দেশজুৰি ভোটাৰ তালিকা পুনৰীক্ষণ কৰিব নির্বাচন আয়োগে

দেশজুৰি ভোটাৰ তালিকা পুনৰীক্ষণ কৰিব নির্বাচন আয়োগে

ৰঙিলী বাৰ্ত্তাসেৱা- সমগ্র দেশতে আগষ্ট মাহৰ পৰাই ভোটাৰ তালিকাৰ বিশেষ ব্যাপক পুনৰীক্ষণ (স্পেচিয়েল ইনটেনছিভ ৰিভিজন, চমুকৈ এছআই আৰ) আৰম্ভ কৰিবলৈ তৎপৰ হৈ পৰিছে ভাৰতৰ নির্বাচন আয়োগ। ইতিমধ্যে বিহাৰত এছআইআৰৰ কাম আৰম্ভ কৰা হৈছে। যাক লৈ দেশৰ ৰাজনীতিত তুমুল বিতর্ক অব্যাহত আছে। আনকি বিষয়টো উচ্চতম ন্যায়ালয়ৰ মজিয়াও পাইছেগৈ। অহা ২৮ জুলাইত উচ্চতম ন্যায়ালয়ে এই সংক্ৰান্তীয় গোচৰৰ পৰৱৰ্তী শুনানিৰ দিন ধার্য কৰিছে। সেইদিনাই সমগ্ৰ দেশতে এছআইআৰ আৰম্ভ কৰা সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে নিৰ্বাচন আয়োগে। সংবাদ প্রতিষ্ঠানৰ বাতৰিত এই কথা প্রকাশ পাইছে। উল্লেখ্য যে বিহাৰৰ দৰে দেশৰ বাকী ৰাজ্যসমূহতো এই পদক্ষেপ লোৱাৰ কথা ইতিপূর্বে নির্বাচন আয়োগে সদৰী কৰিছিল। কিন্তু কেতিয়াৰ পৰা প্ৰক্ৰিয়াটো আৰম্ভ হ’ব, সেই কথা স্পষ্ট কৰা নাছিল নির্বাচন আয়োগে। সংবাদ প্রতিষ্ঠানৰ বাতৰি মতে, অহা মাহৰ পৰাই দেশত এছআইআৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নির্বাচন আয়োগে উদ্যোগ গ্রহণ কৰিছে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে ৰাজ্যসমূহত সক্ৰিয় কৰি তোলা হৈছে নির্বাচন আয়োগৰ বিষয়া-কৰ্মচাৰীসকলক। পূর্বে উল্লেখ কৰি অহা হৈছে যে এছআইআৰ প্ৰক্ৰিয়াৰ বিৰুদ্ধে সম্প্ৰতি উচ্চতম ন্যায়ালয়ত একাধিক গোচৰ বিচাৰাধীন হৈ আছে। তৃণমূল কংগ্ৰেছ সাংসদ মহুৱা মৈত্রসহ বহুকেইজনে দ্বাৰস্থ হৈছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ। গুচৰীয়াসকলৰ তালিকাত আছে আৰজেডিৰ সাংসদ মনোজ ঝা আৰু সমাজকর্মী যোগেন্দ্র যাদবো। শেহতীয়া শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে বিহাৰত ভোটাৰ তালিকাৰ ব্যাপক পুনৰীক্ষণৰ ওপৰত কোনোধৰণৰ স্থগিতাদেশ জাৰি নকৰিলে। যাৰ প্রতি লক্ষ্য ৰাখিয়েই বিহাৰৰ দৰে অন্য ৰাজ্যসমূহতো এছআইআৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ তৎপৰ হৈ পৰিছে নির্বাচন আয়োগ। সংবাদ প্ৰতিষ্ঠানৰ বাতৰিত প্ৰকাশ পোৱা অনুসৰি ইতিমধ্যে ৰাজ্যসমূহৰ মুখ্য নির্বাচনী বিষয়াৰ কাৰ্যালয়ৰ তৰফৰ পৰা অন্তিম এছআইআৰৰ সময়ত প্রকাশিত ভোটাৰ তালিকা নির্বাচন আয়োগে সংগ্রহ কৰা কাম আৰম্ভ কৰিছে। প্ৰসংগক্রমে উল্লেখ কৰিব পাৰি যে চলিত বৰ্ষৰ শেষ ভাগত বিহাৰ বিধানসভা নির্বাচন অনুষ্ঠিত হ’ব। সেইদৰে ২০২৬ চনত অনুষ্ঠিত হ’ব অসম, পশ্চিমবংগ, পুডুচেৰী, তামিলনাডু আৰু কেৰালা বিধানসভা নির্বাচন। সন্মুখত ৬খন ৰাজ্যৰ বিধানসভা নির্বাচন থকাৰ পূৰ্বে ভোটাৰ তালিকাৰ ব্যাপক পুনৰীক্ষণক লৈ নির্বাচন আয়োগৰ এনে তৎপৰতা যথেষ্ট গুৰুত্বপূৰ্ণ ৰূপে বিবেচিত হৈছে। ২৫ জুলাইৰ ভিতৰত বিহাৰ ভোটাৰ তালিকাৰ ব্যাপক পুনৰীক্ষণৰ কাম সম্পূৰ্ণ কৰিব বিচাৰিছে নির্বাচন আয়োগে। ৰাজ্যখনৰ ভোটাৰসকলৰ মাজত নির্দিষ্ট প্র-পত্র বিতৰণৰ কাম সম্পন্ন হৈছে। সেয়া পূৰণ কৰি নিৰ্দিষ্ট নথি-পত্রসহ জমা দিব লাগিব সংশ্লিষ্ট কার্যালয়ত। লক্ষণীয়ভাৱে আধাৰ কাৰ্ড বা ৰেচন কাৰ্ডৰ দৰে নথি এইক্ষেত্রত বিবেচনা কৰা হোৱা নাই। যাৰ বাবে ইয়াৰ বিৰোধিতা কৰিছে বিৰোধী শিবিৰে। বিৰোধী ৰাজনৈতিক দলসমূহৰ অভিযোগ- ইয়াৰ ফলত বৃহৎসংখ্যক লোকে ভোটাধিকাৰ হেৰুৱাবলগীয়া হ’ব পাৰে। যিসকলে ইমানদিনে ভোটাধিকাৰ সাব্যস্ত কৰি আহিছিল তেওঁলোকে কিয় পুনৰ নথি-পত্র জমা দি নাগৰিকত্ব প্ৰমাণ কৰিবলগীয়া হৈছে বুলিও প্রশ্ন উত্থাপন কৰা হৈছে। এইক্ষেত্ৰত নির্বাচন আয়োগৰ বক্তব্য এনেধৰণৰ- ২০০৩ চনৰ ভোটাৰ তালিকাত নাম থকাসকলৰ কোনোধৰণৰ সমস্যা নাই। কিন্তু বাকী যিসকলৰ জন্ম ১৯৮৭ চনৰ পূৰ্বে তেওঁলোকে জন্মৰ প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব। এনে ব্যক্তিসকলৰ ক্ষেত্ৰত মুঠ ১১খন গ্রাহ্য নথি নির্দিষ্ট কৰি দিয়া হৈছে। ইয়াত বাদে যিসকলৰ জন্ম ১৯৮৭ৰ পৰা ২০০৪ চনৰ ভিতৰত, তেওঁলোকে নিজৰ পিতৃ-মাতৃৰ যিকোনো এজনৰ জন্মৰ প্ৰমাণপত্ৰ দাখিল কৰাটো বাধ্যতামূলক। সেইদৰে ২০০৪ চনৰ পিছত জন্মলাভ কৰাসকলে পিতৃ-মাতৃ দুয়োৰে জন্মৰ প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব। ইফালে বিহাৰৰ ভোটাৰ তালিকাত নাম অন্তর্ভুক্ত হৈ আছে বহুসংখ্যক বিদেশী নাগৰিকৰ। বুথ পৰ্যায়ৰ কৰ্মীসকলে ঘৰে ঘৰে যোৱাৰ পাছত এই তথ্য নিশ্চিত হোৱা বুলি নির্বাচন আয়োগৰ সূত্ৰৰ উদ্ধৃতিৰে সংবাদ প্রতিষ্ঠানৰ বাতৰিত প্ৰকাশ। অৱশ্যে নির্বাচন আয়োগৰ তৰফৰ পৰা বৰ্তমান পর্যন্ত এই সন্দর্ভত কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই। বাতৰিত প্ৰকাশ পোৱা অনুসৰি ৰাজ্যখনৰ ভোটাৰ তালিকাত বাংলাদেশ, নেপাল আৰু ম্যানমাৰৰ নাগৰিকৰ নাম অন্তর্ভুক্ত হোৱাৰ তথ্য পোৱা গৈছে। স্মর্তব্য যে যোৱা ২৫ জুনত নির্বাচন আয়োগে বিহাৰত এছআইআৰৰ জাননী জাৰি কৰিছিল। ভোটাৰসকলৰ মাজত বিতৰণ কৰা প্ৰ-পত্র জমা দিয়াৰ তাৰিখ অহা ২৫ জুলাই নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ পাছত এখন খচৰা তালিকা ১ আগষ্টৰ ভিতৰত প্ৰকাশ কৰা হ’ব। ৰাজ্যখনৰ ভোটাৰ তালিকাত যাতে বেআইনী তথা বিদেশী নাগৰিকৰ নাম নাথাকে, তাৰ প্ৰতি লক্ষ্য ৰাখি ১ আগষ্টৰ পিছৰে পৰাই তেনে সকলো ব্যক্তিলৈ জাননী জাৰি কৰিব নির্বাচন আয়োগে। এই প্ৰক্ৰিয়াৰ অন্তত ৩০ ছেপ্টেম্বৰত বিহাৰৰ চূড়ান্ত ভোটাৰ তালিকা প্রকাশৰ লক্ষ্য নির্ধাৰণ কৰা হৈছে।