কাতিবিহু – অনামিকা (সংগীতা)কলিতা

কাতিবিহু

অনামিকা (সংগীতা)কলিতা ,শুৱালকুছি

তুলসীৰ তলে তলে মৃগা পহু কৰে
তাকে দেখি ৰামচন্দ্ৰই ধনুশৰ ধৰে।

বাপতি সাহোন বিহু তিনিটা আমাৰ অসমীয়া সমাজৰ আয়ুস ৰেখা ,যাৰ জৰিয়তে আমাৰ প্ৰকৃতিৰ ঋতুৰ   এক সুন্দৰ পৰিবেশৰ অনুভৱ হয় । বিহু তিনিটা কৃষি কৰ্মৰ লগত জড়িত লগতে বিহু কেইটাই  আমাৰ  বিভিন্ন জাতি জনগোষ্ঠিৰ মানুহক একতাৰ দোলেৰে বান্ধি ৰাখিছে।

তাৰ ভিতৰত কাতি বিহুটিও অন্যতম । শৰতৰ সু -নিৰ্মল বাতাবৰণ সাৰদী (শেৱালি)  ৰাণী থুপা-থুপে  ফুলৰ মালাৰে প্ৰকৃতিৰ অনবদ্য ভাণ্ডাৰ মনোৰম কৰি তোলাৰ সময়তে আহিনৰ সংক্ৰান্তিত কাতি বিহু উদযাপন কৰা  পূৰ্ব পুৰুষৰ পৰাই  চলি আহিছে ।কাতি বিহুৰ দিনাই পথাৰত লখিমীৰ আগমন হয়,শস্যৰ থিত লৈ ধৰাক বিনন্দীয়া কৰি তোলে । তুলসী তলত এগছি  বন্তিৰ জেউতি ,পথাৰত আকাশ বন্তিৰ  জেউতি ,মাহ-প্ৰসাদ আগবঢ়াই লখিমী ভৰাললৈ অহাৰ বাট দেখুৱাই । সৰু ল’ৰা-ছোৱালী বোৰে ঘৰে ঘৰে   গীত গাই গৃহস্থক আশীৰ্বাদ কৰে । সেই দিনাই পথাৰত ধানৰ পোখা মেলে বুলি কয় । কাতি বিহুৰ দিনাৰ পৰাই গোটেই মাহতো তুলসীৰ তলত চাকি দিয়া নিয়ম পূৰ্ব পুৰুষৰ পৰা চলি আহিছে। এয়া আমাৰ অসমীয়া সমাজৰ আয়ুস ৰেখা ।