মাজুলী জিলা হাইস্কুল শিক্ষক সংস্থাৰ অষ্টাদশ দ্বি-বাৰ্ষিক অধিবেশন

মাজুলী জিলা হাইস্কুল শিক্ষক সংস্থাৰ অষ্টাদশ দ্বি-বাৰ্ষিক অধিবেশন ; নতুন সমিতি গঠন ;
মুখপত্ৰ ‘সমন্বয়’ উন্মোচন

বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- মাজুলী জিলা শিক্ষক সংস্থাৰ অষ্টাদশ দ্বি-বাৰ্ষিক অধিবেশনখনি মধ্য মাজুলীৰ পকাজৰা বালিচাপৰি উচ্চ মাধ্যমিক বিদ্যালয়ত স্থানীয় ৰাইজৰ সহযোগত আজি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় ৷ পুৱা পৰিবেশ নিকাকৰণৰ পিছত গছপুলি ৰোপণ কৰে পুৰণিবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰূপজ্যোতি নাথে ৷ পতাকা উত্তোলন কৰে মাজুলী জিলা হাইস্কুল শিক্ষক সংস্থাৰ সভাপতি পদুম মহন্তই ৷ স্মৃতি তৰ্পণ কৰে পকাজৰা বালিচাপৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক পবিত্ৰ বৰাই ৷ পুৱা ৯-৩০ বজাৰ পৰা আৰম্ভ হোৱা প্ৰতিনিধি সভা উদ্বোধন কৰে হাইস্কুল শিক্ষক সংস্থাৰ প্ৰাক্তন সভাপতি কমল চন্দ্ৰ বৰাই ৷প্ৰতিনিধি সভাই আগন্তুক দ্বি-বৰ্ষৰ বাবে দিগন্ত বৰাক সভাপতি, কমলাকান্ত ভূঞা আৰু ৰুণু হাজৰিকাক উপ-সভাপতি, মৃদুপৱন শইকীয়াক সম্পাদক, সুশীল কুমাৰ শইকীয়া আৰু প্ৰশান্ত শইকীয়াক সহঃ সম্পাদক, জয়ন্ত বৰা আৰু হেমন্ত বৰাক সাংগঠনিক সম্পাদক, ৰাজ্যিক সদস্য পদুম মহন্ত আৰু পত্ৰিকা সম্পাদক ৰূপে অমৰজ্যোতি বৰাক লৈ মাজুলী জিলা হাইস্কুল শিক্ষক সংস্থাৰ নতুন সমিতিখন গঠন কৰে ৷প্ৰতিনিধি সভাত অসম হাইস্কুল শিক্ষক সংস্থাৰ উপদেষ্টা প্ৰবীণ শইকীয়া, অসম হাইস্কুল শিক্ষক সংস্থাৰ সম্পাদক ৰমেন দুৱৰা পৰ্যবেক্ষক হিচাবে উপস্থিত থাকে ৷ সভাত ‘এন পি এছ, ইউ পি এছৰ সমস্যা আৰু সম্ভাৱনা’ বিষয়ত সংস্থাৰ উপদেষ্টা  প্ৰবীণ শইকীয়াই বিস্তৃতভাৱে বক্তব্য প্ৰদান কৰে ৷

দিনৰ ১ বজাৰ পৰা পকাজৰা গাঁও পঞ্চায়তৰ সভাগৃহত অনুষ্ঠিত অধিবেশনৰ মুকলি সভাৰ আঁত ধৰে জিলাৰ সম্পাদক সঞ্জীৱ কুমাৰ দত্তই। সংস্থাৰ মাজুলী জিলাৰ সভাপতি পদুম মহন্তই সঞ্চালনা কৰা সভাখন উদ্বোধন কৰে শংকৰ চাপৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দিগন্ত বৰুৱাই ৷ অভ্যৰ্থনা সমিতিৰ সভাপতি ৰুদ্ৰকান্ত শইকীয়াই আদৰণি ভাষণ আগবঢ়ায় ৷ মুখ্য অতিথিৰ ভাষণত বিধায়ক ভূবন গামে শিক্ষক সমাজক প্ৰতিনিধিত্ব কৰা হাইস্কুল শিক্ষক সংস্থাৰ কৰ্ম আঁচনিৰ শলাগ লয় আৰু আগন্তুক দিনত চৰকাৰী বিদ্যালয়ৰ শিক্ষা ব্যৱস্থাক আকোঁৱালি ল’ব পৰাকৈ বিদ্যালয়ৰ শিক্ষাদান ব্যৱস্থাৰ মান উন্নত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ৷ বিধায়কে ছাত্ৰ-ছাত্ৰীক চৰকাৰী বিদ্যালয়মুখী কৰাত গুৰুত্ব আৰোপ কৰাৰ আহবান জনায় আৰু এইক্ষেত্ৰত অভিভাৱক সকলৰো দায়িত্ব আছে বুলি মন্তব্য কৰে ৷ সভাত জয়ন্ত কুমাৰ বৰা সম্পাদিত সংস্থাৰ মুখপত্ৰ ‘সমন্বয়’ উন্মোচন কৰি বিদ্যালয়সমূহৰ পৰিদৰ্শিকা লিপিকা বুঢ়াগোহাঁইয়ে কয়- সাহিত্য হৈছে এটা জাতিৰ, এখন সমাজৰ দাপোণ স্বৰূপ ৷ সাহিত্যত সমাজ প্ৰতিফলিত হয় ৷ সাহিত্যই উত্তৰ পুৰুষৰ বাবে চানেকি এৰি থৈ যায় আৰু বৌদ্ধিক আকাশত এই প্ৰয়াস জিলিকি থাকিব বুলি উল্লেখ কৰি সংস্থাৰ উদ্যোগৰ শলাগ লয় ৷ সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দেৱজিৎ শইকীয়াই শিক্ষাগুৰুসকল সমাজৰ ৰূপান্তৰক বুলি উল্লেখ কৰি সমাজ এখন সংস্কাৰ কৰিবৰ বেলিকা সকলোৱে শিক্ষাগুৰুসকলৰ হাতলৈ-মুখলৈ চাই থাকে বুলি কয় ৷

তেওঁ লগতে সেয়েহে শিক্ষাগুৰুসকলে নিজে নিজৰ স্বাতন্ত্ৰ আৰু সন্মান অটুট ৰাখিব লাগিব বুলিও উল্লেখ কৰে৷ সভাত সমজুৱাৰ ফালৰ পৰা শিক্ষক বসন্ত শইকীয়াই বক্তব্য প্ৰদান কৰে ৷ সভাত বিশিষ্ট অতিথি হিচাবে মাজুলী জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি ত্ৰিদিপ হাজৰিকা, মাজুলী জিলা অধিবিদ্যা পৰিষদৰ সম্পাদক অজিত নাথ, সদৌ অসম ছাত্ৰ সন্থাৰ সাংস্কৃতিক সম্পাদক বিতোপন শৰ্মা, হাইস্কুল শিক্ষক সংস্থাৰ প্ৰাক্তন সভাপতি জয়ৰাম বৰুৱা, মাজুলী জিলা মাধ্যমিক শিক্ষক কৰ্মচাৰী সন্থাৰ সম্পাদক লোহিত শইকীয়া, সমাজকৰ্মী বীৰেন শইকীয়া, পকাজৰা গাঁও পঞ্চায়তৰ সভাপতি ৰাজকুমাৰ মিলি প্ৰমুখ্যে শিক্ষক-শিক্ষয়িত্ৰী, স্থানীয় ৰাইজ উপস্থিত থাকে ৷ পকাজৰা বালিচাপৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰীৰ দলে পৰিবেশন কৰা সমবেত সংগীতেৰে আৰম্ভ হোৱা সভাত ৰাখী নাথ আৰু প্ৰিয়াক্ষী দাসৰ বৰগীতে সকলোকে আপ্লুত কৰে ৷ সভাত অমৰজ্যোতি বৰাই আঁত ধৰা অনুষ্ঠানত  ৩৭ গৰাকী বিভিন্ন বিদ্যালয়ৰ প্ৰধান শিক্ষকক আদৰণি জনোৱাৰ লগতে ৪৭ গৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকক সম্বৰ্ধনা পত্ৰ, চেলেং চাদৰেৰে সম্বৰ্ধনা জনোৱা হয় আৰু ৬ গৰাকী কৃৰ্তী ছাত্ৰ-ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰা হয় ৷