আইপিএলৰ প্লে-অফৰ পৰা বাহিৰ লক্ষ্ণৌ
ৰঙিলী বাৰ্ত্তাসেৱা- চলিত আইপিএলৰ প্লে-অফৰ দৌৰৰ পৰা বাহিৰ লক্ষ্ণৌ ছুপাৰ জায়েন্টছ। লক্ষ্ণৌত অনুষ্ঠিত মেচখনত লক্ষ্ণৌৱে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হাতত ৬ উইকেটত পৰাস্ত হয়। মেচখনত লক্ষ্ণৌৱে জয়ৰ বাবে বান্ধি দিয়া ২০৬ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি অভিষেক শৰ্মাৰ ২০ বলত ৫৯, ক্লাছেনৰ ৪৭ আৰু ঈশান কিশনৰ ৩৫ ৰানৰ সহায়ত ছানৰাইজাৰ্ছে ১৮.২ অভাৰত ৪টা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়। কামিণ্ডু মেণ্ডিছে ৩২ ৰানত ৰিটায়ার্ড হার্ট হয়। ইয়াৰ পূৰ্বে প্ৰথমে বেটিং কৰিবলৈ আহি অ’পেনাৰদ্বয় মিচেল মার্শ্ব আৰু এইডেন মাৰ্কৰামৰ দৰ্শনীয় অর্ধশতকৰ সহায়ত লক্ষ্ণৌ ছুপাৰ জায়েন্টছে নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ২০৫ ৰান সংগ্ৰহ কৰে। মার্শ্ব আৰু মাৰ্কৰামে প্রথম উইকেটৰ যুটিত ১১৫ ৰান সংগ্ৰহ কৰি দলক বিস্ফোৰক আৰম্ভণি দিয়ে। মার্শ্বে ৩৯টা বলত ৬টা চাৰি আৰু ৪টা ছয়েৰে ৬৫ৰান কৰাৰ লগতে মাৰ্কৰামে ৩৮টা বলত ৪টা চাৰি আৰু সমসংখ্যক ছয়েৰে ৬১ ৰান কৰে। ইফালে, নিকোলাছ পুৰাণে ২৬টা বলত ৪৫ ৰানৰ দৰ্শনীয় ইনিংছ দলক উপহাৰ দিয়ে। অধিনায়ক ঋষভ পণ্টে পুনৰ দীঘলীয়া ইনিংছ খেলাত ব্যর্থ হয়। মাত্র ৭ ৰান কৰি পণ্ট পেভিলিয়নমুখী হয়। আয়ুস বাড’নিয়ে ৩, আব্দুল ছামাদে ৩, শার্দুল ঠাকুৰে ৪ ৰান কৰি বিদায় লয়। উল্লেখ্য যে লক্ষ্ণৌরে ১২খন মেচৰ পৰা ১০ পইন্ট সংগ্ৰহ কৰি সপ্তম স্থানত থকাৰ বিপৰীতে সমসংখ্যক মেচৰ পৰা ৯ পইন্ট সংগ্ৰহ কৰি পইন্ট তালিকাৰ অষ্টম স্থানত আছে হায়দৰাবাদ।