অসমৰ কনচাৰ্ট পৰ্যটনৰ অর্থনীতিত অনুমোদন কেবিনেটৰ
ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত দেৰগাঁওস্থিত লাচিত বৰফুকন পুলিচ একাডেমীত অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেট বৈঠকে অসমৰ কনচাৰ্ট পৰ্যটনৰ অর্থনীতিত অনুমোদন জনায়। কেবিনেটৰ অন্তত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এক সংবাদ মেলযোগে এই সিদ্ধান্তৰ বিষয়ে সদৰী কৰি কয় যে বৃহৎ পৰিসৰৰ কনচাৰ্ট আৰু সংগীত উৎসৱ আয়োজন কৰিব পৰাকৈ অসমত এক মুখ্য সংগীত আৰু বিনোদন পর্যটন কেন্দ্ৰৰ ৰূপত প্ৰতিষ্ঠা কৰাৰ বাবেই এই কেবিনেটে অসমৰ কনচাৰ্ট পৰ্যটনৰ অৰ্থনীতিত অনুমোদন জনাইছে। এই নীতি অনুসৰি উন্নতমানৰ সংগীত স্থানসমূহ বিশ্বমানৰ পোহৰ আৰু শব্দ প্ৰযুক্তিৰ সৈতে বিকশিত কৰি তোলা হ’ব আৰু অসম পর্যটনে আৱশ্যকীয় ভিজিএফৰে সংগীতানুষ্ঠানসমূহক সমর্থন আগবঢ়াব। গুৱাহাটী, ডিব্ৰুগড় আৰু যোৰহাটত এনে কেন্দ্ৰ স্থাপনৰ ক্ষেত্ৰত কেবিনেটে অনুমোদন জনায়। এই বছৰৰে ৮ ডিচেম্বৰত গুৱাহাটীত কনচার্ট প’ষ্ট মেলন আহিব। সেইদৰে এই কেবিনেটে অসম চাহ নিগমৰ অধীনস্থ চাহ বাগিচাসমূহৰ চাহ শ্ৰমিকৰ মজুৰি অহা ১ অক্টোবৰৰ পৰা ২৫০ টকালৈ বৃদ্ধিৰ প্রস্তাৱতো অনুমোদন জনায়। একেদৰে কেবিনেটে নুমলীগড় ৰিফাইনেৰী লিমিটেডত অসম চৰকাৰৰ অনুমোদিত ইকুইটী বিনিয়োগৰ চতুৰ্থ আৰু চূড়ান্ত পৰ্যায়ৰ বাবে ২০৫.৭২৫ কোটি টকা মুকলিত অনুমোদন জনায়। ইয়াৰ সৈতে অসম চৰকাৰে এনআৰএলৰ প্ৰসাৰৰ বাবে আগতে প্রতিশ্রুতি আগবঢ়োৱা ৮২৩ কোটি টকাৰ বিনিয়োগ সম্পূৰ্ণ কৰিব। আনহাতে এই কেবিনেটে সৌৰশক্তি উৎপাদনত উৎসাহ প্রদানৰ বাবে আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ কৰে। ৰাজ্যৰ সৌৰশক্তি উৎপাদনৰ সম্ভাৱনাক সম্পূৰ্ণ ৰূপে ব্যৱহাৰ কৰিবলৈ কেবিনেটে অসম সৌৰশক্তি উৎপাদন প্ৰচাৰ নীতি-২০২৫ত অনুমোদন কৰে, যাৰ লক্ষ্য ২০৩০ চনৰ ভিতৰত ৩,৫০০ মেগাৱাট সৌৰ ক্ষমতা উৎপাদন কৰা তথা ৰাজ্যৰ ব্যক্তিগত আৰু ৰাজহুৱা বিনিয়োগ আকৰ্ষণ কৰি প্ৰায় ১৫ হাজাৰ নিয়োগ সৃষ্টি কৰা। এই নীতিয়ে ঔদ্যোগিক উদ্গনি, শক্তি ক্রয়, ছিংগল উইণ্ড ক্লীয়াৰেঞ্চ, আন্তঃগাঁথনি উন্নয়ন, পৰিবহণ শুল্ক আৰু বিদ্যুৎ কৰ ৰেহাই আদিৰ লগতে বহুতো সুবিধা প্ৰদান কৰিব। সেইদৰে আজিৰ কেবিনেটে লাচিত বৰফুকন আৰক্ষী একাডেমীৰ উন্নয়নৰ দ্বিতীয় পৰ্যায়ৰ বাবে ২২৯.৪১ কোটি টকা ব্যয়ৰ প্ৰশাসনিক অনুমোদন আগবঢ়াইছে। দুবছৰত ইয়াক সম্পূৰ্ণ কৰাৰ লক্ষ্য নির্ধাৰণ কৰা হৈছে। অনুৰূপ ধৰণে আজিৰ কেবিনেটে ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী ৰূপে গঢ় দিয়াৰ ক্ষেত্ৰত বিধানসভা ভৱন নিৰ্মাণকে ধৰি বিধায়ক আৱাস আদি নিৰ্মাণৰ বাবে ২৮৪.০৩ কোটি টকা অনুমোদন জনায়। সেইদৰে ডিব্ৰুগড়ৰ খনিকৰ ক্ৰীড়া পৰিসৰৰ উন্নীতকৰণৰ বাবে কেবিনেটে ২০৯.১৩ কোটি টকা ব্যয়েৰে মূল ষ্টেডিয়ামৰ আসনৰ সংখ্যা ৫ হাজাৰৰ পৰা ৩৫ হাজাৰলৈ বৃদ্ধি কৰাৰ অনুমোদন দিয়ে। মন কৰিবলগীয়া এয়ে যে খনিকৰ ক্ৰীড়া পৰিসৰ সমগ্র অসমৰ ভিতৰতে আটাইতকৈ বৃহৎ ক্রীড়া পৰিসৰ হ’ব। গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামতকৈ ১০ হাজাৰ অধিক আসন খনিকৰ ক্ৰীড়া পৰিসৰত থাকিব। ইপিনে আজিৰ কেবিনেটে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ অধীনত ৪৭,৩০৬.৩৩ হেক্টৰ এলেকা চূড়ান্ত অধিসূচনাৰ প্ৰস্তাৱত অনুমোদন দিয়ে। এই সম্প্ৰসাৰণৰ অধীনত গোপাল জাৰণি, গণাইটাপু, থুটে চাপৰি, জবৰে, বালিগাঁও, বিশ্বনাথ ঘাট, উমাটুমনি, গাখীৰখাইতী, শিলঘাট, হাতীধুৰা গাঁওসমূহ অন্তর্ভুক্তিৰ আওতাৰ বাহিৰত ৰখা হৈছে। সংবাদ মেলখনত মুখ্যমন্ত্রী ড° শর্মাই আৰু কয় যে অসমত এতিয়া উদ্যোগপতি, ব্যক্তিগত ব্যৱসায় আদি আহিছে। তেওঁলোকে ব্যক্তিগত নিৰাপত্তাৰক্ষী বিচাৰিব। চৰকাৰে সিদ্ধান্ত লৈছে জীৱনৰ প্ৰতি ভাবুকি থকা লোকসকলক ব্যক্তিগত নিৰাপত্তাৰক্ষী দিয়াৰ ক্ষেত্ৰত তেওঁলোকে নিৰাপত্তাৰক্ষীৰ দৰমহা সম্পূৰ্ণ বহন কৰিব লাগিব। ইয়াৰ বাবে মাহে চৰকাৰক ৭৫ হাজাৰ টকাকৈ দিব লাগিব।