আশা – দুলাল বৰা

আশা 
দুলাল বৰা
বিশ্বনাথ চাৰিআলি
এবুকু প্নশ্নবোধৰে
এখন আজান হৃদয়
সজাল মৰমে পৰিচয়
দিব নোখোজা
প্ৰত্যাহ্বানিত মনৰ নিৰৱ আশা ।
সোঁতৰ বিপৰীতমুখী যাত্ৰা মাথোঁ তাৰ
তথাপিও টানকৈ ধৰা ব’ঠাৰ মুঠিত
জীৱন জীয়াৰ হাবিয়াস ।
নেদেখা পথত সপোনৰ সৌধ সাজি
বিবৰ্ণ, বিনষ্টতাৰ অলংকাৰ পিন্ধি
আজিও সি মুক্ত নহয়
তথাপিও হেঁপাহৰ মানসকুঞ্জত বিছাৰি ফুৰে
ফল্গূধাৰাৰ স্নেহময়ী পোহৰ  ।