গুৱাহাটীৰ ভাড়াঘৰত নৱবিবাহিত বুলবুলিৰ আত্মহত্যা

গুৱাহাটীৰ ভাড়াঘৰত নৱবিবাহিত বুলবুলিৰ আত্মহত্যা

ৰঙিলী বাৰ্ত্তাসেৱা- প্রেমজনিত কাৰণত প্রায় ৯ মাহ পূর্বে জালুকবাৰীৰ জয়মতী নগৰৰ শিৱ কলিতাৰ সৈতে আইনী বিবাহত আবদ্ধ হৈছিল মাজুলীৰ যুৱতী বুলবুলি শইকীয়া। বৃহস্পতিবাৰে দক্ষিণ শৰণীয়াৰ ভাড়াঘৰত বুলবুলি শইকীয়াৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে এই ঘটনাক আত্মহত্যা বুলি অভিযোগ কৰিছে পৰিয়ালবৰ্গই। উল্লেখ্য যে এই সন্দৰ্ভত মৃত শইকীয়াৰ পৰিয়ালে পল্টন বজাৰ থানাত এখন এজাহাৰ দাখিল কৰে। পৰিয়ালৰ একাংশ সদস্যই সদৰী কৰা মতে, দীর্ঘদিন ধৰি বুলবুলি শইকীয়াক স্বামীৰ পৰিয়ালে যৌতুকৰ দাবীত অত্যাচাৰ চলাই আহিছিল। ২০২৪ চনত আইনী বিবাহ সম্পন্ন হৈছিল দুয়োৰে। কিন্তু বিয়াৰ পাছৰে পৰা শিৱ কলিতাৰ মাতৃ ৰোহিণী কলিতা, ভগ্নী শিল্পা কলিতা আৰু ভিনিহিয়েক ব্রজেন বায়নে সৰু সৰু কথাতে বুলবুলি শইকীয়াক নির্যাতন চলাই আহিছিল। সামাজিক বিয়া দুয়োৰে হোৱা নাছিল যদিও প্রায়েই একেলগেই আছিল শিৱ-বুলবুলি। যৌতুক বিচাৰি শিৱ কলিতাৰ পৰিয়ালে অকথ্য নির্যাতন চলাই আহিছে বুলবুলি শইকীয়াক। যাৰ বাবে বৃহস্পতিবাৰে  আত্মহননৰ দৰে পথ বাছি ল’বলৈ বাধ্য হয়। আনহাতে বুলবুলি শইকীয়াৰ পৰিয়ালে কৰা অভিযোগৰ বিপৰীতে শিৱ কলিতাৰ মাতৃয়ে সদৰী কৰা মতে, পূর্বেও বিবাহপাশত আবদ্ধ হৈছিল বুলবুলি শইকীয়াই। যিটো শিৱ কলিতাৰ পৰিয়ালবর্গই গম পোৱা নাছিল। বাৰম্বাৰ উক্ত বিষয়টো লুকুৱাবলৈ চেষ্টা চলাইছিল বুলবুলিয়ে। স্বামীক এই কথা জনাইছিল বুলি বুলবুলি শইকীয়াই শাহুৱেকক অৱগত কৰিছিল যদিও শাহুৱেকে তেওঁৰ মুখেৰে এই কথা শুনিব বিচাৰিছিল। যাক লৈ সৰু সৰু কথাতে প্ৰায়েই পৰিয়ালটোৰ সদস্যসকলৰ মাজত বিতৰ্কৰ সৃষ্টি হৈছিল। পল্টন বজাৰ আৰক্ষী থানাই মৃত বুলিবুলি শইকীয়াৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত স্বামী শিৱ কলিতাক আটক কৰি থানাত জেৰা অব্যাহত ৰাখিছে।