পথাৰৰ কেঁচা মাটিৰ গোন্ধ – বিশ্বজিৎ বৈশ্য

পথাৰৰ কেঁচা মাটিৰ গোন্ধ

বিশ্বজিৎ বৈশ্য
শুৱালকুছি,বংশৰ

আহাৰ, শাওন মানেই সৃষ্টিৰ সপোন সিঁচাৰ সময়। সেই সময়ত চৌপাশৰ কেঁচা মাটিৰ যি আমোলমোল গোন্ধ ইয়াক কোনো মহঙা কৃত্রিম সুবাসৰ লগত তুলনা কৰিব নোৱাৰি। এই সময়চোৱাৰ পৰাই প্ৰকৃতিত এক বৰ্ণময় পৰিবেশে বিৰাজ কৰে। খেতিয়কসকলৰ গাত তত নোহোৱা হয়। পুৱাৰ পৰা আৱেলিলৈ ব্যস্ত হৈ পৰে পথাৰৰ স’তে। হাল বাই মাটি চহাই পথাৰখন খেতিৰ উপযোগী কৰি তোলে। খেতিয়কৰ লগত সমানে ৰোৱনী সকলো ব্যস্ত হৈ পৰে পথাৰত সপোন সিচাত।খেতিয়ক আৰু ৰোৱনীৰ সমন্বয়ত পথাৰে ধাৰণ কৰে সেউজীয়াৰ বীজ। এফালে হালোৱাই হাল বোৱা দৃশ্য আনফালে ৰোৱনীয়ে ভূই ৰোৱা দৃশ্যইও। ইয়ে প্ৰকৃতিক দিয়ে এক মনোমোহা ৰূপ। কৃষক আৰু ৰোৱনীৰ শৰীৰৰ ঘামে জীপাল কৰি তোলে পথাৰৰ বুকু। তেওঁলোকে পথাৰত লগে-ভাগে আহাৰ গ্ৰহণ কৰাৰ দৃশ্যইও মন ভৰাই তোলে। ৰ’দ, বৰষুণকো নেওচি পথাৰৰ স’তে গঢ়ি তোলা কৃষক আৰু ৰোৱনীৰ আত্মীয়তাই সকলোকে দি যায় এক অনন্য অনুভৱ। এই সময়চোৱাত দৈনন্দিন জীৱনৰ হাজাৰ কামৰ পিছতো পথাৰত কৰি অহা পৰিশ্ৰমে ভাগৰুৱা নকৰে কৃষক অথবা ৰোৱনীক। এই হাড় ভগা পৰিশ্ৰমৰ পিছতো তেওঁলোকৰ মন বোৰ ভৰি পৰে অনাবিল আনন্দেৰে। কৃষক ৰোৱনীৰ একত্ৰ ত্যাগৰ বাবেই আমিও লাভ কৰিব পাৰিছো আহাৰ, শাওনৰ পথাৰৰ বোকা মাটিৰ আমোলমোল গোন্ধ।