আছুৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত সমীৰণ ফুকন
ৰঙিলী বাৰ্ত্তাসেৱা- দুদিনীয়া কাৰ্যসূচীৰে শিৱসাগৰৰ ৰংপুৰত অনুষ্ঠিত হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভা। আছুৰ সাধাৰণ সভাতে নিৰ্বাচন কৰা হ’ল নতুন সাধাৰণ সম্পাদকৰ নাম ।আছুৰ নৱ নিৰ্বাচিত সাধাৰণ সম্পাদক হিচাপে সদৌ অসম ছাত্ৰ সন্থাৰ শিৱসাগৰ সাধাৰণ সভাৰ বিশাল প্ৰতিনিধি সভাই সমীৰণ ফুকনক মনোনীত কৰে। সমগ্ৰ অসমৰ ছাত্ৰ প্ৰতিনিধিৰ লগতে অসম তথা শিৱসাগৰৰ কেইবাশ দল-সংগঠন, অনুষ্ঠান-প্রতিষ্ঠান আৰু ব্যক্তিয়ে নৱনিৰ্বাচিত ছাত্র নেতাজনক অভিনন্দনৰ লগতে শুভেচ্ছা জ্ঞাপন কৰে। সমীৰণ ফুকনৰ নেতৃত্বত অসমৰ পুৰণি ছাত্ৰ সংগঠনটোৱে এক নতুন গতি লাভ কৰিব বুলি আশা ব্যক্ত কৰে সকলোৱে। ১৯৭৯ আৰু ১৯৮৬ চনৰ পাছতেই সুদীর্ঘ তিনি দশকৰ পাছত শিৱসাগৰত অনুষ্ঠিত হোৱা আছুৰ সাধাৰণ সভাত শিৱসাগৰৰ এগৰাকী সন্তানে সাধাৰণ সম্পাদকৰ দৰে গুৰু দায়িত্ব লাভ কৰাত বিশেষভাৱে শিৱসাগৰীয়া ৰাইজে গৌৰৱ অনুভৱ কৰিছে। উল্লেখ্য যে সাধাৰণ সম্পাদকৰ দৰে গুৰু দায়িত্ব লাভ কৰা সমীৰণ ফুকনৰ জন্ম হয় ১৯৮৯ চনৰ ১৯ ছেপ্টেম্বৰত শিৱসাগৰত। শিৱসাগৰ চহৰৰ সমীপৱৰ্তী জয়সাগৰৰ জয়ানগৰ নিৱাসী তথা চাৰিং মণিৰাম দেৱান মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ তাৰাপ্রসন্ন ফুকন আৰু অৱসৰপ্ৰাপ্ত প্রধান শিক্ষয়িত্ৰী অঞ্জলি বৰুৱা ফুকনৰ পুত্ৰ সমীৰণ ফুকন ছাত্ৰাৱস্থাৰ পৰাই সদৌ অসম ছাত্ৰ সন্থাৰ লগত জড়িত। অষ্টম শ্রেণীত অধ্যয়নৰত সময়ত ২০০২-০৩ বৰ্ষৰ বাবে অসমৰ দ্বিতীয় পুৰণি শিক্ষানুষ্ঠান শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ আলোচনী সম্পাদক ৰূপে নির্বাচিত হৈ প্রত্যক্ষ ছাত্ৰ ৰাজনীতিত প্ৰৱেশ কৰা সমীৰণ ২০০৩-০৪ বর্ষতো একেটা পদত দ্বিতীয়বাৰৰ বাবে নির্বাচিত হয়। ২০০৫ বর্ষত সদৌ অসম ছাত্ৰ সন্থাৰ স’তে পোনপটীয়াকৈ জড়িত হৈ জয়সাগৰত এটা প্রাথমিক গোট গঠন কৰি তাৰ সাধাৰণ সম্পাদক ৰূপে আছুৰ মজিয়াত যাত্ৰা আৰম্ভ কৰে। একাদশ শ্রেণীত অধ্যয়নৰত সময়ত ২০০৫-০৬ বর্ষত একেখন শিক্ষানুষ্ঠানৰ সাধাৰণ সম্পাদক ৰূপে নির্বাচিত হয়। কলেজীয়া দিনতো সক্রিয় ছাত্র ৰাজনীতিত জড়িত হৈ শিৱসাগৰ কলেজ ছাত্ৰ একতা সভাৰ ২০০৭-০৮ আৰু ২০০৮-০৯ বৰ্ষৰ সাধাৰণ সম্পাদক নির্বাচিত হোৱাৰ উপৰি ২০০৯-১০ বর্ষত উপ-সভাপতি ৰূপে নির্বাচিত হৈ একতা সভাৰ নিৰ্বাচনত একেৰাহে তৃতীয়বাৰৰ বাবে নিৰ্বাচিত হোৱাৰ অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। কলেজীয়া ছাত্র হৈ থকা সময়তে ২০১০ বৰ্ষত শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক নির্বাচিত হৈ ২০১৪ বর্ষলৈকে দায়িত্বত থাকি ২০১৪ বৰ্ষৰ শেষৰ ভাগৰ পৰা ২০১৬ বৰ্ষৰ জানুৱাৰীলৈ সভাপতিৰ দায়িত্বত আছিল। ২০১৬ বৰ্ষৰ জানুৱাৰীত বৰ্তমানৰ চৰাইদেউ জিলাসহ সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ৰূপে দায়িত্ব লৈ তাৰ পৰৱৰ্তী পৰ্যায়ত ২০২০ চনৰ অক্টোবৰ মাহত পুনৰ দ্বিতীয়টো কাৰ্যকালৰ বাবে সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক নির্বাচিত হয়। ২০২০ চনৰ নৱেম্বৰত সদৌ অসম ছাত্ৰ সন্থাৰ সপ্তদশ দুলীয়াজান অধিৱেশনত শিৱসাগৰ জিলাক প্রতিনিধিত্ব কৰি আছুৰ কেন্দ্ৰীয় কার্যনির্বাহক ৰূপে নির্বাচিত হয়। ২০২২ বৰ্ষৰ ছেপ্টেম্বৰ মাহত আছুৰ সহকাৰী সাধাৰণ সম্পাদক ৰূপে নির্বাচিত হৈ ২০২৩ বৰ্ষৰ নৱেম্বৰত অনুষ্ঠিত অষ্টাদশ মৰিগাঁও অধিৱেশনলৈকে উক্ত পদবীত কার্যনির্বাহ কৰে। ২০২৩ বৰ্ষৰ নৱেম্বৰৰ পৰা ২০২৪ বৰ্ষৰ ডিচেম্বৰ পৰ্যন্ত আছুৰ কেন্দ্ৰীয় কার্যনির্বাহক ৰূপে থাকি পুনৰ সহকাৰী সাধাৰণ সম্পাদক নির্বাচিত হয়। শিৱসাগৰ কলেজ, জয়সাগৰৰ পৰা ৰাজনীতি বিভাগৰ স্নাতক ডিগ্রীধাৰী ফুকনে পৰৱৰ্তীকালত সংযোগী শিক্ষাৰ অধীনত ৰাজনীতি বিজ্ঞান আৰু গণসংযোগ আৰু সাংবাদিকতা বিষয়ত স্নাতকোত্তৰ ডিগ্রী গ্ৰহণ কৰাৰ উপৰি বৰ্তমান সমাজতত্ত্ব বিভাগৰ স্নাতকোত্তৰ পাঠ্যক্ৰমৰ অন্তিম ষাণ্মাসিকৰ ছাত্ৰ।উল্লেখ্য যে এই প্ৰতিনিধি সভাখনত আছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক চৰ্জুন হাঞ্চেক উপ-সভাপতি হিচাপে মনোনীত কৰাৰ লগতে সহকাৰী সাধাৰণ সম্পাদক হিচাপে তিনিচুকীয়াৰ সমৰ গোহাঁই, চৰাইদেউৰ অনুপ জ্যোতি ভূঞাক আৰু সাংগঠনিক সম্পাদক হিচাপে শোণিতপুৰ জিলাৰ নয়ন জ্যোতি গগৈক মনোনীত কৰা হয়।উক্ত সভাতেই নবনির্বাচিত সাধাৰণ সম্পাদক সমীৰন ফুকনক আনুষ্ঠানিকভাবে দ্বায়িত্ব অৰ্পণ কৰে।