনেতাই এই প্ৰশ্নৰ উত্তৰ দিব লাগিব”, সোণোৱালে কয়।

যোৱা প্ৰায় পাঁচ বছৰত অসমত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বত হোৱা পৰিৱৰ্তনক সৰ্বানন্দ সোণোৱালে ভূয়সী প্রশংসা কৰে। এতিয়া দেশী-বিদেশী বিনিয়োগকাৰীয়ে অসমত ভিৰ কৰিছে বুলি উল্লেখ কৰি সোণোৱালে ইয়াত প্রতিষ্ঠা হ’বলগীয়া উদ্যোগ প্ৰতিষ্ঠানত ৰাজ্যৰ নিবনুৱা যুৱকসকলে সংস্থাপন লাভ কৰিব বুলিও কয়।

শেহতীয়াকৈ অসমত চলি থকা ভূমি বেদখল উচ্ছেদৰ প্ৰসংগত কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে কয়, “২০১৬ চনতে আমি ‘আমাৰ অসম, আমাৰ মাটি, আমাৰ অধিকাৰ’ বুলি সংকল্প লৈছিলোঁ। তাৰে আঁত ধৰি আজি ড° হিমন্ত বিশ্ব শর্মা ডাঙৰীয়াই ‘মিছন বসুন্ধৰা’ৰ জৰিয়তে খিলঞ্জীয়াক ভূমিৰ অধিকাৰ প্ৰদান কৰিছে। ২০১৬ চনতে কাজিৰঙা আৰু বটদ্ৰৱা বেদখলমুক্ত কৰা হৈছিল। আজি সেই যাত্রাকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আগুৱাই নি অত্যন্ত দক্ষতাৰে প্ৰায় ৪৮,০০০ একৰ ভূমি বেদখলমুক্ত কৰিলে। তাৰ বাবে তেওঁক মই বিশেষভাৱে ধন্যবাদ
জনাইছোঁ। জাতি, মাটি আৰু ভেটি এই তিনিটা সুৰক্ষিত হ’লেহে আমাৰ ৰাজ্যখন ৰক্ষা পৰিব।”

পঞ্চায়তীৰাজ ব্যৱস্থাৰ গুৰুত্বৰ ওপৰত বক্তব্য ৰাখি কেন্দ্ৰীয় মন্ত্ৰী সর্বানন্দ সোণোৱালে কয়, “পঞ্চায়তসমূহ হৈছে গ্ৰাম্য উন্নতিৰ মূল আধাৰ। অসমৰ বিগত পঞ্চায়ত নিৰ্বাচনত সৰ্বস্তৰৰ ৰাইজৰ অভূতপূর্ব সঁহাৰি-সমর্থন আৰু আস্থা-বিশ্বাসেৰে এনডিএ-ৰ পক্ষত অভাৱনীয় মতদান হোৱাৰ ফলত বিজয়ৰ এক নতুন অধ্যায়ৰ সূচনা হৈছে। বিগত পঞ্চায়ত নির্বাচনত এনডিএ-ৰ পক্ষত বিপুল সমর্থন আগবঢ়োৱাৰ বাবে এইছেগতে অসম গণ পৰিষদৰ তৰফৰ পৰা শ্ৰদ্ধাৰ ৰাইজক আমি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। গণতন্ত্ৰত ৰাইজেই ৰজা। পঞ্চায়তসমূহ হৈছে গণতন্ত্রক তৃণমূল পর্যায়ৰপৰাই শক্তিশালী কৰাৰ এক মূল মাধ্যম। পঞ্চায়তীৰাজৰ মূল উদ্দেশ্য হৈছে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ। গাঁওবাসীক নিজৰ সমস্যা সমাধানত সক্রিয়ভাৱে অংশগ্ৰহণৰ সুযোগ দিয়াৰ এই মাধ্যমে গণতান্ত্রিক মূল্যবোধ সুদৃঢ় কৰে। পঞ্চায়তৰ জৰিয়তে গ্রাম্য স্বৰাজ প্ৰতিষ্ঠা কৰি ৰামৰাজ্যৰ সূচনা কৰাৰ বাবে মহাত্মা গান্ধীয়ে দেখা সপোনৰ আঁত ধৰি আমি পঞ্চায়তসমূহক জাকত-জিলিকা কৰি তুলিব লাগিব। ৰাইজৰ অকুণ্ঠ সমর্থনেৰে বিগত পঞ্চায়ত নির্বাচনত বিজয় সাব্যস্ত কৰা এনডিএ-ৰ পঞ্চায়ত জনপ্রতিনিধিসকলক আহ্বান জনাইছোঁ যাতে আপোনালোকে গ্রামাঞ্চলৰ সৰ্বাংগীণ প্ৰগতি আৰু সমৃদ্ধিৰ অনিৰুদ্ধ যাত্ৰাত সক্রিয় ভূমিকা পালন কৰে আৰু উন্নয়নৰ দুৰ্বাৰ গতিক ৰাইজৰ মাজলৈ লৈ যায়। কাৰণ পঞ্চায়তৰ উন্নতি অবিহনে আমি ৰাজ্য বা দেশৰ উন্নয়নৰ প্রকৃত ছবিখন কল্পনা কৰিব নোৱাৰোঁ।”

এই বৃহৎ পঞ্চায়ত প্রতিনিধি সন্মিলনত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ সৈতে উপস্থিত থাকে কেন্দ্রীয় মন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মা, বিজেপি অসম প্ৰদেশৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়া, অসম গণ পৰিষদ দলৰ সভাপতি তথা অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰা, মন্ত্রী কেশৱ মহন্ত, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্রী পবিত্র মাৰ্ঘেৰিটা প্ৰমুখ্যে বিভিন্ন স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যসকল, জন প্রতিনিধিসকল, নির্বাচিত পঞ্চায়ত প্রতিনিধিসকল আৰু বহুতো গণ্য-মান্য ব্যক্তি।