বিভীষিকা সময় – অনামিকা (সংগীতা)কলিতা

বিভীষিকা সময় 

অনামিকা (সংগীতা)কলিতা,শুৱালকুছি

:ল’ৰা-ছোৱালীহালক স্কুলত থৈ গিৰিয়েকৰ কাৰণে টিফিনটো লৈ গৈছিল তাই আধাবাটত দেখিলে চৌদিশে কেবল ধোঁৱা,চাৰিওফালে আন্ধাৰ  পোৰা পোৰা গোন্ধ  ,তেজেৰে লুতুৰি পুতুৰি শৰীৰ   জীৱৰ  আৰ্তনাদ,  আলাই আথানি এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছিল।মানুহৰ দৌৰা ধপৰাত  ভৰিৰ জোতা-চেণ্ডেল ,বেগ ৰাষ্টাত সিচৰিত হৈ পৰি থাকিল ।

সন্ধিয়া পৰত এনেকৈ বহি থাকিলে আজিও মনত পৰে জেউতিৰ ৩১অক্টোবৰ বোমা বিস্ফোৰণৰ  সেই বিভীষিকাময় দিনবোৰ কথা। হস্পিটালৰ বাৰান্দাত পৰি আছিল তাই, গিৰিয়েক আই চিও ৰূমত কি কৰে একো উৱাদিহা পোৱা নাছিল।  দুৰ্ঘটনাত আহত আৰু নিহত সকলৰ আত্মীয় সকলৰ হৃদয় বিদাৰক কান্দোনে  আকাশ বতাহ কপাই তুলিছিল। জেউতিয়ে  নিজৰ দায়িত্ব কেৱল কৰি গৈছিল সন্তান দুটিক মাকৰ হাতত গটাই দি একমাত্ৰ গিৰিয়েকৰ লগতে হস্পিটালত ব্যস্ত হৈ আছিল ।বহুত কষ্ট কৰি মানুহজনক মৃত্যু মুখৰ পৰা বচালে কিন্তু তেখেতৰ বাকশক্তি চিৰদিনৰ কাৰণে হেৰুৱালে এখন ভৰি ঘুনীয়া হ’ল । আজি ১৬টা বছৰে বেদনাবোৰ বুকুত সামৰি থৈছে। সেই দিনা  সন্তান  দুটিৰ সৈতে একেলগে ভাত খাই হাঁহি মুখে কামলৈ ওলাই যোৱা মানুহজন ঘৰলৈ এনেদৰে আনিব লগা হ’ল এক সাঁথৰ যেন লাগে জেউতিৰ।ইশ্বৰৰ কৃপাত ইমান ডাঙৰ অস্ত্ৰোপচাৰ পিছতো মানুহজনক ঘুৰাই পালে তাৰ কাৰণে  এশবাৰ ইশ্বৰক ধন্যবাদ দিলে।সেই দিনবোৰত ওচৰ চুবুৰীয়া বা আত্মীয় সকলে সিহঁতৰ খা-খবৰ লৈ আছিল ।কিন্তু মানুহজনৰ বন্ধু বৰ্গৰ পৰাহে জেউতিয়ে সহায় পাইছিল। অনুভৱ কৰিছিল বিপদৰ বন্ধুহে আচল বন্ধু  । ল’ৰা -ছোৱালীহালেও মাকৰ কষ্ট বুজি পাইছিল।

:মা,ভাত হৈছে আহা বাহিৰতে থাকিবা নে? ভালেখিনি সময় হৈছে  ।
:গৈছোঁ ৰিমী,দেউতাৰেক আগতে দে।
:মা,দেউতাই আৰু  ভাইটি খালে ।তুমি আৰু মই হে আছোঁ।
:হ’ব দে গৈছোঁ ।
:ৰিমীয়ে যিমানেই ভাতখিনি বাঢ়ি ভাল খিনি মাকক নিদিয়ক কিয় কিন্তু মাকে তেখেতৰ কাঁহীৰ পৰা অলপ হ’লেও জীয়েক দিয়েই এয়া যে হৃদয়ৰ মৰম।মাকেহে বুজি পাই সন্তানৰ মনৰ অনুভৱ।

:মা,তুমি যোৱা বিচনাত উঠা মই বাচন বৰ্তন সামৰি থৈ দিওঁ।

:নালাগে  দে ,অকণমান ময়ো কৰোঁ ।আজিকালি মোক তেনেকৈ  একো কৰিব নিদিয় মাজনী।

;যোৱা বুলিছো নহয় ।তুমি জিৰণি লোৱা  পাৰিম, মই থাকোঁতে তুমি কিয় কৰিব লাগে।

:এনেকৈ আৰামত ৰাখিলে মাজনী মই এলেহুৱা হম—

:সেইবোৰ একো নহয় তুমি সদায় কৰিয়েই থাকা ।মাজে সময়ে আমিও কৰিব লাগে ,ঘৰৰ কাম কৰি মা-দেউতাক সহায় কৰা সন্তানসকলৰো  কৰ্তব্য—নহয় নে মা??

:জীয়কৰ কথাত তেওঁৰ চকু ভৰি আহিল ।তাইক বিয়া দিলে তেখেতৰ ঘৰ উদং হ’ব ভাবিলেই হৃদয়খনত শোকে খুন্দা মাৰি ধৰে । তথাপিও এদিন দিবই লাগিব ছোৱালী পৰৰ ঘৰ শুৱনি। কিন্তু তাইক পঢ়াই শুনাই নিজৰ ভৰিত থিয় নিদিয়াকৈ বিয়া নিদিয়ে সেয়া তেওঁ মনতে সংকল্প কৰি ল’লে। ছোৱালীক আত্মনিৰ্ভৰশীল কৰি তুলিলে তাইৰ জীৱন সুৰক্ষিত হ’ব সেয়া নিজৰ জীৱনৰ অভিজ্ঞতাৰ পৰা ভালদৰে উপলদ্ধি কৰিলে । তেখেতে বিপদৰ সেই সময়ত কিমান প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল এতিয়াও হৈয়ে আছে ।অৰ্থনৈতিক নিৰাপত্তাৰ খুবেই প্ৰয়োজনীয় সংসাৰ এখনৰ কাৰণে নিজৰ জীৱনৰ চালিকা শক্তিৰ উৎস অন্যতম। ল’ৰা আৰু ছোৱালী দুয়োটাকে উপযুক্ত কৰি গঢ়ি তুলিবলৈ জেউতিৰ যথেষ্ঠ কষ্ট স্বীকাৰ কৰিব লগা হৈছে। এইফালে গিৰিয়েকৰ ঔষধ পাতিৰ খৰছ আছে গতিকে ঘৰতে এখন গেলামালৰ দোকান দি লৈছে গিৰিয়েক দোকানত বহি থাকে তাই  মালবস্তু জুখি দিয়ে তাৰ মাজতে  তাঁত শালখনক এপাক বহে জীৱন সংগ্ৰাম কৰি গৈছে।ছোৱালী জনীয়েও কলেজৰ পৰা আহি তাঁত শালখনতা বহে চাকৰি কাৰণেও ইন্টাৰভিউবোৰ দি আছে।ল’ৰাৰ এইবাৰ ইঞ্জিনিয়াৰিং পঢ়া শেষ হ’ব সিও কৰ্মত নিয়োজিত হ’ব পাৰিব। সিহঁতে সকলো কৰি যাব’লৈ প্ৰস্তুত মাত্ৰ নেদেখাজনে আশীৰ্বাদ থাকিলে হ’ব।