স্বাৰ্থ – অনিতা গগৈ

স্বাৰ্থ

অনিতা গগৈ,নগাঁও

:হঠাতে বাবোৱে ককাকক দেখি দৌৰি ককাকৰ কোচত উঠি গালদুখন পিটিকি দিলে ৷ ককায়েও মৰম কৰিবলৈ ধৰিলে ৷
:হেৰা খবৰ নিদিয়াকৈ যে দেউতা ওলালহি ?
:পুতেকৰ ঘৰলৈহে আহিছে কিয় খবৰ দিব লাগে ৷
:মোৰ আজি মিটিং আছে মই সময় দিব নোৱাৰিম ৷
:হ’ব তেনেহলে কিবা এটা কৰিব লাগিব।
:অ’ তোমাক ক’বলৈ পাহৰিছিলো আমাৰ বাবোক চোৱা- চিতা কৰা আয়াজনী এসপ্তাহ বোলে আহিব নোৱাৰে ৷
:হা এতিয়া কি হব ৷ এইসপ্তাহ দেউতাক ইয়াতে থাকিবলৈ ক’বা ৷