ভাৰতৰ প্ৰথমগৰাকী মহিলা বিশ্ব চেম্পিয়ন হিচাপে ইতিহাস ৰচিলে দিব্যা দেশমুখে

ভাৰতৰ প্ৰথমগৰাকী মহিলা বিশ্ব চেম্পিয়ন হিচাপে ইতিহাস ৰচিলে দিব্যা দেশমুখে

ৰঙিলী বাৰ্ত্তাসেৱা- দেশক গৌৰৱান্বিত কৰি ইতিহাস ৰচি ফিডে মহিলা দবা বিশ্বকাপ ২০২৫ খিতাপ অৰ্জন কৰিলে ভাৰতৰ ১৯ বছৰীয়া দবাৰু দিব্যা দেশমুখে। দিব্যাই জর্জিয়াত অনুষ্ঠিত প্রতিযোগিতাখনৰ ফাইনেলত ভাৰতৰে কিংবদন্তি খেলুৱৈ কনেৰু হাম্পিক পৰাস্ত কৰি চেম্পিয়নৰ সন্মান অর্জন কৰে। ইয়াৰ লগে লগে তেওঁ ফিডে বিশ্বকাপ জয় কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা দবা তাৰকা হিচাপে পৰিগণিত হয়। বিগত বৰ্ষত দিব্যাই জুনিয়ৰ ৱৰ্ল্ড চেম্পিয়নৰ খিতাপ লাভ কৰিছিল আৰু এতিয়া এই সফলতাৰ দৌৰ অব্যাহত ৰাখি ছিনিয়ৰ পৰ্যায়তো লাভ কৰিছে শ্রেষ্ঠত্ব। যোৱা ৩ সপ্তাহ ধৰি জৰ্জিয়াৰ বাটুমিত আয়োজিত হৈছিল মহিলা দবা বিশ্বকাপ। ইতিপূর্বে দিব্যাই বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰি এই কৃতিত্ব অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা খেলুৱৈ হিচাপে ইতিহাসৰ সৃষ্টি কৰিছিল। তেওঁৰ পিছতে ভাৰতৰ প্ৰথমগৰাকী মহিলা গ্ৰেণ্ডমাষ্টাৰ কনেৰু হাম্পিয়েও ফাইনেলত প্ৰৱেশ কৰি এই খিতাপ যুঁজখন বিশেষ আকর্ষণীয় কৰি তুলিলে। এনে অৱস্থাত এইবাৰ মহিলা দবা বিশ্বকাপ ভাৰতলৈ অহাটো নিশ্চিত হৈ পৰিছে আৰু দেশৰ ক্ৰীড়াপ্রেমীসকলে এই ঐতিহাসিক সাফল্য উদযাপনৰ বাবে অত্যন্ত আশাৰে বাট চাই আছিল। অৱশেষত অভিজ্ঞ কনেৰু হাম্পিক ২.৫-১.৫ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰি ফিডে মহিলা দবা বিশ্বকাপৰ খিতাপ জয় কৰে দিব্যা দেশমুখে। শনিবাৰে ফাইনেলত দিব্যা আৰু কনেৰুৰ মাজত প্ৰথমটো গেম অনুষ্ঠিত হৈছিল। প্ৰথমটো গেমত দিব্যাই প্রায় জয়ৰ কাষ চাপিছিল যদিও কনেৰুৱে অভিজ্ঞতাৰ পূৰ্ণ ব্যৱহাৰেৰে ড্ৰ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পিছত দেওবাৰেও দুয়ো পুনৰ ড্ৰ খেলাত টাহৱেকৰ সহায় ল’ব লগা হয় আৰু অৱশেষত দিব্যাই টাইব্রেকত জয়লাভ কৰি বিশ্বকাপৰ খিতাপ নিজৰ দখললৈ আনে। মাত্র ১৯ বছৰ বয়সতে এই খিতাপ দখল কৰি দিব্যাই দবা বিশ্বকাপ জয় কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা দবা খেলুৱৈ হিচাপে পৰিগণিত হয়।