২৪ ঘণ্টাই বিদ্যুৎ যোগানেৰে বিদ্যুৎ গ্ৰাহকৰ মন জয় ধিং বৈদ্যুতিক উপ সংমণ্ডলৰ

২৪ ঘণ্টাই বিদ্যুৎ যোগানেৰে বিদ্যুৎ গ্ৰাহকৰ মন জয় ধিং বৈদ্যুতিক উপ সংমণ্ডলৰ

টুকটুকী ,ৰঙিলী বাৰ্ত্তাসেৱা– নগাঁও জিলাৰ ধিং বৈদ্যুতিক উপ সংমণ্ডলে এই প্ৰচণ্ড গৰমৰ দিনবোৰতো ২৪ ঘণ্টাই নিৰবিচ্ছিন্ন বিদ্যুৎ যোগান নিশ্চিত কৰি গ্ৰাহকৰ মন জয় কৰিছে। এই সফলতা প্ৰাপ্তিৰ পিছত, বৈদ্যুতিক উপ সংমণ্ডলৰ অধীনস্থ অঞ্চলসমূহত বিদ্যুৎ যোগানৰ গুণগত মান আৰু গ্ৰাহক সন্তুষ্টি উল্লেখযোগ্যভাৱে বৃদ্ধি পাইছে।উপ সংমণ্ডলৰ এক উচ্চপদস্থ কৰ্তৃপক্ষৰ মতে, “আমাৰ লক্ষ্য আছিল গ্ৰাহকসকলক নিৰবিচ্ছিন্ন বিদ্যুৎ যোগানৰ মাধ্যমে সন্মানিত কৰা। এই সফলতা আমাৰ কৰ্মচাৰীসকলৰ কঠোৰ পৰিশ্ৰম আৰু সঠিক পৰিকল্পনাৰ ফল।”

উল্লেখ্য যে নৱনিযুক্ত বিষয়া গৰাকীয়ে কামত যোগ দিয়েই ধিং বৈদ্যুতিক উপসংমণ্ডৰ অধীনস্থ এলে সমূহত বিদ্যুৎৰ অপব্যৱহাৰ,বিদ্যুৎ চুৰিৰ বিৰুদ্ধে কটকটীয়া ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ২৪ ঘণ্টাই বিদ্যুৎ যোগানত মনোনিবেশ কৰি আহিছে। যাৰ ফলত অঞ্চলটোৰ ৰাইজে নৱনিযুক্ত বিষয়া মনজিৰুল ইছলামৰ এনে কাৰ্যক শলাগ লৈছে।গ্ৰাহকসকলে এই পৰিৱৰ্তনক স্বাগতম জনাইছে। টুকটুকী ফিটাৰৰ আদিলুৰ ৰহমান আৰু বেছামাৰী ফিটাৰৰ কলিম উদ্দিন আহমেদ নামৰ দুগৰাকী গ্ৰাহকে কয়, “আগতে বিদ্যুৎ অনিয়মিত আছিল, কিন্তু এতিয়া ২৪ ঘণ্টাই বিদ্যুৎ পোৱা আমাৰ দৈনন্দিন জীৱন সহজ কৰি তুলিছে।” ধিং বৈদ্যুতিক উপ সংমণ্ডলৰ এনে সফলতাই ৰাজ্য চৰকাৰৰ গাৱে – ভূঞে ২৪ ঘণ্টাই বিদ্যুৎ যোগানৰ প্ৰতিশ্ৰুতি ৰক্ষাত ই এক অতুলনীয় অৱদান বুলি ক’ব পাৰি।