ডিব্ৰুগড়ত বিশিষ্ট সাহিত্যিক, সাংবাদিক হোমেন বৰগোহাঞিৰ ‘কৰুণাধাৰা’ ৰ স্মৰণ-বক্তৃতানুষ্ঠান 

ডিব্ৰুগড়ত বিশিষ্ট সাহিত্যিক, সাংবাদিক হোমেন বৰগোহাঞিৰ ‘কৰুণাধাৰা’ ৰ স্মৰণ-বক্তৃতানুষ্ঠান 
এম হাছিম আলী, ডিব্ৰুগড়, ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যখনৰ প্ৰথিতযশা সাহিত্যিক-সাংবাদিক, কথাশিল্পী,গল্পকাৰ তথা ‘কৰুণাধাৰা’ৰ স্ৰষ্টা হোমেন বৰগোহাঞিদেৱৰ তৃতীয় মৃত্যু বাৰ্ষিকী উপলক্ষে ‘কৰুণাধাৰা’ৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত যোৱা ১২ মে’ তাৰিখে ডিব্ৰুগড় জিলা উন্নয়ন প্ৰাধিকৰণৰ ‘জাগৃতি প্ৰেক্ষাগৃহ’ত ‘হোমেন বৰগোহাঞি স্মাৰক বক্তৃতানুষ্ঠান’ৰ আয়োজন কৰা হয়৷ ‘হোমেন বৰগোহাঞিৰ সমাজ কল্যাণমূলক কৰ্মৰাজিঃ এক অৱলোকন৷’ শীৰ্ষক বক্তৃতাটি প্ৰদান কৰে লখিমপুৰৰ বিশিষ্ট সাংবাদিক, লেখক শৈলেন বৰুৱাই। তেওঁ কয় যে হোমেন বৰগোহাঞি প্ৰথম পৰ্যায়ত চাৰিবেৰৰ মাজত আৱদ্ধ এজন বুদ্ধিজীৱী আছিল যদিও পৰৱৰ্তী পৰ্যায়ত তেখেতে এক্টিভিষ্ট হিচাপে ৰাজপথলৈ ওলাল, সাহিত্য সভাৰ সভাপতি হিচাপে ৰাজ্যৰ ইমুৰৰ  পৰা সিমূৰলৈ ঘূৰিবলৈ ধৰিলে, তেতিয়াৰ পৰাই সমাজৰ সৰু-বৰ সকলো মানুহৰ লগত এক নিবিড় সম্পৰ্ক গঢ় লৈ উঠিল আৰু সমাজৰ সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থতে তেখেতে কল্যাণমূলক কাম আৰম্ভ কৰে আৰু সমান্তৰালকৈ প্ৰতিভা চিনাক্ত কৰি উপযুক্ত অভিভাৱকত্বৰে সমাজক উজ্জ্বীৱিতকৰণেৰে ওৰেটো জীৱন উচ্ছৰ্গা কৰি গ’ল৷ বৰগোহাঁইয়ে ৰাজনৈতিক লেখাৰে সমাজ সেৱা, স্বাস্থ্য সচেতনতামূলক লেখাৰে সমাজ সেৱা, আৰ্তজনলৈ মানৱীয়  সমমৰ্মিতাৰ জড়িয়তে  চিনাক্তকৰণ আৰু ভৱিষ্যতৰ উৎকৰ্ষ সাধনৰ কাৰণে  ‘কৰুণাধাৰা’ৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি ডাঃ প্ৰণয় ফুকনৰ পৌৰোহিত্যত অনুষ্ঠিত অনুুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি প্ৰথিতযশা বিশিষ্ট সাহিত্যিক, সাহিত্য একাডেমী ফেল’ , অসম সাহিত্য সভাৰ প্ৰাক্তন  সভাপতি ড॰ নগেন শইকীয়াই বৰগোহাঞিৰ স’তে লাভ কৰা জীৱনৰ বিভিন্ন বিৰল মূহূৰ্তৰ কথা উল্লেখ কৰি কয় যে বৰগোহাঁই  সচাঁ অৰ্থত  আছিল মহাভাৰত স্বৰূপ। আধুনিক সাহিত্যত এক নতুন মাত্ৰা দি গ’ল হোমেন বৰগোহাঞিয়ে৷ তেখেতৰ লেখা-মেলাত পশ্চিমীয়া প্ৰভাৱ দেখা যায়৷ বৰগোহাঞিৰ সম্পাদিত ‘সাপ্তাহিক নীলাচল’ কাকতত ডিব্ৰুগড়ৰ পৰা লেখা-মেলাৰ দায়িত্ব পালন কৰাৰ কথাও শইকীয়াই শ্ৰদ্ধাৰে স্মৰণ কৰে৷ আনহাতে এই অনুষ্ঠানত পোনে পোনে কৰ্মস্থলি ৰাজস্থানৰ আহি সভাত অতিথি হিচাপে উপস্থিত থাকি প্ৰয়াত বৰগোহাঞিৰ জ্যেষ্ঠ পুত্ৰ অনিন্দ্য বৰগোহাঞিয়ে পিতৃৰ জীৱনৰ নিৰ্ভীকতাৰ যি গুণ তাক উল্লেখ কৰি কয় যে ‘নীলাচল’ত কাম কৰি থকাৰ সময়ত তেওঁ ভাবুকিৰ সন্মুখীন হৈছিল৷ কাৰোবাৰ নিৰ্দেশত কাম কৰা বিধৰ লোক তেওঁ নাছিল৷ জেপত সদায়েই তেওঁ এখন পদত্যাগ পত্ৰ হাতত ৰাখিছিল৷ সেইদৰে তেওঁ সকলো লোভ-মোহৰ পৰা আঁতৰি থাকিছিল৷ সেয়ে মৃত্যুপৰ্যন্ত এটা নিজা ঘৰ, এখন গাড়ী পৰ্যন্ত  তেওঁৰ নাছিল৷ নিয়মানুৱৰ্তিতা আৰু সময়ানুৱৰ্তিতা মানি চলা এগৰাকী লোক আছিল বুলিও অভিহিত কৰি বৰগোহাঞিয়ে অসমীয়া সাহিত্য জগতৰ বাবে শতাধিক লেখক-লেখিকাক প্ৰতিষ্ঠা কৰিছিল বুলিও বক্তব্যত উল্লেখ কৰে৷ অনুষ্ঠানত ‘হোমেন বৰগোহাঞিক মই যিদৰে জানিছিলোঁ’ শীৰ্ষক বিষয়ক বক্তব্য আগবঢ়াই বিশিষ্ট লেখক ডাঃ নিৰ্মল চাহেৱালাই কয় যে বৰগোহাঞি আছিল এগৰাকী মানসিক ৰোগ বিশেষজ্ঞ ৷ যিকোনো লোকৰ সমস্যা নিমিষতে সমাধান কৰি দিয়াৰ অনেক উদাহৰণ আছে৷ তেওঁৰ প্ৰত্যেকটো কাম নিখুঁত৷ যিয়েই কাম নকৰক কিয় তেওঁ সদায় হৃদয় উজাৰি কৰিছিল আৰু আনকো কৰিবলৈ পৰামৰ্শ দিছিল৷ ‘কৰুণাধাৰা’ৰ জিলা সমিতিৰ যুটীয়া সম্পাদক নকুল খাউন্দ, কোষাধ্যক্ষ সমীৰ কুমাৰ শৰ্মাকে ধৰি চহৰখনৰ বৌদ্ধিক জগতৰ শতাধিক ব্যক্তি উপস্থিত থকা উক্ত অনুষ্ঠানত আৰ্তজনৰ অনুষ্ঠান ‘কৰুণাধাৰা’ৰ কৰ্মৰাজিৰ সম্পৰ্কত বিস্তৃতভাৱে আলোকপাত কৰি বক্তব্য আগবঢ়ায় ‘কৰুণাধাৰা’ৰ কেন্দ্ৰীয় সমিতিৰ ন্যাসৰক্ষী তথা অৱসৰী শীৰ্ষ আৰক্ষী বিষয়া দেৱজিৎ হাজৰিকাই৷ অনুষ্ঠানত বিশিষ্ট কবি ড॰ কৰবী ডেকা হাজৰিকা, প্ৰাপ্তি [সুকন্যা কৌশিক] য়েও বৰগোহাঞিৰ সান্নিধ্যৰ কথা স্মৰণ কৰি বক্তব্য আগবঢ়ায়৷ ‘কৰুণাধাৰা’ৰ ডিব্ৰুগড় জিলা সমিতিৰ কাৰ্যকৰী সভাপতি জ্যোতিশংকৰ চলিহাই আঁতধৰা আৰু যুটীয়া সম্পাদক ৰতন হাজৰিকাই শলাগ জ্ঞাপন কৰা অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৰ্থনীতি অৱসৰী অধ্যাপক ক্ষিৰোদ শইকীয়াই ‘কৰুণাধাৰা’লৈ দহ হেজাৰ টকাৰ সাহায্য প্ৰদানৰ কথা ঘোষণা কৰে৷