Pc Wallpaper Flare

নিজ ভালেই জগত ভাল 

সংযুক্তা দত্ত

আমি সকলোৱে সৰুৰে পৰাই এষাৰ কথা শুনি আহিছোঁ – “নিজ ভালেই জগত ভাল ।” কিন্তু বাস্তৱত আমি কিমান জনে এই কথাষাৰৰ মহত্ত্ব বুজি নিজৰ নিজৰ ক্ষেত্ৰত মানি চলিবলৈ চেষ্টা কৰিছোঁ। সমাজত এজন ব্যক্তিক তেওঁৰ কৰ্মৰ দ্বাৰা হে বিচাৰ কৰা হয় ব্যক্তিজন কেনেকুৱা। আমাক সৰুৰে পৰাই শিকাই দিয়া হয় যে – যদিহে এজন ব্যক্তিয়ে ভাল কাম কৰিছে তেওঁ ভাল। আৰু যদিহে বেয়া কাম কৰিছে তেওঁ বেয়া। কিন্তু এই কথাষাৰৰ কিমান যুক্তি আছে সেয়া আমি কোনেও নাজানো মাত্ৰ কামৰ ওপৰত ভিত্তি কৰি আমি কথাষাৰ কৈ দিলোঁ। যিকোনো এজন ব্যক্তিয়ে যিকোনো এটা বস্তু বা ঘটনাক নাইবা আন এজন ব্যক্তিক দুটা দৃষ্টিকোণৰ পৰা চাব পাৰে – এটা ঋণাত্মক আৰু আনটো ধনাত্মক। কিন্তু প্ৰায় সংখ্যক মানুহৰ ক্ষেত্ৰতে দেখা পোৱা যায়। তেওঁলোকে ঋণাত্মক দৃষ্টিভংগীৰেহে কথাবোৰ বিশ্লেষণ কৰি চায়। আমি যদি ঋণাত্মক দিশটোক বেছি প্ৰাধান্য দি থাকোঁ তেনেহ’লে আমি আন ব্যক্তিৰো ঋণাত্মক দিশসমূহে দেখা পাম। যদিহে আমি ধনাত্মক দিশটোক ঋণাত্মক দিশতকৈ বেছি প্ৰাধান্য দিওঁ তেনেহ’লে আমি আন এজন ব্যক্তিৰো ধনাত্মক দিশসমূহে বেছিকৈ দেখা পাম। আমি সদায় নিজৰ ক্ষেত্ৰতে হওঁক বা আন এজনৰ ক্ষেত্ৰতে হওঁক ঋণাত্মক দিশ পৰিহাৰ কৰি ধনাত্মক দিশটোৰ ওপৰত অধিক গুৰুত্ব দিব লাগে। সেইকাৰণেই কোৱা হয় – “নিজ ভালেই জগত ভাল “। আমি যদি প্ৰথমে নিজে ভাল হওঁ। তেনেহ’লে আমি বাস কৰা সমাজ খনো ভাল হ’ব ।