উত্তপ্ত বাংলাদেশৰ পৰা নিৰাপদে স্বদেশলৈ উভতিল এহেজাৰ ছাত্ৰ-ছাত্ৰী

উত্তপ্ত বাংলাদেশৰ পৰা নিৰাপদে স্বদেশলৈ উভতিল এহেজাৰ ছাত্ৰ-ছাত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা-  ছাত্ৰ বিদ্ৰোহত কঁপিছে বাংলাদেশ। দেশখনৰ চৰকাৰী নিযুক্তিত সংৰক্ষণ ব্যৱস্থাৰ বিৰুদ্ধে ছাত্ৰ আৰু নিৰাপত্তাৰক্ষীৰ সংঘৰ্ষই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। প্রতিবাদী ছাত্ৰ আৰু নিৰাপত্তা বাহিনীৰ মাজত চলি থকা সংঘর্ষত মৃতকৰ সংখ্যা ১১৫জনলৈ বৃদ্ধি পাইছে। ইপিনে ছাত্র বিদ্রোহত বাংলাদেশত পৰিস্থিতি জটিলৰ পৰা জটিলতৰ হৈ পৰাৰ পৰিপ্ৰেক্ষিতত সমগ্র দেশতে অনির্দিষ্টকাললৈ সান্ধ্য আইন জাৰি কৰা হৈছে।  সমগ্র দেশতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সেনা মোতায়েন কৰা হৈছে। ৰাজধানী চহৰত ইতিমধ্যে জনসমাগম নিষিদ্ধ কৰা হৈছিল যদিও প্রতিবাদী ছাত্র সমাজে চৰকাৰবিৰোধী স্থিতি লৈ পৰিস্থিতি উত্তপ্ত কৰি ৰাখিছে। আৰক্ষী, বিডিজি, ৰায়ত পুলিচ, আৰএপি মোতায়েন কৰিও পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰাত অৱশেষত প্রধানমন্ত্রী শ্বেইখ হাছিনাৰ চৰকাৰে সমগ্ৰ দেশতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সেনা মোতায়েন কৰিছে। ৰে’লকে ধৰি যাতায়াত ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত হোৱাৰ উপৰি যোগাযোগ ব্যৱস্থা বন্ধ হৈ আছে দেশখনত। আনপিনে ছাত্ৰ বিদ্ৰোহত ৰক্তাক্ত হৈ উঠা বাংলাদেশৰ পৰিস্থিতি সন্দৰ্ভত ৰাষ্ট্ৰসংঘই প্রতিক্রিয়া ব্যক্ত কৰিছে। বিশ্বৰ সর্বোচ্চ সংস্থা ৰাষ্ট্ৰসংঘই ছাত্ৰৰ ওপৰত আৰক্ষীৰ অত্যাচাৰ গ্ৰহণযোগ্য নহয় বুলি উল্লেখ কৰি পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চৰকাৰখনক আলোচনাৰ পন্থা ল’বলৈ পৰামৰ্শ আগবঢ়াইছে। ইপিনে অশান্ত বাংলাদেশৰ পৰা ভাৰতীয় শিক্ষার্থী  স্বদেশলৈ উভতি অহাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। শৈক্ষিক প্রতিষ্ঠানসমূহ অনির্দিষ্টকাললৈ বন্ধ দিয়াৰ-পৰিপ্ৰেক্ষিতত  প্রায় এহাজাৰ ভাৰতীয় শিক্ষার্থী স্বদেশলৈ উভতি আহিছে।স্থলপথেৰে বাংলাদেশৰ পৰা স্বদেশলৈ উভতি অহা ভাৰতীয় শিক্ষার্থীৰ সংখ্যা ৯৯৮। বৈদেশিক মন্ত্রালয়ে বাংলাদেশত থকা শিক্ষাৰ্থীসকলৰ সৈতে যোগাযোগ অব্যাহত ৰাখি শীঘ্ৰে ওভতাই অনাৰ প্ৰক্ৰিয়া চলাই আছে। উভতি অহা শিক্ষাৰ্থীসকলৰ ভিতৰত অসমৰ শিক্ষাৰ্থী আছে বুলি জানিব পৰা গৈছে। এইসকলৰ ভিতৰত একাংশ শিক্ষার্থী মেঘালয়ৰ ডাউকি-বাংলাদেশ সীমান্তৰে আৰু ৪১ জনীয়া এটা দল কৰিমগঞ্জ সুতাৰকান্দী আন্তঃৰাষ্ট্ৰীয় স্থল বন্দৰেৰে অসমলৈ উভতি আহিছে। তথ্য মতে চিটাগং, ৰাজশ্বাহী, চিলেট আৰু খুলনাৰ পৰা এই শিক্ষার্থীসকল স্বদেশলৈ উভতি আহিছে। ভাৰতীয় দূতাবাসে প্ৰকাশ কৰা মতে, বাংলাদেশত অধ্যয়নৰত ভাৰতীয় শিক্ষার্থী আছে ৮,৫০০ আৰু নাগৰিক আছে ১৫ হাজাৰৰো অধিক। ভাৰতীয় লোকৰ সৈতে দূতাৱাসে অহৰহ সম্পৰ্ক ৰক্ষা কৰি আছে। উল্লেখ্য যে মুক্তিযোদ্ধা পৰিয়াললৈ ৩০ শতাংশ চৰকাৰী চাকৰিত সংৰক্ষণসহ বিভিন্ন সংৰক্ষণ ব্যৱস্থা যোৱা জুন মাহত হাছিনা চৰকাৰে বলবৎ কৰিছিল। ইয়াকে লৈ দেশখনৰ ছাত্ৰ সমাজ বিদ্রোহত নামি পৰিছে। উনুকিয়াব লাগিব যে চৰকাৰী চাকৰিত সংস্থাপন ব্যৱস্থা ২০১৮ চনত প্ৰত্যাহাৰ কৰা হৈছিল যদিও হাছিনা চৰকাৰে যোৱা জুন মাহত এই ব্যৱস্থা পুনৰ প্ৰৱৰ্তন কৰাক লৈ ছাত্র সমাজৰ মাজত বিদ্রোহে উক দিয়ে আৰু এই বিদ্রোহে এতিয়া বাংলাদেশক ৰক্তাক্ত কৰি তুলিছে। প্রতিবাদী ছাত্র সমাজে দাবী কৰা মতে, চৰকাৰী চাকৰিত ৩০ শতাংশ মুক্তিযোদ্ধা পৰিয়ালৰ বাবে সংৰক্ষিত ব্যৱস্থাই শাসকীয় হাছিনাৰ দল আৱামী লীগক লাভৱান্বিত কৰিব। দেশখনত বৃদ্ধি পাই থকা যুৱ শিক্ষিত নিবনুৱাৰ জীৱন অনিশ্চয়তাৰ দিশে আগবঢ়াই লৈ যাব। মুক্তিযোদ্ধা পৰিয়ালৰ বাবে সংৰক্ষিত ব্যৱস্থাটো সংস্কাৰৰ দাবী ছাত্ৰ সমাজে কৰিছে। ১৯৭১ চনত পাকিস্তানৰ পৰা বাংলাদেশ স্বাধীন হোৱাত যিসকলে গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল সেইসকলৰ পৰিয়ালে চৰকাৰী চাকৰিত অধিক লাভৱান্বিত হ’ব। ফলত দেশখনত মেধা শিক্ষার্থী বৈষম্যৰ বলি হ’ব। উল্লেখ্য যে উচ্চ ন্যায়ালয়ে চৰকাৰী চাকৰিত সংৰক্ষণ ব্যৱস্থা পুনৰ বাহাল কৰাৰ পাছতে দেশখনত ছাত্র বিদ্রোহে চূড়ান্ত ৰূপ লৈছে। ১৭০ নিযুত জনসংখ্যাৰ দেশখনত বর্তমান প্রায় ৩২ নিযুত যুৱ সংস্থাপনহীন হৈ আছে। এনে পৰিপ্ৰেক্ষিতত হাছিনা চৰকাৰৰ পদক্ষেপ অগ্রহণযোগ্য বুলি অভিযোগ কৰি ছাত্ৰ সমাজে সংৰক্ষণ ব্যৱস্থা প্ৰত্যাহাৰৰ দাবীৰে জুলাইৰ প্ৰথমৰ পৰাই আন্দোলনত নামি পৰে। আন্দোলনত নমা শিক্ষাৰ্থীৰ ওপৰত হাছিনা চৰকাৰৰ আৰক্ষীয়ে দমনমূলক নীতি গ্ৰহণ কৰাৰ পৰিপ্ৰেক্ষিততে পৰৱৰ্তী পৰ্যায়ত এই আন্দোলনে ভয়াৱহ ৰূপ লৈছে।