আঘোণৰ কুঁৱলী
পুৱাৰ ভাগত
হিম চেঁচা কুঁৱলীত
কঁপি উঠে মোৰ গা
আঘোণৰ ঠেৰেঙা লগা শীতত।
গছ-বিৰিখৰ পাত
নিটাল নিস্তব্ধ মাৰিছে
শুভ্ৰ কুঁৱলীৰ প্ৰহাৰত
লুকাইছে গছৰ আঁৰত ।
সৰিয়হ ডৰাত ফুলবোৰ
নীৰৱে চকুলো টুকিছে
কষ্ট সহিব নোৱাৰি
প্ৰচণ্ড শীতৰ প্ৰকোপত।
কলগছৰ পাতবোৰ
ইনাই-বিনাই কান্দিছে
নিয়ঁৰৰ টোপালবোৰ
টপ্ টপ্ কৈ সৰিছে
সেউজী ঘাহঁনিৰ ওপৰত।
আলি-পদুলিয়ে শোকত
কান্দি কান্দি বুকু তিয়াইছে
বাটৰুৱাই খুপি খুপি বাট
আগুৱাই গৈছে ।
এমুঠি পোহৰৰ বাবে
সকলোৱে মিলিছে
সূৰুয দেৱতাক সৱে
কৰুণ বিননি জনাইছে ।