ডিব্ৰুগড় চহৰৰ কৃত্ৰিম বানপানী সন্দৰ্ভত জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ জৰুৰী বৈঠক

ডিব্ৰুগড় চহৰৰ কৃত্ৰিম বানপানী সন্দৰ্ভত জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ জৰুৰী বৈঠক

হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় জিলাৰ জিলা আয়ুক্ত বিক্ৰম কৈৰীয়ে ডিব্ৰুগড় চহৰৰ কৃত্ৰিম বানপানী সন্দৰ্ভত জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত এখনি জৰুৰী সভাৰ আহ্বান কৰে। জিলা আয়ুক্তই ডিব্ৰুগড় চহৰৰ বিভিন্ন স্থানত উদ্ভৱ হোৱা কৃতিম বান পৰিস্থিতিৰ সবিশেষ বুজ লোৱাৰ লগতে ইয়াৰ কাৰণসমূহৰ বিষয়েও বিতংভাৱে আলোচনা কৰে। জিলা আয়ুক্তই ডিব্ৰুগড় চহৰৰ নলা-নৰ্দমাসমূহ নিয়মিতৰূপে চাফা কৰাৰ লগতে প্ৰয়োজন সাপেক্ষে নলাসমূহ খনন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ইয়াৰ লগতে তেওঁ বিভিন্ন স্থানত বন্ধ হৈ থকা কালভাৰ্টসমূহ পৰিষ্কাৰ কৰিবলৈ আৰু নলা- নৰ্দমাসমূহত জাৱৰ জোথৰ পেলোৱা কাৰ্য বন্ধ কৰিবলৈ যাৱতীয় পদক্ষেপ লবৰ বাবে সংশ্লিষ্ট বিভাগক আহ্বান জনায়। এই সভাত ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডাঃ চৈকত পাত্ৰ, উপ-মেয়ৰ উজ্জল গগৈ, অতিৰিক্ত জিলা আয়ুক্ত সংঘমিত্ৰা বৰুৱা, অতিৰিক্ত জিলা আয়ুক্ত জিন্টু বৰা, অতিৰিক্ত জিলা আয়ুক্ত অসীম বৰগোহাঁই, ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ সভাপতি অসীম হাজৰিকা, সহকাৰী আয়ুক্ত সুপ্ৰিয়া বাউলাৰী, পৌৰ নিগমৰ কাৰ্যবাহী বিষয়া ন’ভাচ দাস, কাৰ্যবাহী বিষয়া (সংলগ্ন) সুকন্যা মুখাৰ্জী প্ৰমুখ্যে লোক নিৰ্মাণ (পথ) বিভাগ , জলসম্পদ বিভাগ, নগৰ আৰু গাওঁ পৰিকল্পনা বিভাগ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ বিষয়াবৰ্গ উপস্থিত থকাৰ লগতে ডিব্ৰুগড় পৌৰ নিগমৰ আটাইকেইটা ৱাৰ্ডৰ ৱাৰ্ড কমিচনাৰসকল এই সভাত উপস্থিত থাকে।